PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 11 DEC 2020 5:51PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

 

Image

ভাৰতৰ উল্লেখযোগ্য সফলতাঃ ১৪৬ দিনৰ পিছত ভাৰতৰ সক্ৰিয় ৰোগীৰ সংখ্যা ৩.৬৩ লাখলৈ অৱনমিত হৈছে; দৈনিক ৩০,০০০ত কৈও কম ৰোগী আক্ৰান্ত হৈছে

আজি ভাৰতৰ সক্ৰিয় ৰোগীৰ সংখ্যা উল্লেখ্যযোগ্য ধৰণে ৩.৬৩ লাখ (৩,৬৩,৭৪৯)লৈ অৱনমিত হৈছে৷ ১৪৬ দিনৰ পিছত এয়াই সবাতোকৈ কম সংখ্যক আক্ৰান্ত হোৱা লোকৰ সংখ্যা৷ ১৮ জুলাই ২০২০ত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৩,৫৮,৬৯২ জন৷ বিগত ২৪ ঘণ্টাত ৩৭,৫২৮ জন লোকে আৰোগ্য লাভ কৰিছে৷ ইয়াৰ বিপৰীতে ২৯,৩৯৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৯২,৯০,৮৩৪ জন লোকে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় আৰু আৰোগ্য ৰোগীৰ মাজৰ ব্যৱধানে ৮৯ লক্ষাধিকৰ সীমা অতিক্ৰম কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

দক্ষিণ এছিয়াৰ টীকাকৰণৰ লক্ষ্য প্ৰাপ্তিৰ বাবে বিশ্ব বেংকৰ আন্তঃমন্ত্ৰালয় বৈঠকত ভাষণ প্ৰদান কৰিলে ডাঃ হৰ্ষ ৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কালি ভিডিঅ’ কনফাৰেন্সযোগে দক্ষিণ এছিয়াত টীকাকৰণৰ লক্ষ্য প্ৰাপ্তিৰ বাবে বিশ্বৰ বেংকৰ আন্তঃমন্ত্ৰালয় বৈঠকত ভাষণ প্ৰদান কৰে৷

অধিক বিৱৰণ বাবে

 

ভাৰত-উজবেকিস্তান সন্মিলনত প্ৰধানমন্ত্ৰী প্ৰদান কৰা মুকলি ভাষণ

অধিক বিৱৰণৰ বাবে

 

এমঅ’এইচইউএয়ে মুকলি কৰিলে পিএম স্বনিধিৰ হিতাধিকাৰীসকলৰ আৰ্থ-সামাজিক প্ৰফাইলিং

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰই আজি পিএম স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলৰ আৰ্থ-সামাজিক প্ৰফাইলিং মুকলি কৰে৷ মুকলি  অনুষ্ঠানটোত কেন্দ্ৰ আৰু ৰাজ্যিক মন্ত্ৰালয়ৰ বিভিন্ন প্ৰতিনিধিও উপস্থিত আছিল৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতীয় ৰে’লৱেয়ে মুকলি কৰিলে হস্পিতাল মেনেজমেণ্ট ইনফ’ৰ্মেছন ছিষ্টেম ট্ৰায়েল প্ৰজেক্ট

ভাৰতীয় ৰে’লৱেয়ে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে হস্পিতাল মেনেজমেণ্ট ইনফ’ৰ্মেছন ছিষ্টেম ট্ৰায়েল প্ৰজেক্ট চমুকৈ এইচএমআইএছ মুকলিৰে তথ্য প্ৰযুক্তিৰ এক পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

সমগ্ৰ দেশৰ ২৯২৭টা ন্যায়ালয় প্ৰাংগনত ২৯৯২টা ই-ন্যায়ালয় প্ৰকল্পৰ লক্ষ্য নিৰ্ধাৰণৰ বাবে উচ্চ গতিৰ নেটৱৰ্ক সংযোজিত কৰিছে

অধিক বিৱৰণৰ বাবে

 

গ্ৰাহকৰ দাবী নিষ্পত্তিৰ বাবে ডিঅ’চিএয়ে গ্ৰহণ কৰিছে সৰল আৰু দ্ৰুত গতিৰ অভিযোগ নিবাৰণৰ কেতবোৰ পদক্ষেপ

গ্ৰাহক পৰিক্ৰমা বিভাগে বিভিন্ন মৌৰ ব্ৰেণ্ডত চেনীৰ চিৰাপ মিহলোৱাৰ কেতবোৰ প্ৰতিবেদন লাভ কৰিছে৷ এয়া এক গুৰুতৰ  অভিযোগ আৰু ই ক’ভিড-১৯ৰ সময়ছোৱাত স্বাস্থ্য সন্দৰ্ভত ক্ষতিকাৰকো৷ বিভাগটোৱে গ্ৰাহকৰ এই অভিযোগ দায়িত্বসহকাৰে গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ বৃহস্পতিবাৰে ৩৮২৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ১৮,৬৮,১৭২ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত মুম্বাইত ৭৯৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ২,৮৮,৬৯৬ জন লোক ৰোগত আক্ৰান্ত হৈছে৷
  • গুজৰাটঃ গুজৰাটত বিগত ২৪ ঘণ্টাত ১২৭০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩৮২০ জন৷
  • ৰাজস্থানঃ মাহটোৰ প্ৰথম দহ দিনত প্ৰায় ১৯,০০০ জন লোক ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ মুখ্যমন্ত্ৰী অশোক গেহলটে বিষয়াসকলক ৰাজ্যখনত কাৰ্যকৰী প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশ দিছে৷
  • মধ্য প্ৰদেশঃ বৃহস্পতিবাৰে ১৩১৯ জন লোক ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২,১৯,৮৯৩ জন৷ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩৩৭৩ জন৷
  • চট্টিশগড়ঃ বৃহস্পতিবাৰে ১৫১৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ আক্ৰান্ত লোকৰ সংখ্যা হৈছে ২,৫২,৬৩৮ জন আৰু মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩,০৫৪ জন৷ আৰোগ্য লাভ কৰিছে ২,৩০,২৩৮ জনে৷
  • গোৱাঃ বৃহস্পতিবাৰে কোনো লোকৰ মৃত্যু হোৱা নাই৷ ৯৫ জন লোক ৰোগত নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৫৯ জন লোকে বৃহস্পতিবাৰে আৰোগ্য লাভ কৰিছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৯,১৩১ জন৷ এই পৰ্যন্ত ৪৭,২১৫ জন লোকে আৰোগ্য লাভ কৰিছে৷
  • অসমঃ অসমত কালি ১৪০ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৬৫ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হৈছে ২১৪৩০৫ জন৷ মুঠ ২০৯৭৮৭ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৫১৬ জন আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ৯৯৯ জন৷
  • কেৰালাঃ  কালি ৪৪৭০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ক’ভিডত মৃত্যু হোৱাৰ লোকৰ সংখ্যা হৈছে ২৫৩৩ জন৷
  • তামিলনাডুঃ তামিলনাডুত পাঁচ লাখ লোকে ক’ভিডৰ প্ৰতিষেধক লাভ কৰিব৷ ইয়াৰ বাবে ২৮০০টা প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰা হৈছে৷ বৃহস্পতিপাবে ১৩০২ জন লোকক মুকলি কৰি দিয়া হয় আৰু ইয়াৰ বিপৰীতে ১২২০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷ মুঠ ৰোগীৰ সংখ্যা হৈছে ৭৯৫২৪০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১০৩৯২ জন৷
  • কৰ্ণাটকঃ বেলগাভিত ক’ভিড-১৯ৰ প্ৰতিষেধকৰ ট্ৰায়েলৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে৷ স্বাস্থ্য বিভাগে অ’পিডিক স্বাভাৱিক ধৰণে কাম কৰিবলৈ নিৰ্দেশ দিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত মুঠ পজিটিভ ৰোগীৰ সংখ্যা হ’ল ৮,৭৪,৫১৫ জন৷ আৰোগ্য লাভ কৰিছে ৮,৬২,২৩০ জনে৷ আৰু মৃত্যু হৈছে ৭০৪৯ জনৰ৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫২৩৬ জন৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৬৪৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ৮০৫ জনে আৰোগ্য লাভ কৰিছে আৰু ২ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৭৫,৯০৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৪৯৭ জন৷ ১৪৮২ জনৰ মৃত্যু হৈছে৷ ২,৬৬,৯২৫ জন ৰোগীক মুকলি কৰি দিয়াৰ জৰিয়তে আৰোগ্য হাৰ হৈছে ৯৬.৭৪%৷

 

ফেক্ট চেক

 

 

Image

Image

 

*************************



(Release ID: 1680164) Visitor Counter : 196