প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৯ ডিচেম্বৰত ‘ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’-ৰ ‘নিউ ভৌপুৰ-নিউ খুৰ্জা ছেকশ্যন’ আৰু ‘অপাৰেশ্যন কণ্ট্ৰোল চেণ্টাৰ’-ৰ শুভাৰম্ভ ঘোষণা কৰিব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
27 DEC 2020 3:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰ ২০২০ৰ পুৱা ১১ বজাত ‘ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’(ইডিএফচি)-ৰ ‘নিউ ভৌপুৰ-নিউ খুৰ্জা ছেকশ্যন আৰু অপাৰেশ্যন কণ্ট্ৰোল চেণ্টাৰ’-ৰ শুভাৰম্ভ ঘোষণা কৰিব। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে সম্পাদিত হ’ব লগা একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰয়াগৰাজত স্থাপন কৰা ‘ইডিএফচি’-ৰ ‘অপাৰেশ্যন কণ্ট্ৰোল চেণ্টাৰ’(অ’চিচি)টোও আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। শুভাৰম্ভ অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল উপস্থিত থাকিব।
প্ৰণিধানযোগ্য যে, উত্তৰ প্ৰদেশত স্থাপিত ‘ইডিএফচি’-ৰ ‘নিউ ভৌপুৰ-নিউ খুৰ্জা ছেকশ্যন’ৰ দৈৰ্ঘ্য ৩৫১ কিলোমিটাৰ আৰু ইয়াৰ নিৰ্মাণ ব্যয় আছিল ৫,৭৫০ কোটি টকা। এইছোৱা পথৰ নিৰ্মাণে ৰাজ্যখনৰ স্থানীয় এলুমিনিয়াম উদ্যোগ(কানপুৰ দেহাট জিলাৰ পুখৰীয়া অঞ্চলৰ), দুগ্ধ খণ্ড(ঔৰীয়া জিলাৰ), বস্ত্ৰ উত্পাদন/ব্লক প্ৰিণ্টিং(ইটোৱা জিলাৰ), গ্লাছৱে’ৰ উদ্যোগ(ফিৰোজাবাদ জিলা), প’টাৰী উত্পাদন(বুলণ্ডচহৰ জিলাৰ খুৰ্জা), ‘আছাফয়েটিডা’ অথবা হিং উত্পাদন(হাথ্ৰছ জিলা) আৰু তলা আৰু হাৰ্ডৱে’ৰ(আলীগড় জিলাৰ) উদ্যোগসমূহৰ বাবে নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। পথছোৱাই দিল্লী-কানপুৰৰ মাজৰ প্ৰধান ৰে’লপথছোৱাৰ ভিৰো বহু পৰিমাণে হ্ৰাস কৰাৰ লগতে ভাৰতীয় ৰে’লক অধিক দ্ৰুতগতিসম্পন্ন ৰে’লগাড়ী প্ৰচলন কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
প্ৰয়াগৰাজত নিতান্ত কলা-সুলভতাৰে স্থাপন কৰা ‘অ’চিচি’-টোৱে ‘ইডিএফচি’-ৰ সমগ্ৰ পথছোৱাৰ ‘কমাণ্ড চেণ্টাৰ’ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। নিজৰ শ্ৰেণীত ‘অচিচি’ হৈছে গোলকীয় পৰিমণ্ডলৰে অন্যতম সৰ্ব বৃহত্ কেন্দ্ৰ।
উল্লেখ্য যে, পাঞ্জাবৰ লুধিয়ানাৰ শ্বাহনেৱালৰ পৰা আৰম্ভ হোৱা ১৮৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ইডিএফচি’ পাঞ্জাৱ, হাৰিয়াণা, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড হৈ পশ্চিম বংগৰ দানকুনিত অন্ত পৰিছে। মূলতঃ মালবাহী ৰেলগাড়ী প্ৰচালন উদ্দেশ্যে নিৰ্মিত এই পথৰ নিৰ্মাণ আৰু তদৰকীৰ দায়িত্ব বহণ কৰিছে ‘ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ ক’ৰ্পোৰেশন অব ইণ্ডিয়া লিমিটেড’(ডিএফচিচিআইএল)-য়ে।
******
DS/VJ/AK/KB
(ৰিলিজ আই ডি : 1684066)
অতিথি কক্ষ : 204
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam