ৰেল মন্ত্ৰালয়

অনলাইন ৰেলৱে টিকট বুকিঙৰ অৰ্থে উন্নত ই-টিকেটিং ৱেবচাইট ও ম’বাইল এপ মুকলি ভাৰতীয় ৰেলৱেৰ

আজি “উন্নত-পৰ্যায়”ৰ সা-সুবিধা আগবঢ়োৱা ৱেবচাইট ও এপ মুকলি কৰিলে ৰেলৱে আৰু বাণিজ্য ও উদ্যোগ আৰু উপভোক্তা পৰিক্ৰমা, খাদ্য ও ৰাজহুৱা
বিতৰণৰ মাননীয় মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে
যাত্ৰীসকললৈ নৱ বৰ্ষৰ উপহাৰ

সৰ্ব প্ৰথমবাৰৰ বাবে নতুন ইউজাৰ নিজস্বকৰণ বৈশিষ্ট্য ইউজাৰ লগইনত অন্তৰ্ভুক্ত
ক’ৰোনা সৃষ্ট প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে সংগ্ৰামেৰে বিজয় নিশ্চিত কৰা আৰু ৰেলৱেক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাত ৰেল পৰিবাৰৰ বৰঙণিক শলাগ মন্ত্ৰীৰ। একে দিশতে আইআৰচিটিচি ৰ প্ৰচেষ্টা

আইআৰচিটিচি এ গ্ৰাহকৰ প্ৰয়োজনীয়তা আৰু ৱেবচাইটটোৰ পৰৱৰ্তী উন্নয়নৰ অৰ্থে কাম কৰাত গুৰুত্ব আৰোপ আৰু ডিজিটেল ইণ্ডিয়া অভিযান আৰু প্ৰধানমন্ত্ৰীৰ দৃষ্টি অনুসৰি বিশ্বত দ্বিতীয় পাবলৈ নোহোৱাটো নিশ্চিত কৰিব লাগে – শ্ৰী পীয়ূষ গোৱেল

আহাৰ, ৰিটায়াৰিং কক্ষ আৰু হোটেলৰ বুকিং সংহত কৰা হৈছে আৰু টিকটৰ সৈতে পোনপটীয়াভাৱে লাভ কৰিব পাৰি

যাত্ৰীসকললৈ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰেৰে ভৱিষ্যদ্বাণীমূলক প্ৰৱেশ পৰামৰ্শ আগবঢ়োৱা হৈছে

ইউজাৰ একাউন্ট পেজত ৰিফাণ্ড স্থিতিৰ সুচল পৰীক্ষণ

স্বয়ংক্ৰিয়ভাৱে সংযোগী সৱিশেষত প্ৰৱেশৰদ্বাৰা ‘নিয়মীয়া’ বা ‘প্ৰিয়’ ভ্ৰমণ সহ

Posted On: 31 DEC 2020 1:53PM by PIB Guwahati

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘ডিজিটেল ইণ্ডিয়া’ৰ দৃষ্টি অনুসৰণ কৰি, ভাৰতীয় ৰেলৱেয়ে ‘অনলাইন’ত ৰেলৱে টিকট বুকিঙৰ অৰ্থে ব্যৱহৃত ইয়াৰ ই-টিকেটিং ৱেবচাইট www.irctc.co.in আৰু আইআৰচিটিচি ৰেল কানেক্ট ম’বাইল এপ সংশোধিত ও উন্নীত কৰি তুলিছে।

এই উন্নত-পৰ্যায়ৰ সা-সুবিধা আগবঢ়োৱা উন্নীত ই-টিকেটিং ৱেবচাইট ও এপটো আজি ৩১ ডিচেম্বৰত ৰেলৱে আৰু বাণিজ্য ও উদ্যোগ আৰু উপভোক্তা পৰিক্ৰমা, খাদ্য ও ৰাজহুৱা বিতৰণৰ মাননীয় মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে মুকলি কৰে। এয়া হৈছে সকলো যাত্ৰীলৈ ৰেলৱেৰ নৱ বৰ্ষৰ উপহাৰ।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, তেওঁ কয় “ৰাষ্ট্ৰখনক সেৱা আগবঢ়াবলৈ ৰেলৱে অংগীকাৰবদ্ধ আৰু ৰেল যাত্ৰাৰ অভিজ্ঞতাৰ অগ্ৰগতি সাধনৰ অৰ্থে ইয়াৰ সেৱাসমূহ উন্নত কৰি তুলিবলৈ নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। অনলাইন ৰেলৱে টিকট বুকিঙৰ অৰ্থে এই উন্নীত ই-টিকেটিং প্লেটফৰ্মে, যাত্ৰীৰ সন্তুষ্টি বৃদ্ধি কৰি তুলিব।“ তেওঁ কয় যে আইআৰচিটিচি এ ৱেবচাইটটোৰ পৰৱৰ্তী উন্নয়নৰ অৰ্থে কাম কৰাত গুৰুত্ব আৰোপ আৰু ডিজিটেল ইণ্ডিয়া অভিযান আৰু প্ৰধানমন্ত্ৰীৰ দৃষ্টি অনুসৰি বিশ্বত দ্বিতীয় পাবলৈ নোহোৱাটো নিশ্চিত কৰিব লাগে।

ভাৰতীয় ৰেলৱেৰ টিকট বুকিঙৰ অৰ্থে ই-টিকেটিং সেৱাঃ

২০১৪ ত, আইআৰচিটিচিৰ জৰিয়তে নিৰৱচ্ছিন্ন ই-টিকেটিং সেৱা- হায়াৰ বুকিং ল’ড আৰু উন্নত ইউজাৰ ইন্টাৰফেচ আগবঢ়াবলৈ পৰৱৰ্তী প্ৰজন্মৰ ই-টিকেটিং (NGeT) চিষ্টেমৰ শুভাৰম্ভণি কৰা হৈছিল। এই উন্নীত ই-টিকেটিং ৱেবচাইট ও এপে ৰেল ব্যৱহাৰকাৰীসকললৈ পৰৱৰ্তী স্তৰৰ সেৱা আৰু অভিজ্ঞতা আগবঢ়াব।

বৈশিষ্ট্যসমূহৰ উন্নতিসাধনৰ অৰ্থে গ্ৰাহকৰ অভিজ্ঞতাক গুৰুত্ব আৰোপ কৰি অহা হৈছেঃ

ৰেল টিকট বুকিঙৰ অৰ্থে এই নতুন বিশ্ব মানৰ ৱেবচাইটটোৰ ডিজাইনত ৰেলৱে গ্ৰাহকসকলক গুৰুত্ব আৰোপ কৰা হৈছে। অহৰহ ভ্ৰমণ অভিজ্ঞতাৰ অৰ্থে অনুকূলন, বুকিঙৰ অৰ্থে ওৱান ষ্টপ ট্ৰেইন বাছনি আৰু টিকটৰ সৈতে আহাৰ ও আশ্ৰয়ৰ অৰ্থে সংহত বুকিঙকে ধৰি সৰ্ব প্ৰথমবাৰৰ বাবে নতুন ইউজাৰ নিজস্বকৰণ বৈশিষ্ট্য ইউজাৰ লগইনত অন্তৰ্ভুক্ত কৰা হৈছে।

উন্নীত ৱেবচাইটটোৰ মূল বৈশিষ্ট্যৰাজিঃ

  • ইউজাৰ লগইনৰ সৈতে সম্পূৰ্ণ ইউজাৰ নিজস্বকৰণ সংযোজিত কৰা হৈছে, যথা
  • আহাৰ, ৰিটায়াৰিং কক্ষ আৰু হোটেলৰ বুকিং সংহত কৰা হৈছে আৰু টিকটৰ সৈতে পোনপটীয়াভাৱে লাভ কৰিব পাৰি, ই ভ্ৰমণকাৰীসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি ওৱান ষ্টপ চলুশ্যন আগবঢ়াইছে।
  • ষ্টেচনত যাত্ৰীয়ে প্ৰৱেশ কৰোতে তেওঁলোকলৈ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰেৰে ভৱিষ্যদ্বাণীমূলক প্ৰৱেশ পৰামৰ্শ আগবঢ়োৱা হৈছে। ই ষ্টেচনৰ অনুসন্ধানত বিস্তৃতভাৱে অসুবিধা দূৰ কৰিব আৰু তদুপৰি টিকট বুকিঙৰ সময় ৰাহি কৰিব।
  • ইউজাৰ একাউন্ট পেজত ৰিফাণ্ড স্থিতিৰ সুচল পৰীক্ষণ। পূৰ্বে এই বৈশিষ্ট্য সহজতে সুগম হোৱা নাছিল।
  • স্বয়ংক্ৰিয়ভাৱে সংযোগী সৱিশেষত প্ৰৱেশৰদ্বাৰা নিয়মীয়া বা প্ৰিয় ভ্ৰমণ সহজতে বুক কৰিব পাৰি।
  • যাত্ৰীসকলে ব্যৱহাৰ কৰা সময় হ্ৰাস আৰু বুকিং অভিজ্ঞতা বৃদ্ধিৰ অৰ্থে এটা পৃষ্ঠাতে তথ্য প্ৰোথিত কৰি ট্ৰেইন অনুসন্ধান ও বাছনি সৰলীকৃত কৰা হৈছে।
  • এটা পৃষ্ঠাতে সকলো তথ্য-
    সকলো ট্ৰেইনৰ বাবে সংশ্লিষ্ট ভাড়াৰ সৈতে সকলো শ্ৰেণীৰ উপলব্ধতা প্ৰদৰ্শন কৰা যায়। সাৱধানে পৃষ্টাটো স্ক্ৰল কৰি আকাংক্ষিত ট্ৰেইন আৰু শ্ৰেণী বুক বাছনি কৰিব পাৰি।
    পূৰ্বে প্ৰতিখন ট্ৰেইনৰ আসনৰ উপলব্ধতা আৰু ভাড়া মাত্ৰ এককভাৱে সেই ট্ৰেইনখনত ক্লিকিঙৰ পাছতহে প্ৰত্যক্ষ কৰিবপৰা হৈছিল।
  • উপলব্ধতা স্থিতি আগবঢ়াবলৈ বেকএণ্ডত এটা ‘কেচ চিষ্টেম’ প্ৰৱৰ্তন কৰা হৈছে। ই ল’ডিঙত উপলব্ধতাত পলম নোহোৱা কৰিব।
  • ৱেইটলিষ্টেড টিকটৰ ক্ষেত্ৰত, ইয়াৰ ‘নিশ্চিতিৰ সম্ভাৱনা’ প্ৰদৰ্শিত হয়। পূৰ্বে প্ৰতি ৱেইটলিষ্ট স্থিতি পৃথকভাৱে পৰীক্ষা কৰা হৈছিল।
  • এই পৃষ্ঠাতে আন তাৰিখৰ বাবে উপলব্ধতা প্ৰত্যক্ষ কৰিব পাৰি।
  • কম্পিউটাৰ ব্যৱহাৰৰ কম অভিজ্ঞতা থকা ইউজাৰৰ বাবে সহজ কৰি তুলিবলৈ বুকিং প্ৰক্ৰিয়াটোত প্ৰোৎসাহনৰ ব্যৱস্থা ৰখা হৈছে। ই ৱেবচাইটটো ব্যৱহাৰৰ ক্ষেত্ৰত ৱেবচাইটটো ব্যৱহাৰৰ সময় হ্ৰাস কৰিব।
  • পেমেন্ট পৃষ্ঠাটো তদুপৰি যাত্ৰাৰ সৱিশেষ প্ৰদৰ্শন কৰা হ’ব। কোনো বানান আৰু অন্যান্য ক্ৰুটিৰ ক্ষেত্ৰত পৰীক্ষা কৰিবলৈ ই ইউজাৰক প্ৰোৎসাহিত কৰিব। কেৱল পিআৰএছ চেন্টাৰলৈ গৈ এই ভুলবোৰ শুধৰণি কৰিব পাৰি।
  • যথোপযুক্ত ক্যাপচা ব্যৱহাৰৰ দ্বাৰা চাইবাৰ সুৰক্ষা বৃদ্ধিৰ অৰ্থে ৱেবচাইটটোত বৈশিষ্ট্য সংযুক্ত কৰা হৈছে।

উন্নত শ্ৰেণীৰ বৈশিষ্ট্যৰাজিঃ

এই উন্নীত আৰু বৰ্ধিত ই-টিকেটিং ৱেবচাইট ও ম’বাইল এপৰ জৰিয়তে আন ভিন্ন অনলাইন ট্ৰেভেল আৰু টিকেটিং ৱেবচাইটৰ মাজত উন্নত মানৰ ইউজাৰ অভিজ্ঞতা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

এই বৈশিষ্ট্যৰাজিৰ স্তৰ আন টিকেটিং ৱেবচাইটসমূহৰদ্বাৰা সম্প্ৰতি আগবঢ়াই থকাতকৈ অধিক উন্নত হ’ব। বহু সংখ্যক ৱেবচাইটত, ষ্টেচন অনুসন্ধান প্ৰৱেশ এতিয়াও বৰ্ণানুক্ৰমিক হৈ আছে, উপলব্ধতাৰ স্থিতি হয় তাত নহয় বা সময়ৰ ক্ষেত্ৰত পুৰণি হৈ আছে। তদুপৰি, এই উন্নীত ই-টিকেটিং ৱেবচাইটত থকা ও খোৱাৰ বাবে সংহত বুকিঙৰ সন্তুষ্টি অতুলনীয়।

বৰ্তমান, আইআৰচিটিচিৰ এই ই-টিকেটিং ৱেবচাইটোৰ ৬ কোটিৰো অধিক সক্ৰিয় ইউজাৰ আছে, দৈনিক ৮ লাখৰো অধিক টিকট বুক কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এই অনলাইন চিষ্টেমৰ জৰিয়তে মুঠ সংৰক্ষিত ৰেলৱে টিকটৰ প্ৰায় ৮৩% বুক কৰা হয়।

সন্মুখৰ পথঃ

পোনপটীয়া ট্ৰেইন নথকা ষ্টেচন যুটিৰ মাজত বিকল্প পথত সংযোগী ট্ৰেইন বুক কৰিবলৈ ‘স্মাৰ্ট বুকিং’ প্ৰৱৰ্তনৰ অৰ্থে আইআৰচিটিচি ও চিআৰআইএছ এ কাম কৰি আহিছে।

ৰেলৱেৰ ই-টিকেটিং সেৱাৰ অহৰহ অগ্ৰগতি সাধনৰ অৰ্থে ই অংগীকাৰবদ্ধ।

এই উন্নীত ৱেবচাইট আৰু নতুন এপ মুকলি কৰি, মন্ত্ৰীজনে কৰোনা সৃষ্ট প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে সংগ্ৰামেৰে বিজয় নিশ্চিত কৰা আৰু ৰেলৱেক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাত ৰেল পৰিবাৰৰ বৰঙণিক শলাগ লয়। একে দিশতে আইআৰচিটিচি এ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।

*****

DJN/MKV/SB



(Release ID: 1685286) Visitor Counter : 169