কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
দেশত ইথানল উৎপাদন ক্ষমতা বৃদ্ধি সংশোধিত আঁচনিত অনুমোদন কেবিনেটৰ মাকৈ, কুঁহিয়াৰৰ ৰস, চেনিৰ ছিৰাপ আৰু চেনিৰ পৰা ইথানল উৎপাদনত অনুমতি প্ৰদানৰ ফলত কৃষকসকলৰ উপাৰ্জন বৃদ্ধি পাব
বৃহৎ সংখ্যক কৃষক উপকৃত হোৱাকৈ চৰকাৰে এফচিআইত উপলব্ধ মাকৈ আৰু চাউলৰ পৰা ইথানল উৎপাদনত উৎসাহ যোগাইছে
চৰকাৰে পেট্ৰ’লত ২০২২ চনৰ ভিতৰত ১০% ইথানল মিশ্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ ইয়াৰ জৰিয়তে আমাৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ লগতে তেওঁলোকৰ জীৱিকা উন্নত কৰিব
চৰকাৰে পেট্ৰ’লত ২০২২ চনৰ ভিতৰত ১০%, ২০২৬ চনত ১৫% আৰু ২০৩০ চনৰ ভিতৰত ২০% ইথানল মিশ্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে
অতিৰিক্ত কুঁহিয়াৰ আৰু চেনিৰ বৈচিত্র্যকৰণৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্তই কৃষকসকলৰ বকেয়া ধন প্ৰদানত সদায় কৰিব
বিগত ৬ বছৰত গুৰভিত্তিক মিশ্রণাগাৰসমূহত ইথানল মিশ্রণৰ পৰিমাণ দুগুণ বৃদ্ধি হৈ ৪২৬ কোটি লিটাৰ হৈছে, ফলত কুঁহিয়াৰৰ খেতিয়কসকল উপকৃত হৈছে
Posted On:
30 DEC 2020 3:44PM by PIB Guwahati
২০১০-১১ চেনি উৎপাদন বতৰৰ পৰাই দেশত চাহিদাৰ তুলনাত অধিক চেনিৰ উৎপাদন হৈ আহিছে। কেৱল ২০১৬-১৭ চেনি উৎপাদনৰ বতৰত খৰাংজনিত পৰিস্থিতিৰ বাবে উৎপাদন হ্রাস পায়। উন্নত প্রজাতিৰ কুঁহিয়াৰ খেতিৰ ফলত অহা বছৰসমূহত দেশত অধিক পৰিমাণে চেনিৰ উৎপাদন ব্ৰতী থাকিব বুলি ধাৰণা কৰা হৈছে। চেনি উপাদনৰ বতৰত (অক্টোবৰ-ছেপ্টেম্বৰ) প্রায় ৩.২০ কোটি মেট্রিক টনৰ চেনি উৎপাদন হয়। আনহাতে, দেশত চেনিৰ চাহিদাৰ পৰিমাণ ২.৬০ কোটি মেট্রিক টন। ইয়াৰ ফলত চেনি উপাদনৰ বতৰত প্রায় ৬০ লাখ মেট্রিক টন চেনি ৰাহি হয়৷ ইয়াৰ ফলত চেনিকলসমূহৰ ওপৰত বকেয়া পুৰণত অতিৰিক্ত চাপ পৰে৷ তদুপৰি, অতিৰিক্ত এই ৬০ লাখ মেট্রিক টন চেনি বিক্ৰী নোহোৱাকৈ থাকি যায়৷ অৰ্থাৎ প্রায় ১৯,০০০ কোটি টকা চেনিকলসমূহৰ বকেয়া থাকে৷ ইয়াৰ ফলস্বৰূপে কুঁহিয়াৰ খেতিয়কসকলৰ বকেয়াও বাঢ়ি থাকে আৰু তেওঁলোকে চেনিকলসমূহত প্রাপ্য ধন পুৰাব নোৱাৰে৷ অতিৰিক্ত এই চেনিৰ সদ্ব্যৱহাৰত চেনিকলসমূহে চেনি ৰপ্তানি কৰি বা চৰকাৰে ৰপ্তানিত চেনিকলসমূহক আর্থিক সাহায্য আগবঢ়াব৷ এফালে, বিশ্ব বাণিজ্য সংস্থাৰ চুক্তি অনুসৰি এক উন্নয়নশীল ৰাষ্ট্র হিচাপে ভাৰতে ২০২৩লৈকে আর্থিক সহায় প্রদানৰ জৰিয়তে চেনি ৰপ্তানি কৰিব পাৰিব৷
সেয়েহে, চৰকাৰে অতিৰিক্ত কুঁহিয়াৰ আৰু চেনিৰ বৈচিত্র্যকৰণৰ সিদ্ধান্ত লৈছে, যাতে চেনিৰ নির্যাসৰ পৰা প্রাপ্ত ইথানল উৎপাদনৰ জৰিয়তে অতিৰিক্ত চেনিৰ সদ্ব্যৱহাৰ কৰিব পৰা যায়৷ ইয়াৰ ফলত এফালে যেনেকৈ নগদ প্রবাহ বৃদ্ধি পাব, আনফালে চেনিকলসমূহো অতিৰিক্ত মজুত ভাণ্ডাৰ হ্ৰাস কৰি পেলাই ইথানল উৎপাদনৰ জৰিয়তে বকেয়া ধন কৃষকসকলে পুৰাবলৈ সক্ষম হ’ব৷ স্বাভাৱিকতে পৰৱৰ্তী বছৰসমূহতো চেনিকলসমূহো চলি থাকিব।
চৰকাৰে পেট্ৰ’লত ২০২২ চনৰ ভিতৰত ১০%, ২০২৬ চনত ১৫% আৰু ২০৩০ চনৰ ভিতৰত ২০% ইথানল মিশ্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চেনি খণ্ডক প্রয়োজনীয় সহায় আৰু কুঁহিয়াৰ খেতিয়কসকলৰ স্বার্থ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ‘খ’ শ্রেণীৰ গধূৰ গুৰ, কুঁহিয়াৰৰ ৰস, চেনিৰ ছিৰাপ আৰু চেনিৰ পৰা ইথানল উৎপাদনত অনুমতি প্ৰদান কৰিছে। ২০২০-২১ ইথানল যোগান বর্ষত চৰকাৰে চেনিকলৰ পৰা উৎপাদিত ইথানলৰ মূল্য বৃদ্ধি কৰিছে।
ইন্ধন উপযোগী ইথানল উৎপাদনৰ পৰিমাণ বৃদ্ধিত চৰকাৰে চাউল আৰু মাকৈৰ পৰা ইথানল উৎপাদনত বিভিন্ন সংস্থাক উৎসাহিত কৰছে। তদুপৰি, চাউল আৰু মাকৈৰ পৰা উৎপাদিত ইথানলৰ লাভজনক দামো চৰকাৰে স্থিৰ কৰিছে।
চৰকাৰে ২০২৫ চনৰ ভিতৰত ২০% ইথানল উৎপাদনৰ পৰিকল্পনা লৈছে। অৱশ্যে, বর্তমান দেশত ইথানল মিশ্রণৰ ক্ষমতা পর্যাপ্ত নহয়। এনে পৰিপ্রেক্ষিতত পেট্ৰ’লত ইথানল মিশ্ৰণ প্রক্রিয়াৰ বাবে তেল বিপণন কোম্পানীসমূহক অতিৰিক্ত চেনিৰ পৰা ইথানল উৎপাদনৰ বাবে যোগান ধৰা হৈছে। কেৱল চেনিৰ পৰা ইথানল উৎপাদনৰ জৰিয়তে পেট্ৰ’লত ইথানল মিশ্রণৰ লক্ষ্য পূৰণ কৰাটো সম্ভৱ নহয়। সেয়েহে, প্রথম প্রজন্মৰ ইথানল উৎপাদন প্রয়োজন। এই ধৰণৰ ইথানল উৎপাদনত শস্য দানাৰ প্রয়োজন হয়৷
চৰকাৰে এইক্ষেত্ৰত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেইবোৰ হৈছে-দেশত প্রথম প্রজন্মৰ ইথানল উৎপাদনৰ বাবে ইন্ধনত মিশ্রণ ক্ষমতা বৃদ্ধিৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ প্রয়োজনীয়তা আছে। সেয়েহে চৰকাৰে শস্য দানাভিত্তিক মিশ্রণাগাৰ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। যাতে ইথানল উৎপাদনৰ পৰিমাণ আৰু বৃদ্ধি কৰিব যায়। গুৰভিত্তিক নতুন মিশ্রণাগাৰ স্থাপন অথবা বর্তমান চলি থকা মিশ্রণাগাৰসমূহ সম্প্রসাৰণত অনুমতি দিয়া হৈছে। কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নীতি-নির্দেশনা অনুসৰি এইধৰণৰ মিশ্রণাগাৰ বা উৎপাদন ইউনিট স্থাপন কৰিব পাৰে৷
চৰকাৰে নতুন মিশ্রণাগাৰ স্থাপন বা এই ধৰণৰ উৎপাদন কেন্দ্রৰ সম্প্রসাৰণত গৃহীত ঋণৰ ওপৰত এবছৰৰ বন্ধকীৰ ৫ বছৰলৈকে সুদ ৰেহাইৰ সুবিধা বহন কৰিব৷ সেয়েহে, এই ধৰণৰ প্রকল্পত বার্ষিক ৬% সুদৰ হাৰত বেংকৰ পৰা ঋণ সহায় লাভ কৰিব৷ যিসমূহ ইথানল মিশ্রণ উৎপাদক কোম্পানীয়ে তেল বিপণন কোম্পানীক পেট্ৰ’লত ইথানল মিশ্রণৰ বাবে মুঠ উৎপাদিত পৰিমাণৰ ৭৫শতাংশলৈকে যোগান ধৰিব, কেৱল সেইবোৰেহে ঋণ ৰেহাইৰ এই সুবিধা ল’ব পাৰিব৷
প্রথম প্রজন্মৰ ইথানল উৎপাদনৰ পৰিমাণ বৃদ্ধিত চৰকাৰৰ এই পদক্ষেপৰ ফলত দেশত এফালে যেনেকৈ ইন্ধন হিচাপে ইথানলৰ ব্যৱহাৰত প্রসাৰ ঘটিব৷ আনফালে, প্ৰদূষণ বিহীন এক ইন্ধন হিচাপে ইথানলৰ ব্যৱহাৰ বৃদ্ধি পাব৷ ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্য বজাই ৰখা সম্ভৱ হ’ব আৰু তেল আমদানিত বৃহৎ পৰিমাণ ধন ৰাহি হ’ব৷ ফলত কৃষকৰ বকেয়াও সময়মতে পুৰণ কৰিব পৰা যাব।
মিশ্রণ ক্ষমতা আৰু মিশ্ৰণৰ পৰিমাণ বৃদ্ধিত বিগত ৬ বছৰত চৰকাৰৰ সাফল্যঃ
চৰকাৰে ২০২২চনৰ ভিতৰত মটৰগাড়ীৰ ইন্ধন হিচাপে ১০% ইথানল মিশ্রণৰ লক্ষ্য স্থিৰ কৰিছে। ২০৩০চনত ইন্ধনত ইথানল মিশ্রণৰ পৰিমাণ ২০%লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা আছে। ২০১৪ চনলৈকে ইথানল মিশ্রণৰ ক্ষমতা আছিল ২০০ কোটি লিটাৰতকৈও কম। অৱশ্যে, বিগত ৬ বছৰত গুৰভিত্তিক মিশ্রণাগাৰসমূহত ইথানল মিশ্রণৰ পৰিমাণ দুগুণ বৃদ্ধি হৈ ৪২৬ কোটি লিটাৰ হৈছে। সেয়েহে, মিশ্রণৰ নিৰ্ধাৰিত লক্ষ্য পূৰণত চৰকাৰে ২০২৪ চনৰ ভিতৰত দেশত ইথানল মিশ্রণ ক্ষমতা দুগুণ কৰাৰ যাৱতীয় প্ৰচেষ্টা গ্রহণ কৰিছে৷
মটৰগাড়ীৰ ইন্ধনত ইথানলৰ মিশ্রণ বৃদ্ধি পালে আমদানিকৃত জীৱাশ্ম ইন্ধনৰ ওপৰত নির্ভৰশীলতা হ্ৰাস পাব। ফলত বায়ু প্ৰদূষণ হ্রাস পাব৷ তদুপৰি, মিশ্রণ ক্ষমতা বৃদ্ধি অথবা নতুন মিশ্রণাগাৰ স্থাপনৰ ক্ষেত্রত বিনিয়োগৰ ফলত গ্রামাঞ্চলত কর্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’ব৷ এইবোৰে আত্মনির্ভৰ ভাৰতৰ উদ্দেশ্য পূৰণত সহায় কৰিব৷
******
DS/DB
(Release ID: 1684972)
Visitor Counter : 230
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam