স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ সক্ৰিয় কেছল’ড ৩.৫২ লাখলৈ অৱনমিত; যি ১৪৯ দিনৰ ভিতৰত সৰ্বনিম্ন

যোৱা ১৭ দিনৰপৰা দৈনিক নতুন ঘটনাতকৈ দৈনিক নতুন আৰোগ্য লাভৰ ঘটনা অধিক হৈ আছে

৯৩.৮৮ লাখ মুঠ আৰোগ্য লাভেৰে, আৰোগ্য লাভৰ হাৰ প্ৰায় ৯৫%

Posted On: 14 DEC 2020 10:44AM by PIB Guwahati

আজি ভাৰতৰ সক্ৰিয় ঘটনাৰ সংখ্যা হয় ৩,৫২,৫৮৬ টা। সক্ৰিয় ঘটনাৰ হাৰ মুঠ পজিটিভ ঘটনাৰ ৩.৫৭% লৈ অৱনমিত হৈছে। এয়া ১৪৯ দিনৰ পাছত সৰ্বনিম্ন। ১৮ জুলাই, ২০২০ত মুঠ সক্ৰিয় ঘটনা আছিল ৩,৫৮,৬৯২ টা।

নতুন ঘটনাতকৈ দৈনিক আৰোগ্য লাভৰ ঘটনাৰ আধিক্যই সক্ৰিয় কেছল’ড হ্ৰাস হৈ থকাটো নিশ্চিত কৰি তুলিছে। যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় ঘটনাৰপৰা ৩,৯৬০ টা ঘটনা হ্ৰাস হৈ পৰে।

যোৱা ২৪ ঘন্টাত সমগ্ৰ ৰাষ্ট্ৰখনত নতুন ঘটনাৰ সংখ্যা হয় ২৭,০৭১ টা। ইয়াৰ বিপৰীতে যোৱা ২৪ ঘন্টাত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৩০,৬৯৫ টা। যোৱা ১৭ দিনৰপৰা দৈনিক নতুন ঘটনাতকৈ দৈনিক নতুন আৰোগ্য লাভৰ ঘটনা অধিক হৈ আছে।

মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা প্ৰায় ৯৪ লাখ (৯,৩৮৮,১৫৯) হোৱাত আৰোগ্য লাভৰ হাৰ ৯৪.৯৮% লৈ বৃদ্ধি পাইছে। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে আৰু বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ৯,০৩৫,৫৭৩ টা।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৫.৫৮% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এদিনত আৰোগ্য লাভৰ ঘটনা কেৰালাত সৰ্বাধিক ৫,২৫৮ টা। ইয়াৰ পাছতেই থকা মহাৰাষ্ট্ৰত নতুন আৰোগ্য লাভৰ ঘটনা হৈছে ৩,০৮৩ টা। পশ্চিম বংগত দৈনিক আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ২,৯৯৪ টা।

নতুন ঘটনাৰ ৭৫.৮২% হৈছে ১০ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

যোৱা ২৪ ঘন্টাত দৈনিক নতুন ঘটনা কেৰালাত সৰ্বাধিক ৪,৬৯৮ টা। মহাৰাষ্ট্ৰত নতুন ঘটনাৰ সংখ্যা ৩,৭১৭ টাৰ বিপৰীতে পশ্চিম বংগত কালি নতুন ঘটনাৰ সংখ্যা হৈছে ২,৫৮০ টা।

যোৱা ২৪ ঘন্টাত ৩৩৬ টা মৃত্যুৰ ঘটনাৰ ৭৯.৪৬% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

নতুন মৃত্যুৰ ঘটনাৰ ২০.৮৩% মহাৰাষ্ট্ৰত সংঘটিত হৈছে। এই পৰিমাণ হৈছে ৭০। পশ্চিম বংগ আৰু দিল্লীত ক্ৰমে ৪৭ আৰু ৩৩ টা নতুন মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

****

MV/SJ/SB



(Release ID: 1680670) Visitor Counter : 132