প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাকাৱজং গুৰুদ্বাৰা ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে, গুৰু টেগ বাহাদুৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Posted On: 20 DEC 2020 10:12AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাকাৱজং গুৰুদ্বাৰা ভ্ৰমণ কৰাৰ লগতে গুৰু টেগ বাহাদুৰলৈ তেওঁৰ সৰ্বোচ্চ ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, আজি পুৱা মই ঐতিহাসিক গুৰুদ্বাৰা ৰাকৱ গঞ্জ চাহিবত প্ৰাৰ্থনা কৰো, য’ত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ পূণ্য নশ্বৰদেহ সমাধিস্থ কৰা হৈছিল৷ মই অতিশয় আশীষধন্য হৈছো৷ মোৰ দৰে বিশ্বৰ কোটি কোটি লোকে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ উদাৰতাৰ জৰিয়তে গভীৰভাৱে অনুপ্ৰাণিত হৈছে৷

এয়া গুৰু চাহিবৰ বিশেষ কৃপা যে আমাৰ চৰকাৰৰ কাৰ্যকালতে আমি শ্ৰী গুৰু টেগ বাহাদুৰৰ ৪০০সংখ্যক জয়ন্তী উদযাপন কৰিব পাৰিম৷

আহক, আমি শ্ৰী গুৰু টেগ বাহাদূৰ জীৰ পূণ্য তিথি আৰু তেওঁৰ আদৰ্শক এক ঐতিহাসিক ধৰণেৰে উদযাপন কৰো৷

***

DS/VJ/DB



(Release ID: 1682123) Visitor Counter : 178