বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীয়ে কাইলৈ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ-২০২০ উদ্বোধন কৰিব

উপৰাষ্ট্ৰপতিয়ে ২৫ ডিচেম্বৰ ২০২০ত আইআইএছএফ-২০২০ৰ সামৰণি সভাত ভাষণ দিব

''বৈজ্ঞানিকসকলে প্ৰমাণ কৰিছে আৰু আগলৈও প্ৰমাণ কৰিব যে তেওঁলোকে যিকোনো উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰেঃ ডাঃ হৰ্ষ বৰ্ধন

আইআইএছএফ-২০২০ৰ জৰিয়তে পাঁচটা শাখাত গিনীজ ৰেকৰ্ড কৰাৰ প্ৰয়াস কৰা হ'ব

Posted On: 21 DEC 2020 6:12PM by PIB Guwahati

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোসৱ (আইআইএছএফ)ৰ ষষ্ঠ সংস্কৰণৰ আয়োজনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। এই বছৰৰ এই গাম্ভীৰ্যপূৰ্ণ বিজ্ঞান মহোসৱৰ আৰম্ভ ২২ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনী ভাষণেৰে হ'ব। আইআইএছএফ-২০২০ৰ আৰম্ভণি বৰ্ষ ২০১৫ত হৈছিল। কোভিড মহামাৰীৰ কথা মনত ৰাখি এইবাৰ ইয়াৰ আয়োজন অনলাইন কৰা হৈছে। ভাৰ্চুৱেল মাধ্যমত আয়োজন কৰা এয়া এতিয়ালৈকে সবাতোকৈ ডাঙৰ বিজ্ঞান মহোসৱ হ'বলৈ গৈ আছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি, ভূ বিজ্ঞান আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে আজি নতুন দিল্লীত এই কথা অৱগত কৰে। তেওঁ আইআইএছএফ-২০২০ৰ পূৰ্বালোকনৰ ওপৰত আয়োজিত এখন প্ৰেছ কনফাৰেঞ্চক সম্বোধন কৰিছিল। তেওঁ মিডিয়াক কয় যে মহোসৱৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰয়ে কৰিব। উপৰাষ্ট্ৰপতি শ্ৰী ভেংকায়া নাইডুৱে ২৫ ডিচেম্বৰ, ২০২০ত মহোসৱৰ সামৰণি সভাত ভাষণ দিব।

ডাঃ হৰ্ষ বৰ্ধনে কয় যে দেশত বিজ্ঞানৰ ক্ষেত্ৰত প্ৰশংসনীয় প্ৰগতি হৈছে আৰু সেয়ে এই চিন্তা কৰা হৈছে যে ব্যাপক হাৰত মানুহে দেশত বিজ্ঞানৰ বিকাশ আৰু উপলব্ধিসমূহৰ বিষয়ে জনা উচিত যাতে তেওঁলোকে তাৰ ওপৰত গৌৰৱ কৰিব পাৰে। এই চিন্তাৰেই ২০১৫ত এই সিদ্ধান্ত লোৱা হয় যে দেশত এই আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোসৱ প্ৰতি বছৰে আয়োজন কৰা দৰকাৰ য'ত মানুহে ভাগ ল'ব পাৰে আৰু বিজ্ঞানৰ আনন্দ ল'ব পাৰে।

বৰ্তমানৰ কোভিড সংক্ৰমণৰ নতুন প্ৰকাৰৰ বিষয়ে এটা প্ৰশ্নৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰীজনে আশ্বাস দিয়ে যে দেশৰ বৈজ্ঞানিকসকলে সদায় এই কথা প্ৰমাণ কৰি আহিছে আৰু আগলৈও কৰি থাকিব যে তেওঁলোকে যিকোনোধৰণৰ নতুনকৈ উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। তেওঁ কয়, ''স্বাস্থ্য সম্পৰ্কীয় বিষয়সমূহে এতিয়া এক আন্দোলনৰ ৰূপ লৈছে আৰু দেশৰ মানুহে উচিত সাৱধানতা অৱলম্বন কৰা আৰু এনেকুৱা পৰিস্থিতিত উচিত ব্যৱহাৰ কৰি নিজকে সুৰক্ষিত ৰখাৰ বিষয়ে সজাগ হৈছে।'' 

 

ডাঃ হৰ্ষ বৰ্ধনে কয় যে আইআইএছএফ এটা বাৰ্ষিক আয়োজন। ই ভাৰত চৰকাৰৰ পদক্ষেপৰ ওপৰত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, জৈৱ প্ৰযুক্তি বিভাগ, বিদেশ মন্ত্ৰালয়, বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু বিজ্ঞান ভাৰতীৰ সৈতে বিস্তৃতভাবে অন্য সংগঠনসমূহৰ সহযোগিতাত আয়োজন কৰা হয়। এই বছৰ আইআইএছএফ-২০২০ৰ আৰম্ভণি বিশ্ব প্ৰসিদ্ধ ভাৰতীয় গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনৰ জন্মদিন উপলক্ষে ২২ ডিচেম্বৰ, ২০২০ৰ পৰা হ'ব। ইয়াৰ সামৰণি ২৫ ডিচেম্বৰ, ২০২০ত ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে হ'ব। তেওঁ কয়, ''এই বিজ্ঞান মহোসৱ এক বিজ্ঞান আন্দোলন হৈ পৰিছে, যাৰ উদ্দেশ্য হৈছে দেশৰ জনসাধাৰণ আৰু যুৱক-যুৱতীসকলৰ মাজত বিজ্ঞানৰ প্ৰতি সজাগতা আৰু ৰুচি জন্ম দিয়া।'' তেওঁ কয় যে এই বছৰৰ উসৱৰ বিষয় হৈছে ''আত্মনিৰ্ভৰ ভাৰত আৰু বিশ্ব কল্যাণৰ বাবে বিজ্ঞান'' যি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ লক্ষ্য সম্পূৰ্ণ কৰিবলৈ বৈজ্ঞানিক আৰু টেকনিকেল প্ৰয়াসৰ যোগদান প্ৰদৰ্শন কৰিব। এই বিজ্ঞান মহোসৱত বৃহ সংখ্যক ছাত্ৰ-ছাত্ৰী, গৱেষক, উদ্যমী আৰু প্ৰযুক্তিবিদে ভাগ ল'ব।

 

ডাঃ হৰ্ষ বৰ্ধনে কয় যে ভাৰ্চুৱেল প্লেটফৰ্মে নতুন পথ মুকলি কৰিছে, য'ত দেশে বিদেশৰ বৈজ্ঞানিক, যুৱক-যুৱতী আৰু সাধাৰণ মানুহে আইআইএছএফ-২০২০ৰ গাম্ভীৰ্যপূৰ্ণ আয়োজনৰ আনন্দ ল'ব পাৰিব। তেওঁ লগতে কয় যে ২০২০ চনটো সঠিককৈ ''বিজ্ঞান আৰু বৈজ্ঞানিকৰ বৰ্ষ'' বুলি ক'ব পাৰি।

 

নিজৰ আদৰণি ভাষণত চিএছআইআৰৰ নিৰ্দেশক ড৹ শেখৰ চি মাণ্ডে আৰু ডিএছআইআৰৰ সচিবে আইআইএছএফ-২০২০ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে কয় যে এই গাম্ভীৰ্যপূৰ্ণ বিজ্ঞান মহোসৱত অংশগ্ৰহণৰ বাবে এতিয়ালৈকে এক লাখতকৈও অধিক লোকে পঞ্জীকৰণ কৰিছে। ''ইমান বৃহ সংখ্যক মানুহৰ অংশগ্ৰহণক লৈ আমি অত্যন্ত উসাহিত। ই প্ৰতিপন্ন কৰিছে যে মানুহে বিজ্ঞান মহোসৱৰ প্ৰতি মনোযোগ দিছে আৰু আইআইএছএফে বিজ্ঞানক সমাজৰ মাজলৈ লৈ যোৱাৰ এক প্ৰধান মঞ্চৰ ৰূপত গা কৰি উঠিছে।''

 

আইআইএছএফ-২০২০ৰ আয়োজক নোডেল সংস্থা চিএছআইআৰ- এনআইএছটিএডিএছৰ মুখ্য সমন্বয়ক আৰু নিৰ্দেশক ড৹ ৰঞ্জনা অগ্ৰৱালে নিজৰ আৰম্ভণিৰ ভাষণত কয়, ''ভাৰ্চুৱেল প্লেটফৰ্মে মানুহক দেশৰ দূৰদূৰণিৰ ঠাইৰ পৰাও সংলগ্ন কৰাত সহায় কৰিব। এই মহোসৱত ৪১টা বেলেগ বেলেগ কাৰ্যক্ৰম থাকিব। এইবাৰ ইয়াত ১৩টা নতুন কাৰ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকক এই মহোসৱৰ জৰিয়তে উপকৃত কৰিবলৈ প্ৰয়াস কৰা হ'ব।''

 

তেওঁ মিডিয়াক কয় যে গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰয়াস কৰাটো এইবাৰ আইআইএছএফৰ এটা বিশেষ পদক্ষেপ হ'ব। ''এইবাৰ আমি পাঁচটা শাখাত গিনীজ ৰেকৰ্ড কৰাৰ প্ৰয়াস কৰি আছো।'' তেওঁ কয় যে আইআইএছএফ-২০২০ৰ আয়োজন ৯টা বিভিন্ন শাখা যেনে সৰ্বসাধাৰণৰ বাবে বিজ্ঞান, ছাত্ৰ-ছাত্ৰী, উদ্যোগ আৰু এমএছএমইৰ বাবে বিজ্ঞান, কৃষি আৰু গ্ৰামীণ বিকাশৰ বাবে বিজ্ঞান, সামগ্ৰিক বিকাশ, বিজ্ঞান আৰু কলা, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু তাক্ষণিক বিকাশ অন্তৰ্ভুক্ত আছে।

 

বিজ্ঞান ভাৰতীৰ ৰাষ্ট্ৰীয় আয়োজক সচিব শ্ৰী জয়ন্ত সহস্ৰবুদ্ধেই কয় যে এইবাৰ নতুন কাৰ্যক্ৰমৰ সংৰচনা যথেষ্ট চিন্তা-চৰ্চা কৰি কৰা হৈছে যি কেৱল এছটিআইৰ নতুন পদক্ষেপসমূহক সন্মুখলৈ আনিব বৰং ইয়াক ইতিহাস, দৰ্শন, কলা আৰু শিক্ষাৰে সংলগ্ন কৰাৰো কাম কৰিব।''

 

এই উপলক্ষে ভূ বিজ্ঞান সচিব ড৹ মাধৱন এন ৰাজীৱন, ডিবিটিৰ সচিব ড৹ ৰেণু স্বৰূপ, বৈজ্ঞানিক, ডিএছটিৰ বৈজ্ঞানিক ড৹ সঞ্জীৱ ৱাৰ্ষ্ণেয় আৰু অন্য বৈজ্ঞানিক উপস্থিত আছিল।

 

প্ৰেছ সূচনা কাৰ্যালয়ৰ প্ৰধান মহানিৰ্দেশক শ্ৰী কুলদীপ ধাতৱালিয়াই আইআইএছএফ-২০২০ৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ দেশজুৰি পিআইবিৰ দ্বাৰা কৰা বিভিন্ন আউটৰিচ কাৰ্যক্ৰমৰ বিষয়ে অৱগত কৰে আৰু লগতে কয় যে পিআইবিয়ে আইআইএছএফ-২০২০ৰ তথ্য দিবলৈ নিজৰ ৱেবছাইটত এটা মাইক্ৰ'ছাইটো বনাইছে।

 

আইআইএছএফ-২০২০ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ), বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডিএছটি), ভূ বিজ্ঞান মন্ত্ৰালয়, জৈৱ প্ৰযুক্তি বিভাগ (ডিবিটি), ভাৰতীয় আয়ুৰ্বিজ্ঞান গৱেষণা পৰিষদ (আইচিএমআৰ)ৰ দ্বাৰা সংযুক্ত ৰূপত বিজ্ঞান ভাৰতীৰ সহযোগত কৰা হৈছে। এই বছৰ বিজ্ঞান মহোসৱৰ আয়োজনৰ নোডেল সংস্থান নতুন দিল্লীস্থিত চিএছআইআৰ-নেচনেল ইনষ্টিটিউট অফ ছাইঞ্চ, টেকনলজি এণ্ড ডেভেলপমেন্ট ষ্টাডিজ (এনআইএছটিএডিএছ)।

 

বিস্তৃত তথ্য আইআইএছএফৰ ৱেবছাইট - www.scienceindiafest.org আৰু পিআইবিৰ ৱেবছাইট pib.gov.in//iisfত উপলব্ধ।

আইআইএছএফ-২০২০ৰ পিপিটি চাবলৈ ইয়াত ক্লিক কৰক

 

*****

NB/KGS/KP(Inputs: CSIR-NISTADS)



(Release ID: 1682599) Visitor Counter : 256