স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
অহা ৭ জানুৱাৰীলৈকে ব্রিটেইন আৰু ভাৰতৰ মাজত বিমান চলাচল সাময়িকভাবে বন্ধৰ পৰামৰ্শ স্বাস্থ্য মন্ত্ৰালয়
কেন্দ্রীয় স্বাস্থ্য সচিবে সকলো ৰাজ্য চৰকাৰক নতুন বছৰ উদযাপনৰ সময়ত ‘ছুপাৰ স্প্ৰেডাৰ’ ৰোধ কৰিবলৈ সুক্ষ্ম পর্যবেক্ষণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে
प्रविष्टि तिथि:
30 DEC 2020 11:39AM by PIB Guwahati
ব্রিটেইন আৰু ভাৰতৰ মাজত বিমান চলাচল বন্ধৰ ম্যাদ অহা ৭ জানুৱাৰী, ২০২১লৈকে বৃদ্ধি কৰা হৈছে। এই সংক্রান্ত্ৰীয় পৰামৰ্শ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছে।
ৰাষ্ট্ৰীয় টাস্কফৰ্চ আৰু নিটী আয়োগৰ যুটীয়া পর্যবেক্ষণ সমিতিৰ পৰামর্শৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সেই সমিতিৰ পৰামৰ্শ অনুসৰি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক স্বাস্থ্য মন্ত্ৰালয়ে পৰামর্শ দিয়ে যে ৭ জানুৱাৰীৰ পাছত ব্রিটেইন আৰু ভাৰতৰ মাজত সীমিত সংখ্যক বিমান চলাচল কৰাৰ অনুমতি দিব পাৰে৷ অৱশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰামর্শৰ ভিত্তিতহে এয়া সম্ভৱ।
কেন্দ্রীয় স্বাস্থ্য সচিবে তেওঁৰ পত্রত প্রতিখন ৰাজ্য চৰকাৰক ক’ৰোনা সংক্রমণ প্রতিৰোধত প্রয়োজনীয় পদক্ষেপ গ্ৰহণৰ লগতে নতুন বছৰত যাতে সেয়া আৰু অধিক বিয়পি নপৰে, সেইবাবে সুক্ষ্ম পর্যবেক্ষণ কৰাৰ পৰামর্শ দিয়ে৷
পৰিস্থিতি অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক স্থানীয় পৰ্যায়ত কঠোৰ নিৰীক্ষণৰ লগতে প্রয়োজনীয় সংক্রমণ প্রতিৰোধত নৈশ সান্ধ্য আইন ঘোষণা কৰাৰ পৰামর্শ দিয়া হৈছে।
গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা অৱশ্য দুখন ৰাজ্যৰ মাজত সাধাৰণ জনতাৰ যাতায়াত, সামগ্ৰী পৰিবহণ আৰু যান-বাহন চলাচলৰ ক্ষেত্রত কোনো ধৰণৰ নিষেধাজ্ঞা নাই। সেয়েহে, স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা ৩১ ডিচেম্বৰ, ২০২০ আৰু ১ জানুৱাৰী, ২০২১ৰ সমাগম এৰি চলাৰ প্রয়োজনীয় ব্যৱস্থা ল’বলৈ ৰাজ্যসমূহক কোৱা হৈছে।
*****
MV/SJ/DB
(रिलीज़ आईडी: 1685016)
आगंतुक पटल : 249
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam