স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মুঠ আক্ৰান্তৰ ৩.৬২%লৈ নামিল ভাৰতৰ সক্ৰিয় ৰোগীৰ পৰিমাণ

মুঠ আৰোগ্য আৰু মুঠ সক্ৰিয় ৰোগীৰ মাজৰ ব্যৱধান ৯০লাখৰো অধিক হ’ল

প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে আক্ৰান্ত আৰু মৃতকৰ দৈনিক হাৰ শেহতীয়া ৭দিনত অন্যতম ভাবে ন্যূনতম বুলি তথ্য নিশ্চিত হৈছে ভাৰতত

Posted On: 13 DEC 2020 10:52AM by PIB Guwahati

কেইবাটাও সপ্তাহ ধৰি সক্ৰিয় ৰোগীৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পোৱাৰ অব্যাহত ধাৰাকে সাৰোগত কৰি  ভাৰতত সক্ৰিয় ৰোগীৰ হাৰ মুঠ আক্ৰান্তৰ ৩.৬২%লৈ অৱনমিত হৈছে

নতুনকৈ আৰোগ্যৰ সংখ্যাই দৈনিক নতুন আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰাৰ ধাৰাই স্বাভাৱিকতেই চিকিত্সাধীন ৰোগীৰ হেঁচা কম কৰি ৰাখিছে। আজিৰ তাৰিখত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৩.৫৬,৫৪৬গৰাকীলৈ অৱনমিত হৈছে

যোৱা ২৪ ঘণ্টাত ৩০,২৫৪গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৩,১৩৬গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰি চিকিত্সালয় এৰাৰ অনুমতি লাভ কৰিছে। ইয়াৰ সুবাদত শেহতীয়া ২৪ ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যা ৩,২৭৩ৰে অৱনমিত হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image001UH7Y.jpg

প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে আক্ৰান্ত আৰু  মৃতকৰ দৈনিক হাৰ শেহতীয়া ৭দিনত পৃথিৱীৰ ভিতৰতে অন্যতম ন্যূনতম(১৫৮) বুলি তথ্য নিশ্চিত হৈছে ভাৰতত।

http://static.pib.gov.in/WriteReadData/userfiles/image/image002IMPI.jpg

আজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা হৈছে ৯৩,৫৭,৪৬৪গৰাকী। ইফালে, আৰোগ্য আৰু সক্ৰিয় ৰোগীৰ সংখ্যাৰ মাজৰ ব্যৱধান বৃদ্ধিৰ হাৰ দিনে দিনে বাঢ়ি আজিৰ তাৰিখত এই পৰিমাণ ৯০লাখ(৯০,০০,৯১৮) হৈছেহি

শেহতীয়া ভাবে আৰোগ্য লাভৰ শতাংশ হাৰ প্ৰায় ৯৫% (৯৪.৯৩%) হৈছেহি

http://static.pib.gov.in/WriteReadData/userfiles/image/image003BNBS.jpg

ইফালে, নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৫.২৩%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, সৰ্বাধিক ৫,২৬৮গৰাকী নতুন আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে কেৰালাই এই তালিকাত ৩,৯৪৯ আৰু ৩,১৯১গৰাকী লোকেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু দিল্লী

http://static.pib.gov.in/WriteReadData/userfiles/image/image004BHNA.jpg

সেইদৰে, নতুনকৈ আক্ৰান্তৰ ৭৫.৭১%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

শেহতীয়া ২৪ ঘণ্টাত কেৰালাই সৰ্বাধিক ৫৯৪৯গৰাকী নতুন আক্ৰান্তৰে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ৪,২৫৯ আৰু ২,৭১০গৰাকী আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগ

http://static.pib.gov.in/WriteReadData/userfiles/image/image005BOI5.jpg

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ৩৯১গৰাকী লোকে মৃত্যু সাৱটি লৈছে।

এইক্ষেত্ৰতো ৭৭.৭৮% মৃতকেই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ইয়াৰ বাহিৰে যোৱা ২৪ ঘণ্টাত আন এখনো ৰাজ্যই দুটা অংকযুক্ত মৃতকৰ সংখ্যাৰ তথ্য প্ৰদান কৰা নাই।

ইয়াৰে, মহাৰাষ্ট্ৰত সৰ্বাধিক ৭৯.২৮% অৰ্থাত্ ৮০গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে দিল্লী আৰু পশ্চিম বংগত মৃত্যু হৈছে ক্ৰমে ৪৭ আৰু ৪৪গৰাকী লোকৰ

http://static.pib.gov.in/WriteReadData/userfiles/image/image006F9SL.jpg

গোলকীয় প্ৰেক্ষাপটত কৰা তুলনাত, প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে যোৱা ৭দিন ধৰি ভাৰতৰ মৃতকৰ হাৰ অন্যতম ভাবে ন্যূনতম বুলি তথ্য নিশ্চিত কৰা হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image007S9LB.jpg

 

*********************

MV/SJ/KB



(Release ID: 1680461) Visitor Counter : 91