প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হান্নুক্কাহ উপলক্ষ্যে ইজৰাইল আৰু ইহুদী জনসাধাৰণক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
10 DEC 2020 7:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হান্নুক্কাহ উত্সৱ উপলক্ষ্যে ইজৰাইলৰ জনসাধাৰণ আৰু বিশ্বৰ সকলো ইহুদী বন্ধু-বান্ধৱীকে শুভেচ্ছা জনাইছে।
এক টুইটযোগে শ্ৰী মোদীয়ে কয়, ‘ইজৰাইলৰ জনসাধাৰণ আৰু বিশ্বৰ সকলো ইহুদী বন্ধু-বান্ধৱীকে চাগ হান্নুক্কাহ চামেছ। এই উত্সৱে আমাৰ জীৱনলৈ শান্তি আৰু আশাৰ বতৰা কঢ়িয়াই আনক আৰু ইয়াৰ জৰিয়তে আমাৰ জনসাধাৰণৰ মাজৰ সম্বন্ধ আৰু অধিক মজবুত হৈ পৰক।’
এই টুইটটো ইজৰাইলৰ প্ৰধানমন্ত্ৰী ব্ৰেঞ্জামিন নেতানয়াহু আৰু ৰাষ্ট্ৰপতি ৰিউভেন ৰিভলিনক টেগ কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিব্ৰু ভাষাতেই এই টুইট কৰিছে।
******
DS/SH/KG
(ৰিলিজ আই ডি : 1679918)
অতিথি কক্ষ : 174
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada