প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শান্তি, উন্নতি আৰু জনসাধাৰণৰ বাবে ভাৰত আৰু ভিয়েটনামৰ যৌথ দৰ্শন

Posted On: 21 DEC 2020 7:51PM by PIB Guwahati

ভাৰত যুক্তৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভিয়েটনাম গণৰাজ্যৰ প্ৰধানমন্ত্ৰী গুৱেন জুৱান ফুৰে ২১ ডিচেম্বৰ ২০২০ তাৰিখে এক ভাৰ্চুৱেল সন্মিলনত সহ-সভাপতিত্ব কৰে৷ এই সন্মিলনত নেতা দুগৰাকীয়ে ভাৰত আৰু ভিয়েটনামৰ ভৱিষ্যতৰ উন্নতি, শান্তি আৰু জনসাধাৰণৰ বাবে নিম্নোক্ত দ্বিপাক্ষিক, আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহ দাঙি ধৰেঃ

শান্তি

১. দুয়োখন দেশৰ মাজৰ ব্যাপক সহযোগিতা সুদৃঢ় কৰি তোলাৰ বাবে নেতা দুগৰাকীয়ে ঐতিহাসিক আৰু সাংস্কৃতিক বান্ধোনৰ নিয়মীয়া উচ্চস্তৰীয় আৰু আনুষ্ঠানিক বিনিময় গঢ়ি তোলাত সন্মতি প্ৰদান কৰে৷ তেওঁলোকে নতুন নতুন ক্ষেত্র চিহ্নিত কৰি দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিছে যাৰ ফলত শান্তিপূর্ণ, স্থিতিশীল, নিৰাপদ, মুক্ত, সমন্বিত আৰু আইনৰ অনুশাসন মানি চলা এটি অঞ্চলত দুয়োখন দেশৰ উন্নয়নৰ ক্ষেত্রত পাৰস্পৰিক বুজাপৰা বৃদ্ধি পাব।

২) উদ্ভাসিত ভূ-ৰাজনৈতিক তথা ভূ-অর্থনৈতিক পৰিস্থিতিৰ ওপৰ বিবেচনা কৰি এই অঞ্চলত দুয়োখন দেশৰ সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। উভয় নেতাই প্রতিৰক্ষা আৰু নিৰাপত্তা ক্ষেত্রত ভাৰত আৰু ভিয়েটনামৰ অংশীদাৰীত্ব আৰু বৃদ্ধি কৰাৰ ক্ষেত্রত সহমত পোষণ কৰিছে য’ত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত স্থিতাৱস্থা বজায় ৰখাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা হ’ব। তাৰ বাবে তেওঁলোকে প্রতিৰক্ষা ক্ষেত্রত প্রশিক্ষণ আৰু দক্ষতা বৃদ্ধিৰ বাবে বিষয়সমূহ তিনিটা বাহিনী আৰু  উপকূলৰক্ষী বাহিনীৰ মাজত আদান-প্রদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত, ভাৰতৰ প্রতিৰক্ষা ঋণ ব্যৱস্থা, যি ভিয়েটনামৰ বাবেও প্রযোজ্য, সেয়া অধিক মজবুত হ’ব। তেওঁলোকে প্রতিৰক্ষা সৰঞ্জামৰ আদান-প্রদানৰ ক্ষেত্রত আনুষ্ঠানিকভাৱে নিয়মিত ৰণতৰীৰ যাত্ৰা, যৌথ আখৰা, প্রতিৰক্ষা বিজ্ঞান আৰু প্রযুক্তি আদান-প্রদান, তথ্য বিনিময় তথা ৰাষ্ট্রসংঘৰ শান্তি বাহিনীত সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আনুষ্ঠানিকভাৱে আলাপ-আলোচনা চলাই যোৱাৰ বিষয়ে উভয় পক্ষই নিৱিড়ভাবে কাম কৰিব। ইয়াৰ ফলত, প্রথাগত তথা প্রথা-বহির্ভূত সুৰক্ষা সংক্রান্তীয় বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাদেও চাইবাৰ জগত তথা সামুদ্রিক ব্যৱসায়-বাণিজ্যত জংগী মোকাবিলা, প্রাকৃতিক বিপর্যয়, স্বাস্থ্য সুৰক্ষা, জল সুৰক্ষা তথা অন্যান্য নানাবিধ অপৰাধ দমনত সুবিধা হ’ব। য’তেই প্রয়োজন তাতেই আইন আৰু বিচাৰ ব্যৱস্থাৰ সহযোগিতা বৃদ্ধি কৰা হ’ব।  

৩) সমৃদ্ধি আৰু নিৰাপত্তাৰ ওপৰত গুৰুত্ব দি উভয় নেতাই দক্ষিণ চীন সাগৰত শান্তি, স্থিতাৱস্থা, নিৰাপত্তা তথা অবাধ জাহাজ চলাচলৰ ক্ষেত্রত গুৰুত্ব দিছে। ইয়াৰ বাবে ১৯৮২ চনৰ ৰাষ্ট্রসংঘৰ সমুদ্র সংক্রান্তীয় আইন – ইউএনচিএলঅ’এছ সহ বিভিন্ন আন্তর্জাতিক আইন মানি নানা বিবাদৰ শান্তিপূর্ণ সমাধান কৰা হ’ব। এই ক্ষেত্রত সামৰিক শক্তিৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা হ্ৰাস কৰা হ’ব। শান্তি আৰু স্থিতাৱস্থা বজায় ৰখাৰ বাবে কোনো পৰিস্থিতিৰ যাতে অৱনতি নহয় সেয়া বিবেচনা কৰি উভয় নেতাই সামৰিক বাহিনীৰ ব্যৱহাৰ নকৰা তথা আত্মসংযমৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইউএনচিএলঅ’এছ-ৰ নিয়ম অনুসাৰে, মহাসাগৰ আৰু সাগৰত সকলো ধৰণৰ কর্মতৎপৰতা বজায় ৰখাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে। সামুদ্রিক ব্যৱসায়-বাণিজ্য, সার্বভৌমত্বৰ অধিকাৰ, সমুদ্র আইনৰ স্বার্থ বজায় ৰখাৰ মতৰ বিষয়ে ইউএনচিএলঅ’এছ-ক মানি চলা হ’ব। উভয় নেতাই দক্ষিণ চীন সাগৰত সংশ্লিষ্ট সকলৰ মাজত নিয়ম মানি চলা সংক্রান্তীয় ঘোষণাৰ যথাযথ বাস্তৱায়নৰ ওপৰ গুৰুত্ব দিছে। আন্তর্জাতিক আইন, বিশেষতঃ ইউএনচিএলঅ’এছ অনুযায়ী সকলো ধৰণৰ আলোচনা কৰা হ’ব তথা এই ক্ষেত্রত এটা সিদ্ধান্ত গ্ৰহণৰ সময়ত সংশ্লিষ্ট সকলো ৰাষ্ট্র তথা যি এই আলোচনাৰ অংশীদাৰ নহয়, তেওঁলোকৰো স্বার্থৰ বিবেচনা কৰা হ’ব।  

৪) এই অঞ্চলত শান্তি, সুৰক্ষা তথা সমৃদ্ধি বজায় ৰখাৰ বাবে আছিয়ান-ভাৰতৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উভয় নেতাই বিভিন্ন ক্ষেত্রত আছিয়ান জোঁটৰ সৈতে ভাৰতৰ বাস্তৱসম্মত সহযোগিতা গঢ়ি তোলাৰ ওপৰত বিভিন্ন সুযোগক কামত লগোৱাৰ উদ্যোগক স্বাগতম জনাইছে। আছিয়ানৰ আউটলুক অন ইণ্ডো-পেছিফিক তথা ভাৰতৰ ভাৰত-প্রশান্ত মহাসাগৰীয় উদ্যোগৰ নীতিসমূহৰ সৈতে প্ৰযোজ্য ৰাখি এই অঞ্চলত অংশীদাৰীত্ব বৃদ্ধি কৰা হ’ব। উভয় পক্ষই নীল অর্থনীতি, সামুদ্রিক সুৰক্ষা আৰু নিৰাপত্তা, সামুদ্রিক পৰিবেশ, সামুদ্রিক সম্পদৰ স্থিতিশীল ব্যৱহাৰ তথা সামুদ্রিক যোগাযোগৰ মাজেৰে নিৰাপত্তা তথা উন্নয়নৰ সুফল যাতে এই অঞ্চলে লাভ কৰে, তাৰ বাবে নতুন নতুন ক্ষেত্রত সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

৫) আঞ্চলিক আৰু আন্তর্জাতিক বিভিন্ন বিষয়ত দুয়োখন দেশৰ অভিন্ন দৃষ্টিভংগী তথা আন্তর্জাতিক আৰু আইন মানি চলাৰ বিষয়ে দুয়োখন ৰাষ্ট্রৰ সহমতৰ কাৰণে উভয় পক্ষই ৰাষ্ট্রসংঘ, আছিয়ান তথা মেকং চাব-ৰিজিঅ’নেল কো-অপাৰেছনৰ দৰে বহুস্তৰীয় তথা আঞ্চলিক সংগঠনে তেওঁলোকৰ মাজত সহযোগিতা বৃদ্ধিৰ বিষয়টোত ঐক্যমত হৈছে। দুয়োপক্ষই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদ সহ বিভিন্ন আন্তর্জাতিক সংগঠনত বর্তমানৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্রত সংস্কাৰ অনাৰ ওপৰত গুৰুত্ব দিছে তথা সক্রিয়ভাৱে এই সংস্কাৰৰ পক্ষত তেওঁলোকে সমৰ্থন প্ৰদান কৰিব। ক’ভিড-১৯ মহামাৰীৰ মোকাবিলাত অভিজ্ঞতা বিনিময় কৰি সহযোগিতা গঢি তোলাৰ ওপৰত তেওঁলোকে জোৰ দিছে। এই ক্ষেত্রত স্বাস্থ্যকর্মীসকলৰ অনলাইনত প্রশিক্ষণ, টীকা উদ্ভাৱনত আনুষ্ঠানিক সহযোগিতা, সৰবৰাহ শৃংখলক সাহায্য কৰা, সীমান্তৰ সিপাৰে থকা জনসাধাৰণৰ মাজত প্রয়োজনভিত্তিত যাতায়াত তথা বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্তর্জাতিক সংগঠনৰ সৈতে সহযোগিতা বজায় ৰখাৰ বাবে পাৰস্পৰিক যোগাযোগ নিৱিড় কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

৬) জংগী তৎপৰতা, হিংসা, চৰমপন্থা আৰু মৌলবাদৰ মোকাবিলা কৰাৰ বাবে বিশ্বজুৰি শান্তি আৰু মানৱতা ৰক্ষাত তেওঁলোকে সীমান্তৰ অন্য পাৰৰ সন্ত্রাসবাদ, সন্ত্রাসবাদীসকলৰ আর্থিক সাহায্য তথা সন্ত্রাসবাদীসকলৰ নিৰাপদ আশ্রয় স্থলৰ বিৰুদ্ধে ঐক্যৱদ্ধভাৱে কাম কৰিব। ইয়াৰ বাবে দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তর্জাতিক পৰ্যায়ত উদ্যোগ গঢ়ি তোলা আৰু নিৱিড় সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কম্প্রিহেনচিভ কনভেনচন অন ইন্টাৰনেচনেল টেৰৰিজম (চিচিআইটি)-ৰ বিষয়ে দ্রুত সর্বসম্মত সিদ্ধান্ত গ্ৰহণৰ ওপৰত উভয় পক্ষই যৌথভাৱে কাম কৰিব। 

 

সমৃদ্ধি

 

৭) ক’ভিড-১৯ মহামাৰীৰ ফলত নতুন প্ৰত্যাহ্বানৰ মোকাবিলাৰ যিবোৰ সুযোগ প্ৰস্তুত হৈছে সেইসমূহৰ প্রসংগ উল্লেখ কৰি উভয় পক্ষই নির্ভৰযোগ্য, দক্ষ আৰু প্রাণৱন্ত সৰবৰাহ শৃংখল তৈয়াৰ কৰাৰ বাবে একত্ৰিতভাৱে কাম কৰিব তথা মানৱ-কেন্দ্রীক বিশ্বায়নৰ লক্ষ্য সক্রিয় হ’ব। ১,৫০০ কোটি মার্কিন ডলাৰৰ সমতুল্য ব্যৱসায়-বাণিজ্যৰ বাবে উভয় পক্ষই দ্বিপাক্ষিক বাণিজ্যৰ ক্ষেত্রত প্রয়োজনীয় পৰিকল্পনা গ্রহণ কৰিব তথা নিজ নিজ দেশত নতুন নতুন সৰবৰাহ শৃংখল গঢ়ি তুলিব।

 

৮) ভাৰতৰ বৃহৎ বজাৰ তথা আত্মনির্ভৰতা এফালে যিদৰে বৃদ্ধি পাইছে, অন্যফালে ভিয়েটনামৰ ক্রমৱর্ধমান আর্থিক সমৃদ্ধি তথা ক্ষমতাৰ বিষয়টো বিবেচনা কৰি উভয় পক্ষই তেওঁলোকৰ দ্বিপাক্ষিক অর্থনৈতিক যোগাযোগক আৰু আগুৱাই লৈ যাব। ইয়াৰ বাবে পৰস্পৰৰ অর্থনীতিত দীর্ঘম্যাদী বিনিয়োগ, যৌথ উদ্যোগ তথা নতুন আন্তর্জাতিক শৃংখল গঢ়ি তোলাৰ লগতে বাস্তৱ আৰু ডিজিটেল যোগাযোগ ব্যৱস্থা, ই-কমাৰ্ছ, আঞ্চলিক বাণিজ্যিক পৰিকাঠামোসহ বিভিন্ন ক্ষেত্রত পৰস্পৰে পৰস্পৰৰ বজাৰ যাতে ব্যৱহাৰ কৰিতে পাৰে সেই বিষয়ত উদ্যোগ লোৱা হ’ব। ২০২৪ চনৰ ভিতৰত ৫ লক্ষ কোটি মার্কিন ডলাৰৰ সমতুল্য অর্থনীতিলৈ পৰিণত কৰাৰ ভাৰতৰ উদ্যোগ তথা ২০৪৫ চনৰ ভিতৰত ভিয়েটনামক উচ্চ আয়ৰ অর্থনীতিলৈ পৰিণত কৰাৰ বাবে অংশীদাৰীত্বৰ নতুন স্তৰ গঢ়ি তোলা হ’ব য’ত লঘু, ক্ষুদ্র তথা মজলীয়া শিল্পোদ্যোগ তথা কৃষক সম্প্রদায়সহ দুয়োখন দেশৰ অর্থনীতিৰ প্ৰতিটো স্তৰকে কামত লগোৱা হ’ব। 

 

৯) তৰুণ জনগোষ্ঠীৰ সংগে দুখন উদীয়মান অর্থনীতিৰ উন্নয়ন আৰু সমৃদ্ধিৰ আকাংক্ষা পূৰণত ভাৰত আৰু ভিয়েটনামৰ আর্থিক আৰু উন্নয়নৰ ক্ষেত্রত অংশীদাৰীত্বক ক্রমশঃ শক্তিশালী কৰিব। এই ক্ষেত্রত নতুন প্রযুক্তি, উদ্ভাৱন তথা ডিজিটাইজেছনৰ জৰিয়তে সু-প্রশাসন, জনসাধাৰণৰ ক্ষমতায়ন তথা স্থিতিশীল আৰু সমন্বিত উন্নয়ন নিশ্চিত কৰা হ’ব। 'ভাৰতৰ ডিজিটেল ইণ্ডিয়া মিছন' তথা ভিয়েটনামৰ 'ডিজিটেল ছ’চাইটি ভিজন'ক ঐক্যৱদ্ধভাৱে আগুৱাই নিয়াৰ ক্ষেত্রত, পাৰমাণৱিক আৰু মহাকাশ প্রযুক্তিক শান্তিপূর্ণ উদ্দেশ্যত ব্যৱহাৰ কৰাৰ বাবে তথ্য আৰু যোগাযোগ প্রযুক্তিৰ সংস্কাৰ, মহাসামুদ্রিক বিজ্ঞান, স্থিতিশীল কৃষিবিদ্যা, জলসম্পদ ব্যৱস্থাপনা, সর্বাংগীন স্বাস্থ্য সেৱা, টীকা, ঔষধ প্রস্তুত, স্মার্ট চিটী আৰু নতুন উদ্যোগৰ ক্ষেত্রত সহযোগিতা নিৱিড় কৰা হ’ব।

১০) স্থিতিশীল উন্নয়ন তথা জলবায়ু সংক্রান্তীয় ব্যৱস্থাপনাত দুয়োখন দেশে অংগীকাৰৱদ্ধ হৈছে। শক্তি সুৰক্ষা উন্নয়নশীল ৰাষ্ট্রসমূহৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বুলি উল্লেখ কৰি উভয় দেশে নতুন আৰু পুনর্নবীকৰণযোগ্য শক্তি, শক্তি সংৰক্ষণ তথা জলবায়ু সংক্রান্তত প্রাণৱন্ত প্রযুক্তিৰ ক্ষেত্রত ঐক্যৱদ্ধভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আন্তর্জাতিক সৌৰ সহযোগিতাত ভিয়েটনামৰ ভৱিষ্যতে অংশগ্রহণৰ ফলত সৌৰশক্তিৰ ক্ষেত্রত সহযোগিতা বৃদ্ধি পোৱাৰ নতুন সম্ভাৱনা তৈয়াৰ হৈছে। উভয় পক্ষই তেল আৰু গেছৰ ক্ষেত্ৰত থথা তৃতীয় দেশত তেল আৰু গেছ উত্তোলনৰ নানা প্রকল্পত ঐক্যৱদ্ধভাৱে কাম কৰাৰ বাবে দীর্ঘম্যাদী অংশীদাৰীত্ব গঢ়ি তুলিব। উভয় পক্ষই জলবায়ু পৰিৱর্তন ৰোধত একত্ৰিতভাৱে কাম কৰিব। ভাৰতে এইক্ষেত্রত কোৱালিছন ফ’ৰ ডিজাষ্টাৰ ৰেজিলিয়েন্ট ইনফ্রাষ্ট্ৰাকচাৰত ভিয়েটনামে যাতে ভৱিষ্যতে অংশগ্রহণ কৰে, সেই বিষয়ত উৎসাহী হ’ব।

১১) উন্নয়নমূলক অংশীদাৰীত্বৰ মাজেৰে স্থানীয় সম্প্রদায়ৰ ওচৰত বিভিন্ন সুযোগ প্ৰদান কৰাৰ গুৰুত্বপূর্ণ ভূমিকা পালনৰ ওপৰত জোৰ দিয়া হৈছে। এই ভাবত স্থিতিশীল উন্নয়নৰ লক্ষ্যত অগ্রসৰ হোৱা যাব। ভিয়েটনামত বিভিন্ন উন্নয়নমূলক কাম তথা দক্ষতা বৃদ্ধিত ভাৰতৰ সাহায্য মেকং-গংদা কুইক ইমপেক্ট প্র’জেক্ট, আইটিইচি তথা ই-আইটিইচি কর্মসূচীত প্রসাৰিত হ’ব।

 

জনসাধাৰণ

 

১২) ভাৰত আৰু ভিয়েটনামৰ মাজত সাংস্কৃতিক তথা ঐতিহাসিক বন্ধনৰ মাজত গুৰুত্ব দি দুয়োখন দেশে অভিন্ন সংস্কৃতি আৰু সভ্যতাৰ ঐতিহ্যৰ সৈতে গৱেষণা কৰাৰ বিষয়ত জোৰ দিয়া হৈছে। ইয়াৰ মাজত বৌদ্ধ আৰু শ্যাম সংস্কৃতি, ঐতিহাসিক ৰীতি-নীতি তথা প্রাচীন যুগৰ নানা লিপি আদিয়ে গৱেষণাত স্থান পাব। উন্নয়নমূলক অংশীদাৰীত্বৰ গুৰুত্বপূর্ণ স্তম্ভ হিচাবে অভিন্ন সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণত সহযোগিতা প্ৰদান কৰা হ’ব। স্থিতিশীল উন্নয়নৰ দ্বিতীয় আৰু তৃতীয় পর্যায় অর্জন কৰাত দুয়োখন দেশে প্রথাগত চিকিৎসা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিছে। হাজাৰ হাজাৰ বছৰ ধৰি উভয় দেশৰ মাজত সাংস্কৃতিক আদান-প্রদানৰ ফলত আয়ুর্বেদ আৰু ভিয়েটনামৰ পৰম্পৰাগত ঔষধৰ বিষয়ে তথ্য বিনিময়ে স্বাস্থ্য ক্ষেত্রত জ্ঞান বৃদ্ধিতে সাহায্য প্ৰদান কৰিব। যোগ শান্তি আৰু সম্প্রীতিৰ প্রতীক হিচাবে উদ্ভাসিত হৈছে। ইয়াৰ জৰিয়তে আধ্যাত্মিক উন্নয়ন আৰু প্রশান্তি আর্জিত হয়। দুয়োখন দেশে জনসাধাৰণৰ কল্যাণৰ কথা বিবেচনা কৰি প্রথাগত চিকিৎসা ব্যৱস্থা তথা তথ্য-নির্ভৰ চিকিৎসা পদ্ধতিত পাৰস্পৰিক সহযোগিতা দৃঢ় কৰিব। ভাৰত-ভিয়েটনামৰ সাংস্কৃতিক আৰু সভ্যতা সংক্রান্তীয়  এনচাইক্ল’পিডিয়া প্রকাশ কৰা হ’ব। ২০২২ চনত ভাৰত-ভিয়েটনাম কূটনৈতিক সম্পর্কৰ স্বৰ্ণ জয়ন্তী বর্ষত এই কাম সম্পন্ন কৰা হ’ব।

১৩) উভয় দেশৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক সৌহার্দপূর্ণ সম্পর্কক অধিক নিৱিড় কৰি তোলাৰ বাবে বিমান সেৱা, পর্যটনৰ ক্ষেত্রত নিয়ম-কানুন শিথিল কৰা, ভিছা প্রক্রিয়াৰ সৰলীকৰণৰ জৰিয়তে দুই দেশৰ নাগৰিকসকলৰ পৰস্পৰৰ সৈতে যোগাযোগ বৃদ্ধি কৰা হ’ব। সংসদীয় প্রতিনিধিদলৰ আদান-প্রদান, ভাৰতৰ বিভিন্ন ৰাজ্য তথা ভিয়েটনামৰ প্রদেশসমূহৰ সৈতে সম্পর্ক গঢ়ি তোলা, ৰাজনৈতিক দলসমূহৰ মাজত যোগাযোগ বৃদ্ধি, সামাজিক সংগঠন, মৈত্রী গোষ্ঠী, যুৱ সংগঠনেৰ মাজত যোগাযোগ বৃদ্ধি, শিক্ষামূলক প্রতিষ্ঠানসমূহৰ মাজত সহযোগিতা বৃদ্ধি, যৌথ গৱেষণা কর্মসূচী, দুই দেশৰ নীতি প্রণয়নকাৰীৰ মাজত যোগাযোগ তথা সংবাদ-মাধ্যম, চলচ্চিত্র, টেলিভিছনৰ অনুষ্ঠান আৰু খেলা-ধূলাৰ জৰিয়তে দুয়োখন দেশৰ নাগৰিকৰ পৰস্পৰৰ সৈতে যোগাযোগ বৃদ্ধি কৰা হ’ব। ভাৰত-ভিয়েটনামৰ সম্পর্কৰ উন্নতিতে উভয় দেশৰ বিদ্যালয়ৰ পাঠ্যপুঠিত ঐতিহাসিক যোগাযোগৰ কথাই স্থান পাব।

১৪) অভিন্ন দৃষ্টিভংগীৰ জৰিয়তে ভাৰত-ভিয়েটনামৰ সর্বাংগীন কৌশলগত অংশীদাৰীত্বৰ নতুন যুগৰ সূচনা হ’ব বুলি দুয়োখন দেশৰ প্রধানমন্ত্রীয়ে প্রত্যয় ব্যক্ত কৰিছে। ২০২১-২৩ বৰ্ষ পর্যন্ত উভয় পক্ষই বিভিন্ন বিষয়ত পৰিকল্পনা কৰি সেইসমূহক বাস্তৱায়িত কৰিবে। 

ফলাফল

ক) ২০২১-২৩ বৰ্ষৰ মাজত যৌথ প্রস্তাৱনা গ্রহণ কৰি উভয় নেতাই কর্ম পৰিকল্পনা ৰূপায়ণৰ চুক্তি স্বাক্ষৰৰ সিদ্ধান্তক স্বাগতম জনাইছে।

 

খ)  ভিয়েটনাম বর্ডাৰ গার্ড-ৰ বাবে উচ্চ গতিৰ নৌকা নির্মাণ প্রকল্পটোৰ সফল ৰূপায়ণত দুয়োগৰাকী প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰিছে। ভাৰতে ভিয়েটনামক ১০ কোটি মার্কিন ডলাৰৰ প্রতিৰক্ষা ক্ষেত্রত সাহায্যৰ অংগ হিচাবে এই জাহজসমূহ তেওঁলোকক প্ৰদান কৰিছে।

 

গ) উভয় নেতাই ভাৰতৰ সাহায্যত ১৫ লক্ষ মার্কিন ডলাৰেৰে ভিয়েটনামৰ নিম থুয়ান প্রদেশত যি সাতটা উন্নয়নমূলক প্রকল্প ৰূপায়িত হৈছে, সেইসমূহৰ বিষয়ে প্রশংসা কৰিছে।

 

ঘ)  পাৰস্পৰিক সহযোগিতা বৃদ্ধিত বিভিন্ন বুজাবুজি পত্র আৰু চুক্তি স্বাক্ষৰ তথা প্রকল্প বাস্তৱায়নৰ বাবে দুয়োগৰাকী প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰিছে। যিসমূহ ক্ষেত্রত এই সহযোগিতা গঢ়ি তোলা হৈছে সেইসমূহ হল :

 

বুজাবুজি পত্র / চুক্তি স্বাক্ষৰ

 

১) প্রতিৰক্ষা শিল্প সহযোগিতাৰ বাবে ব্যৱস্থাপনা বাস্তৱায়ন।

 

২) না চাং নেচনেল টেলিকমিউনিকেছনচ ইউনিভাৰ্চিটীত ভাৰতৰ ৫০ লক্ষ মার্কিন ডলাৰ আর্থিক সাহায্যত আর্মী ছফটৱেৰ পার্ক গঢ়ি তোলা হ’ব৷

 

৩) ৰাষ্ট্রসংঘৰ শান্তিৰক্ষী বাহিনীত চিইউএনপিএকেঅ’-ভিএনডিপিকেঅ-ৰ মাজত সহযোগিতাৰ বাবে প্রয়োজনীয় উদ্যোগৰ বাস্তৱায়ন।

 

৪) ভাৰতৰ আণৱিক শক্তি নিয়ন্ত্রণ পৰিষদ আৰু ভিয়েটনামৰ এজেন্সী ফ’ৰ ৰেডিয়েছন এণ্ড নিউক্লিয়াৰ ছেফটিৰ মাজত বুজাবুজি পত্র।

 

৫) চিএছআইআৰ-ৰ অধীনস্থ ইণ্ডিয়ান ইনষ্টিটিউট অব্ পেট্রোলিয়ামৰ সৈতে ভিয়েটনাম পেট্রোলিয়াম ইনষ্টিটিউট-ৰ বুজাবুজি পত্র।

 

৬) নেচনেল ছ’লাৰ ফেডাৰেচন অব্ ইণ্ডিয়া আৰু ভিয়েটনাম ক্লীন এনার্জী এছ’চিয়েছনৰ মাজত বুজাবুজি পত্র।

 

৭) টাটা মেমোৰিয়েল চেণ্টাৰ আৰু ভিয়েটনাম নেচনেল কেন্সাৰ হাস্পতালৰ মাজত বুজাবুজিৰ পত্র।

 

ঘোষণাঃ

 

১) ২০২১-২২ বিত্তীয় বর্ষত কুইক ইম্পেক্ট প্র’জেক্টৰ সংখ্যা ৫ শতাংশৰ পৰা বৃদ্ধি কৰি ১০ শতাংশ কৰা হ’ব।

 

২) ভিয়েটনামৰ মাই চন-এই মন্দিৰৰ 'এফ' ব্ল’ক, কুয়াং নাম- বৌদ্ধ গুহা ডং ডুয়াং আৰু ফু ইয়েন- নান শ্যাম টাৱাৰৰ ঐতিহ্য সংৰক্ষণত নতুন উন্নয়নমূলক অংশীদাৰীত্বৰ প্রকল্প।

 

৩) ভাৰত-ভিয়েটনাম চিভিলাইজেছনেল এণ্ড কালচাৰেল ইন্টাৰেকচন ওপৰত প্ৰস্তুত এনচাইক্ল’পিডিয়াৰ বাবে দ্বিপাক্ষিক প্রকল্পৰ সূচনা।  

****

 

DS/SH/AK/MANN



(Release ID: 1682564) Visitor Counter : 337