প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দিল্লী মেট্ৰ'ৰ মেজেণ্টা লাইনত ভাৰতৰ প্ৰথমখন চালকবিহীন ট্ৰেইন পৰিচালন ব্যৱস্থা উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

লগতে বিমান বন্দৰ এক্সপ্ৰেছ লাইনত সম্পূৰ্ণৰূপে কাৰ্যকৰী ৰাষ্ট্ৰীয় কমন ম’বিলিটি কাৰ্ড সেৱা উদ্বোধন কৰে

নগৰায়নক প্ৰত্যাহ্বান হিচাপে নলৈ দেশত উন্নত আন্তঃগাঁথনি নিৰ্মাণ আৰু জীৱন যাপনৰ সহজতা বৃদ্ধি কৰাৰ সুযোগ হিচাপে ব্যৱহাৰ কৰা উচিতঃ প্ৰধানমন্ত্ৰী

বিভিন্ন প্ৰকাৰৰ মেট্ৰ'-আৰআৰটিএছ, মেটোলাইট, মেট্ৰ'নিঅ’ আৰু ৱাটাৰ মেট্ৰ’ত কাম কৰি থকা হৈছেঃ প্ৰধানমন্ত্ৰী

বিভিন্ন ক্ষেত্ৰত সেৱাসমূহ একত্ৰীকৰণৰ উদাহৰণ দাঙি ধৰিলে

Posted On: 28 DEC 2020 12:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দিল্লী মেট্ৰ' মেজেণ্টা লাইনত ভাৰতৰ প্ৰথমখন চালকবিহীন ট্ৰেইন পৰিচালন ব্যৱস্থা উদ্বোধন কৰে আজি দিল্লী মেট্ৰ' এয়াৰপ'ৰ্ট এক্সপ্ৰেছ লাইনৰাষ্ট্ৰীয় কমন বিলিটি কাৰ্ড সুবিধা আৰম্ভ কৰা হয়, যিটো যোৱা বছৰ হমেদাবাদত আৰম্ভ কৰা হৈছিল এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ পুৰী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰী অৰবিন্দ কেজৰিৱাল উপস্থিত আছিল

 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রীয়ে আজিৰ এই আয়োজন নগৰ উন্নয়নৰ ক্ষেত্রত সময়ৰ সৈতে খোজ মিলাই চলাৰ এক প্ৰচেষ্টা বুলি অভিহিত কৰে।তেওঁ কয়, ভবিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে দেশক প্রস্তুত কৰাটো প্রশাসনৰ এক অত্যন্ত গুৰুত্বপূর্ণ  দায়িত্ব। কেইবা দশক পূৰ্বে যেতিয়া নগৰায়নৰ চাহিদা অনুভূত হৈছিল তেতিয়া এই  বিষয়ত বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল বুলি তেওঁ ক্ষোভ প্রকাশ কৰে। সেই সময়ৰ কামসমূহত আন্তৰিকতা নাছিল আৰু বিভ্রান্তিকৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছিল। প্রধানমন্ত্রীয়ে কয়, আধুনিক চিন্তা-ভাৱনাত নগৰায়নক প্ৰত্যাহ্বান হিচাপে চোৱা নহয়, বৰং দেশৰ উন্নত আন্তঃগাঁথনি গঢ়ি তোলাৰ এক সুযোগ হিচাপে এইসমূহক কামত লগোৱা হয়। ইয়াৰ জৰিয়তে আমাৰ জীৱনযাত্রা সহজতৰ কৰি তুলিব পাৰি। তেওঁ যে চিন্তাৰ এই পাৰ্থক্য এতিয়া নগৰায়ন প্ৰতিটো ক্ষেত্ৰতে দেখা গৈছে তেওঁ লগতে কয় যে ২০১৪ চনত মাত্ৰ খন চহৰত মেট্ৰ' ৰে' আছিল আৰু আজি ১৮ খন চহৰত মেট্ৰ' ৰে' উপলব্ধ ২০২৫ চনৰ ভিতৰত আমি ইয়াক ২৫ৰো অধিক চহৰলৈ সম্প্ৰসাৰিত ৰিব পাৰিম ২০১৪ চনত দেশত কেৱল ২৪৮ কিলোমিটাৰ মেট্ৰ' লাইন কাৰ্যক্ষম আছিল আৰু আজি প্ৰায় তিনিগুণ, ৭০০ কিলোমিটাৰতকৈ অধিক ২০২৫ চনৰ ভিতৰত আমি ইয়াক ১৭০০ কিমিলৈ সম্প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰি আছো তেওঁ কয়, এইবোৰ কেৱল অংক নহয়, ইয়াৰ জৰিয়তে কোটি কোটি ভাৰতীয়ৰ সহজ জীৱন যাত্ৰাৰ প্ৰমাণ পোৱা যায় এইবোৰ কেৱল ইটা আৰু শিল, কংক্ৰিট আৰু লোৰে নিৰ্মিত আন্তঃগাঁথনি নহয়, এইবোৰ দেশৰ মধ্যবিত্ত শ্ৰেণীসহ সমগ্ৰ দেশৰ নাগৰিকৰ আকাংক্ষা পূৰণৰ উদাহৰণ

 

প্রধানমন্ত্রীয়ে কয়, চৰকাৰে প্রথমবাৰৰ বাবে মেট্ৰ' নীতি প্ৰস্তুত কৰিছে আৰু ইয়াক সকলোধৰণৰ বিষয় বিবেচনা কৰি বাস্তৱায়িত কৰা হৈছে। স্থানীয় চাহিদা, আঞ্চলিক মানদণ্ড ৰক্ষা কৰা, মেক ইন ইণ্ডিয়া কর্মসূচীৰ প্রসাৰ আৰু আধুনিক প্রযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি কাম কৰা হৈছে। তেওঁ যে মেট্ৰ' সম্প্ৰসাৰণ, পৰিবহনৰ আধুনিক প্ৰকাৰবোৰ চহৰৰ লোকসকলৰ প্ৰয়োজনীয়তা আৰু ইয়াত থকা বৃত্তিগত জীৱনশৈলী অনুসৰি ব্যৱহাৰ কৰিব লাগে এই বাবেই বিভিন্ন চহৰত বিভিন্ন প্ৰকাৰৰ মেট্ৰ' ৰে' নিৰ্মাণৰ কাম কৰা হৈছে

 

প্রধানমন্ত্রীয়ে অনুষ্ঠানত বিভিন্ন ধৰণৰ মেট্ৰ' ৰেলৰ কামৰ তালিকা দাঙি ধৰে। তেওঁ কয়, দিল্লী আৰু মীৰাটৰ মাজত আঞ্চলিক ৰেপিড ট্ৰেনজিট ছিষ্টেম (আৰআৰটিএছ)ৰ জৰিয়তে দিল্লী আৰু মীৰাটৰ মাজৰ দূৰত্ব ১ ঘন্টাতকৈ কম হব। তেওঁ কয় যে যিবোৰ চহৰত যাত্ৰীৰ সংখ্যা কম তাত মেট্ৰ'লাইট সেৱাৰ ব্যৱস্থা কৰা হৈছে মেট্ৰ'লাইট নির্মাণত সাধাৰণ মেট্ৰ'ৰ ৪০ শতাংশ অর্থ ব্যয় হয়। শ্রী মোদীয়ে আৰু কয়, যিসমূহ চহৰত কম মেট্ৰ' চলাচল কৰিব, তাত মেট্ৰ'নিঅ' নির্মাণ কৰা হৈছে – যি নির্মাণত সাধাৰণ মেট্র'ৰ মাত্র ২৫ শতাংশ অর্থ ব্যয় হয়। একেদৰে, ৱাটাৰ মেট্র'ক লৈও চিন্তা-চৰ্চা চলিছে। যিসমূহ চহৰত ডাঙৰ ডাঙৰ জলাশয় আছে, তাত ৱাটাৰ মেট্র' গঢ়াৰ কাম কৰি থকা হৈছে। ইয়াৰ ফলত, দ্বীপত বাস কৰা লোকসকলৰ সৈতে যোগাযোগ ব্যৱস্থা আৰু ভালদৰে গঢ়ি উঠিব।

 

প্রধানমন্ত্রীয়ে কয়, মেট্ৰ' সেৱা আজি কেৱল ৰাজহুৱা পৰিবহনৰ মাধ্যম নহয়,ই প্ৰদূষণ হ্ৰাস কৰাৰ এক মহান উপায়মেট্ৰ' সেৱাৰ বাবে হাজাৰ হাজাৰ বাহনৰ পথত চলাচল বন্ধ হোৱাত প্ৰদূষণ আৰু যান-জঁট দুয়োটাই হ্ৰাস পাইছে।

 

প্রধানমন্ত্রীয়ে কয়, মেট্ৰ' সেৱা সম্প্রসাৰণৰ বাবে মেক ইন ইণ্ডিয়া অভিযান গুৰুত্বপূর্ণ। ব্যয় হ্রাস, বিদেশী মুদ্রা সঞ্চয় আৰু দেশৰ জনসাধাৰণৰ কর্মসংস্থাপনৰ সুযোগ মেক ইন ইণ্ডিয়াৰ জৰিয়তে নিশ্চিত হয়। বিভিন্ন প্রকল্পৰ মান নির্ধাৰণৰ ফলত বর্তমান মেট্ৰ' ৰেলৰ দবাৰ দাম ১২ কোটিৰ পৰা হ্ৰাস পাই ৮ কোটি হৈছে। আজি দেশত চাৰিটা ডাঙৰ ডাঙৰ কোম্পানীয়ে মেট্ৰ' দবা নির্মাণ কৰিছে আৰু বহু কোম্পানীয়ে মেট্ৰ'ৰ যন্ত্রাংশ নিৰ্মাণ কৰিছে। য়ে মেক ইন ইণ্ডিয়াৰ লগতে স্ব-নিৰ্ভৰশীল ভাৰতৰ বাবে অভিযানত সহায় কৰি আছে

 

প্রধানমন্ত্রীয়ে কয়, চালক বিহীন মেট্ৰ' ৰেলৰ সফলতা প্ৰাপ্তিৰে বিশ্বৰ নিৰ্বাচিত দেশ য'ত এনে সুবিধা উপলব্ধ সেইসমূহৰ সৈতে ভাৰতো এই তালিকাত সংযুক্ত হ’ল। তেওঁ কয়, ট্রেইনত ব্রেক ব্যৱস্থা প্রয়োগৰ সময়ত উৎপাদিত ৫০ শতাংশ শক্তি গ্রীডলৈ উভতি যায়। আজি মেট্ৰ' ৰে'লত ১৩০ মেগাৱাট সৌৰ শক্তি ব্যৱহাৰ কৰা হৈছে, যাক ৬০০ মেগাৱাটলৈ বৃদ্ধি কৰা '

 

 

কমন 'বিলিটি কাৰ্ডৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একে মানদণ্ড আৰু সুবিধা প্ৰদান কৰাটো আধুনিকীকৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পৰ্য্যায়ত কমন 'বিলিটি কাৰ্ড হৈছে এই ক্ষেত্ৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ এই খন কাৰ্ড ব্যৱহাৰ কৰি যাত্ৰীসকল যিকোনো স্থানত ৰাজহুৱা পৰিবহনত যাতায়াত কৰিব পাৰিব

 

কমন 'বিলিটি কার্ডৰ বিষয়টি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, সকলোক্ষেত্রতে এই সুযোগ গঢ়ি তোলাৰ বাবে কাম কৰি থকা হৈছে। প্ৰণালীৰ এনে একত্ৰিকৰণৰ জৰিয়তে দেশৰ শক্তি অধিক সমন্বিত আৰু দক্ষ ধৰণে ব্যৱহাৰ কৰা হৈছে। তেওঁ কয়, “এক ৰাষ্ট্ৰ, এক 'বিলিটি কার্ডৰ দৰে আমাৰ চৰকাৰে দেশৰ প্ৰণালীসমূহ একত্ৰীকৰণৰ বাবে বিগত বছৰসমূহত নানান উদ্যোগ গ্রহণ কৰিছে।

 

এক ৰাষ্ট্ৰ, এক ফাষ্টৰ জৰিয়তে সমগ্ৰ দেশজুৰি পথত বাধাহীনভাৱে ভ্ৰমণ সম্ভৱ হৈছে ইয়াৰ ফলত যাত্রীসকলে যান-জঁট আৰু পলম নোহোৱাকৈয়ে এটা স্থানৰ পৰা আন এক স্থানলৈ যাব পাৰে। ‘এক দেশ এক কৰ ব্যৱস্থা’ অর্থাৎ জি এছ টি-য়ে কৰ প্ৰণালীৰ জটিলতাবোৰ সমাপ্ত কৰিছে আৰু পৰোক্ষ কৰ প্ৰণালীত সমতা আনিছে  এক দেশ, এক পাৱাৰ গ্ৰডে দেশৰ প্ৰতিটো অংশত পৰ্যাপ্ত আৰু নিৰন্তৰ বিদ্যুৎ উপলব্ধতা নিশ্চিত কৰি আছে ইয়াৰ ফলত বিদ্যুতৰ অপচয় হ্রাস পাইছে।

 

এক দেশ, এক গেছ গ্রীডৰ জৰিয়তে গেছ সেৱাৰ নিৰৱচ্ছিন্ন সৰবৰাহ নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত আগেয়ে ' গেছ ভিত্তিক জীৱন আৰু অর্থনীতি এক সপোন আছিল সেয়া আজি বাস্তৱায়িত হৈছে। এক দেশ, এক স্বাস্থ্য বীমা আঁচনি অৰ্থাৎ য়ুষ্মাণ ভাৰত যাৰ জৰিয়তে ভাৰতৰ লাখ লাখ লোকে দেশৰ যিকোনো স্থানত সুবিধা গ্ৰহণ কৰি আছে এক স্থানৰ পৰা আন স্থানলৈ যোৱা নাগৰিকসকলে এক দেশ, এক ৰেচন কাৰ্ডৰ জৰিয়তে নতুন ৰেচন কাৰ্ড তৈয়াৰ কৰাৰ সমস্যাৰ পৰা স্বাধীনতা লাভ কৰিছে, একেদৰে, নতুন কৃষি সংস্কাৰ আৰু -নামৰ দৰে ব্যৱস্থাৰ বাবে দেশখন এক দেশ, এক কৃষি বজাৰৰ দিশত গতি কৰি আছে

 

 

**********

DS/AK/KG



(Release ID: 1684299) Visitor Counter : 161