প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে আগন্তুক ১২ ডিচেম্বৰত ফিকি (এফআইচিচিআই) ৰ ৯৩ তম বাৰ্ষিক সাধাৰণ সভা আৰু বাৰ্ষিক সন্মিলনত ভাষণ দিব

प्रविष्टि तिथि: 10 DEC 2020 7:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ১২ ডিচেম্বৰৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ফিকি (এফআইচিচআই) ৰ ৯৩ তম বাৰ্ষিক সাধাৰণ সভা আৰু বাৰ্ষিক সন্মিলনত ভাষণ দিব। তাৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল মাধ্যমেৰে ফিকিৰ বাৰ্ষিক এক্সপ’ ২০২০-ৰ উদ্বোধনো কৰিব।

ফিকিৰ বাৰ্ষিক সন্মিলন ভাৰ্চুৱেল মাধ্যমত আগন্তুক ১১, ১২ আৰু ১৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব। এই বছৰৰ বাৰ্ষিক সন্মিলনৰ মুখ্য বিষয়বস্তু হ’ল ‘অনুপ্ৰাণিত ভাৰত’। এই অনুষ্ঠানত একাধিক মন্ত্ৰী, আমোলা, উদ্যোগপতি, কূটনীতিবিদ, আন্তৰ্জাতিক বিশেষজ্ঞ আৰু অন্যান্য শীৰ্ষ স্থানীয় ব্যক্তিত্বসকলে যোগ দিব। অৰ্থনীতিৰ ওপৰত কোভিড-১৯ ৰ প্ৰভাৱ, চৰকাৰৰ গৃহীত সংস্কাৰ আৰু ভাৰতীয় অৰ্থনীতিক আগুৱাই নিয়াৰ পথ - এই বিষয়ৰ ওপৰত বিভিন্ন পক্ষই আলোচনা চলাব।

ফিকিৰ বাৰ্ষিক ভাৰ্চুৱেল এক্সপ’ ২০২০ কাইলৈ অৰ্থাৎ ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব। এই এক্সপ’ এবছৰ ধৰি চলিব। ভাৰ্চুৱেল মাধ্যমত আয়োজিত এক্সপ’ত বিশ্বজুৰি প্ৰদৰ্শনকাৰীসকলে তেওঁলোকৰ পণ্য তুলি ধৰিব পাৰিব আৰু তেওঁলোকৰ ব্যৱসায় আগুৱাই নিয়াৰ সুযোগ সৃষ্টি হ’ব।

 

****

DS/SH/RD


(रिलीज़ आईडी: 1680166) आगंतुक पटल : 124
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam