বিত্ত মন্ত্ৰালয়

জিএছটিৰ ক্ষতিপূৰণত হোৱা নাটনি পূৰণ কৰিবলৈ বেক টু বেক লোণ হিচাপে ৰাজ্যসমূহক ৬,০০০ কোটি টকাৰ ৮ম কিস্তি জাৰি কৰা হৈছে

আইনী ব্যৱস্থাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক এতিয়ালৈকে মুঠ ৪৮,০০০ কোটি টকাৰ ধনৰাশি জাৰি কৰা হৈছে

এই ধনৰাশি ৰাজ্যক দিয়া ১,০৬,৮৩০ কোটি টকাৰ অতিৰিক্ত আধাৰৰ অনুমতিৰ ওপৰঞ্চি

Posted On: 21 DEC 2020 1:48PM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ে জিএছটিৰ ক্ষতিপূৰণত হোৱা নাটনি পূৰণ কৰিবলৈ ৰাজ্যসমূহক ৬০০০ কোটি টকাৰ ৮ম সাপ্তাহিক কিস্তি জাৰি কৰিছে। ইয়াৰে মুঠ ৫,৫১৬.৬০ কোটি টকাৰ ধনৰাশি ২৩খন ৰাজ্যলৈ জাৰি কৰা হৈছে আৰু ৪৮৩.৪০ কোটি টকাৰ ধনৰাশি বিধানসভাযুক্ত ৩খন কেন্দ্ৰীয় শাসিত প্ৰদেশ (দিল্লী, জম্মু আৰু কাশ্মীৰ আৰু পুডুচেৰী), যি জিএছটি কাউঞ্চিলৰ সদস্য,ক জাৰি কৰা হৈছে। অন্তিম ৫খন ৰাজ্য-অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নগালেণ্ড আৰু ছিক্কিমত জিএছটি প্ৰযোজ্য হোৱা বাবে ৰাজহত কোনো নাটনি নাই।

 

ভাৰত চৰকাৰে জিএছটি প্ৰযোজ্য হোৱা বাবে ৰাজহত সৃষ্টি হোৱা ১.১০ লাখ কোটি টকাৰ আনুমানিক নাটনি পূৰণ কৰিবলৈ অক্টোবৰ, ২০২০ত এক বিশেষ ঋণ খিৰিকীৰ ব্যৱস্থা কৰিছিল। ভাৰত চৰকাৰৰ দ্বাৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ফালৰ পৰা এই খিৰিকীৰ জৰিয়তে ঋণ লৈ থকা হৈছে। এই ঋণৰ ব্যৱস্থা ৮টা পৰ্যায়ত কৰা হৈছে। বৰ্তমানলৈকে ঋণ লোৱা ধনৰাশি ক্ৰমেঃ ২৩ অক্টোবৰ, ২০২০, ২ নবেম্বৰ, ২০২০, ৯ নবেম্বৰ, ২০২০, ২৩ নবেম্বৰ, ২০২০, ১ ডিচেম্বৰ, ২০২০, ৭ ডিচেম্বৰ, ২০২০, ১৪ ডিচেম্বৰ, ২০২০ আৰু ২১ ডিচেম্বৰ, ২০২০ত ৰাজ্যসমূহক জাৰি কৰা হৈছে।

 

এই সপ্তাহত জাৰি কৰা ধনৰাশি, ৰাজ্যসমূহক প্ৰদান কৰা এনেকুৱা নিধিৰ ৮ম কিস্তি আছিল। এই সপ্তাহত এই ধনৰাশি ৪.১৯০২ শতাংশৰ সুতৰ হাৰত ঋণ লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এতিয়ালৈকে ৪.৬৯৮৬ শতাংশৰ গড় সুতৰ হাৰত বিশেষ ঋণ খিৰিকীৰ জৰিয়তে মুঠ ৪৮,০০০ কোটি টকাৰ ধনৰাশি ঋণ লোৱা হৈছে।

 

জিএছটি প্ৰযোজ্য হোৱাৰ বাবে ৰাজহত হোৱা নাটনি পূৰণ কৰিবলৈ বিশেষ ঋণ খিৰিকীৰ জৰিয়তে ধন প্ৰদান কৰাৰ উপৰিও, ভাৰত চৰকাৰে জিএছটিৰ ক্ষতিপূৰণত হোৱা নাটনি পূৰণ কৰিবলৈ বিকল্প-১ৰ বাছনি কৰা ৰাজ্যক অতিৰিক্ত বিত্তীয় সম্পদ আহৰণত সহায় কৰাৰ উদ্দেশ্যে ৰাজ্য সামূহিক ঘৰুৱা উপাদন (জিএছডিপি)ৰ ০.৫০ শতাংশৰ সমান ধনৰাশি অতিৰিক্ত ঋণ লোৱাৰ অনুমতিও দিছে। সকলো ৰাজ্যই বিকল্প-১ৰ প্ৰতি নিজৰ প্ৰাথমিকতা প্ৰতিপন্ন কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে ২৮খন ৰাজ্যক ১,০৬,৮৩০ কোটি টকা (জিএছডিপিৰ ০.৫০%)ৰ সম্পূৰ্ণ অতিৰিক্ত ধনৰাশি ঋণ লোৱাৰ অনুমতি দিয়া হৈছে।

 

এতিয়ালৈকে ২৮খন ৰাজ্যক দিয়া অতিৰিক্ত ঋণৰ অনুমতিৰ ধনৰাশি আৰু বিশেষ খিৰিকীৰ জৰিয়তে আহৰণ কৰা ধনৰাশি আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বাবে জাৰি কৰা ধনৰাশিৰ বিৱৰণ দিয়া হৈছে।

 

ৰাজ্যভিত্তিক জিএছডিপিৰ ০.৫০%ৰ সমান অতিৰিক্ত ঋণৰ অনুমতি আৰু বিশেষ খিৰিকীৰ জৰিয়তে আহৰণ কৰা নিধিৰ জৰিয়তে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশক ২১-১২-২০২০লৈকে হস্তান্তৰ কৰা ধনৰাশি (কোটি টকাত)

 

ক্ৰঃ সঃ

ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ নাম

ৰাজ্যসমূহক ০.৫০%ৰ অতিৰিক্ত ঋণৰ অনুমতি

ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশক হস্তান্তৰিত বিশেষ খিৰিকীৰ জৰিয়তে আহৰণ কৰা ধনৰাশি

১০

১১

১২

১৩

১৪

১৫

১৬

১৭

১৮

১৯

২০

২১

২২

২৩

২৪

২৫

২৬

২৭

২৮

অন্ধ্ৰপ্ৰদেশ

অৰুণাচল প্ৰদেশ

অসম

বিহাৰ

ছত্তিশগড়

গোৱা

গুজৰাট

হাৰিয়ানা

হিমাচল প্ৰদেশ

ঝাৰখণ্ড

কৰ্ণাটক

কেৰালা

মধ্যপ্ৰদেশ

মহাৰাষ্ট্ৰ

মণিপুৰ*

মেঘালয়

মিজোৰাম*

নগালেণ্ড*

উৰিষ্যা

পঞ্জাৱ

ৰাজস্থান

ছিক্কিম*

তামিলনাডু

তেলেংগানা

ত্ৰিপুৰা

উত্তৰ প্ৰদেশ

উত্তৰাখণ্ড

পশ্চিমবংগ

৫০৫১

১৪৩

১৮৬৯

৩২৩১

১৭৯২

৪৪৬

৮৭০৪

৪২৯৩

৮৭৭

১৭৬৫

৯০১৮

৪,৫২২

৪৭৪৬

১৫৩৯৪

১৫১

১৯৪

১৩২

১৫৭

২৮৫৮

৩০৩৩

৫৪৬২

১৫৬

৯৬২৭

৫০১৭

২৯৭

৯৭০৩

১৪০৫

৬৭৮৭

১১৮১.৬১

০.০০

৫০৮.৪৮

১৯৯৬.৩৪

৫০৭.৭৮

৪২৯.৩৯

৪৭১৫.০১

২২২৫.১৯

৮৭৭.৯১

২৭৫.৮৫

৬৩৪৩.৭৭

১২৬৯.৯৬

২৩২২.৩৫

৬১২৪.১৭

০.০০

৫৭.১৯

০.০০

০.০০

১৯৫৪.২১

১৮৪১.০৪

১৬৫৯.০৭

০.০০

৩১৯১.২৪

৬৮৮.৫৯

১১৫.৮০

৩০৭১.৩৩

১১৮৪.৩৭

৯৭৫.৯১

 

 

 

মুঠ (অ):

১০৬৮৩০

৪৩৫১৬.৫৬

দিল্লী

প্ৰযোজ্য নহয়

২৯৯৮.৭০

জম্মু আৰু কাশ্মীৰ

প্ৰযোজ্য নহয়

১১৬১.৬০

পুডুচেৰী

প্ৰযোজ্য নহয়

৩২৩.১৪

 

মুঠ (ব):

প্ৰযোজ্য নহয়

৪৪৮৩.৪৪

 

মুঠ যোগ

(অ+ব)

১০৬৮৩০

৪৮০০০.০০

*এই ৰাজ্যসমূহত জিএছটিৰ ক্ষতিপূৰণত নাটনি 'শূন্য'।

 

*****

RM/KMN



(Release ID: 1682583) Visitor Counter : 149