PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 10 DEC 2020 5:42PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

 

Image

ভাৰতৰ টেষ্টিং লক্ষ্যণীয়ভাৱে বৃদ্ধি, মুঠ টেষ্টে অতিক্ৰম কৰিলে ১৫ কোটি, যোৱা ১০ দিনত ১ কোটি টেষ্ট সম্পন্ন, যোৱা ১১ দিন ধৰি একেৰাহে দৈনিক নতুন ঘটনা ৪০,০০০ ৰ কম হৈ আছে, যোৱা পাঁচ দিন ধৰি, ৫০০ তকৈ কম দৈনিক মৃত্যুৰ ঘটনাৰে অভিলেখ
বিশ্ব মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত ভাৰতে আন এটি লেণ্ডমাৰ্ক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। মুঠ টেষ্টিঙে ১৫ কোটি অতিক্ৰম কৰিছে। যোৱা ২৪ ঘন্টাত ৯,২২,৯৫৯ টা নমুনা টেষ্ট কৰাত ভাৰতৰ মুঠ টেষ্ট ১৫,০৭,৫৯,৭২৬ লৈ বৃদ্ধি পায়। অন্তিম এক কোটি মাত্ৰ ১০ দিনত সম্পন্ন কৰা হয়। ক্ৰমাগতভাৱে বিস্তৃত আৰু প্ৰসাৰিত টেষ্টিঙে পজিটিভিটি হাৰ নিম্ন কৰাত অৰিহণা যোগায়। আন এটা লক্ষ্যণীয় সফলতা হিচাপে বিবেচিত হৈছে যোৱা এঘাৰ দিন ধৰি একেৰাহে নতুন দৈনিক ঘটনাৰ সংখ্যা ৪০,০০০ ৰ নিম্ন হৈ ৰৈছে। যোৱা ২৪ ঘন্টাত, দেশখনৰ ৩১,৫২১ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে। একে সময়তে ভাৰতত নতুন আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৩৭,৭২৫ টা। যাৰ জৰিয়তে সক্ৰিয় কেছল’ড ক্ৰমান্বয়ে হ্ৰাস পাই আছে। ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড হৈছে ৩,৭২,২৯৩ টা। যাৰ হাৰ হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ৩.৮১%আজি মুঠ আৰোগ্য লাভৰ ঘটনাই ৯২.৫ লাখ (৯২,৫৩,৩০৬) অতিক্ৰম কৰে। আৰোগ্য লাভৰ হাৰ ৯৪.৭৪% লৈ বৃদ্ধি পাইছে। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে আৰু বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ৮,৮৮১,০১৩ টা। নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৭.৩০% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক ৫,০৫১ জন লোকে আৰোগ্য লাভ কৰিছে ইয়াৰ পাছতেই থকা কেৰালা আৰু দিল্লীত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ক্ৰমে ৪,৬৪৭ আৰু ৪,১৭৭ টা। নতুন ঘটনাৰ ৭৪.৬৫% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত সৰ্বাধিক ৪,৯৮১ টা নতুন ঘটনা চিনাক্ত কৰা হৈছে। কালি কেৰালাত নতুন ঘটনাৰ সংখ্যা ৪,৮৭৫ টা। পশ্চিম বংগত ইয়াৰ পৰিমাণ হৈছে ২,৯৫৬ টা। যোৱা ২৪ ঘন্টাত সংঘটিত হোৱা ৪১২ টা মৃত্যুৰ ঘটনাৰ ৭৭.৬৭% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। নতুন মৃত্যুৰ ঘটনাৰ ১৮.২০% মহাৰাষ্ট্ৰত সংঘটিত হৈছে। ইয়াত উক্ত সময়ছোৱাত ৭৫ জন লোকৰ মৃত্যু ঘটে। দিল্লীত মৃত্যুৰ ঘটনাৰ হাৰ হৈছে ১২.১৩%ইয়াত ৫০ জন লোকৰ মৃত্যু হৈছে। যোৱা ৫ দিন ধৰি দৈনিক নতুন মৃত্যুৰ ঘটনা ৫০০ ৰ নিম্ন হৈ আছে।

অধিক বিৱৰণৰ বাবেঃ

 

নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন ভৱনটি ‘আত্মনিৰ্ভৰ ভাৰত’ দৃষ্টিৰ এটি অবিচ্ছেদ্য অংগ হৈ পৰিব আৰু স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে জনতাৰ সংসদ নিৰ্মাণৰ লেণ্ডমাৰ্ক সুযোগ হ’ব। যিয়ে ২০২২ ত স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত ‘নৱ্য ভাৰত’ৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষা পূৰণ কৰিব। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজিৰ দিনটো ভাৰতৰ গণতান্ত্ৰিক ইতিহাসত এটা মাইলৰ খুঁটি, অনুৰূপভাৱে ই ভাৰতীয়ত্বৰ ধাৰণাৰে পৰিপূৰ্ণ হৈ উঠিছে। তেখেতে লগতে কয় যে ভাৰতৰ সংসদ ভৱনৰ নিৰ্মাণৰ আৰম্ভণি হৈছে আমাৰ গণতান্ত্ৰিক পৰম্পৰাৰ এটা অতিশয় উল্লেখযোগ্য ঢাপ। তেখেতে ভাৰতৰ জনসাধাৰণক একেলগে এই সংসদটো নিৰ্মাণত উঠিপৰি লাগিবলৈ আহ্বান জনায়।

অধিক বিৱৰণৰ বাবেঃ

 

নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

 

অধিক বিৱৰণৰ বাবেঃ

 

৬ষ্ঠ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান উৎসৱ ২০২০ ৰ অংশ হিচাপে আইচিএমআৰ- ৰাষ্ট্ৰীয় জনজাতি স্বাস্থ্য গৱেষণা পৰিষদৰদ্বাৰা আয়োজিত ভাৰ্চুৱেল কাৰ্টেইন ৰেইজাৰ অনুষ্ঠান ডিজিটেলী সম্বোধন ডাঃ হৰ্ষ বৰ্ধনৰ

৬ষ্ঠ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান উৎসৱ ২০২০ (IISF 2020)ৰ অংশ হিচাপে আইচিএমআৰ- ৰাষ্ট্ৰীয় জনজাতি স্বাস্থ্য গৱেষণা পৰিষদৰদ্বাৰা জব্বলপুৰত আয়োজিত ভাৰ্চুৱেল কাৰ্টেইন ৰেইজাৰ অনুষ্ঠান ডিজিটেলী সম্বোধন কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি, আৰ্থ চায়েন্স মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে। এই ৬ষ্ঠ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান উৎসৱ ২০২০ অনুষ্ঠিত কৰিছে বৈজ্ঞানিক ও ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR) এ। ইয়াত সহযোগিতা আগবঢ়াইছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ (ICMR), বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (DST), আৰ্থ চায়েন্স মন্ত্ৰালয় (MoES), বাঅ’টেকন’ল’জি বিভাগ (DBT) আৰু বিজ্ঞান ভাৰতী (VIBHA) এ। ইয়াত ভাষণ প্ৰদান কৰি, ডাঃ হৰ্ষ বৰ্ধনে কয়, “২০১৫ ত শুভাৰম্ভ হোৱা আইআইএছএফে সদায়েই আমাক জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নীতকৰণৰ অৰ্থে বিজ্ঞান আৰু ইয়াৰ আহিলাসমূহৰ অগ্ৰগতিক থূপাই প্ৰদৰ্শন কৰি আহিছে।

অধিক বিৱৰণৰ বাবেঃ

 

জিএছটি ঘাটিৰ জোৰা মাৰিবলৈ ৰাজ্যসমূহলৈ ৬,০০০ কোটি টকাৰ ৬ষ্ঠ কিস্তি মুকলি

জিএছটি ঘাটিৰ জোৰা মাৰিবলৈ বিত্ত মন্ত্ৰালয়ে ৬০০০ কোটি টকাৰ সাপ্তাহিক কিস্তি ৰাজ্যসমূহলৈ মুকলি কৰি দিছে। ইয়াৰ ভিতৰত, ৫,৫১৬.৬০ কোটি টকা ২৩ খন ৰাজ্যলৈ মুকলি কৰি দিয়া হয় আৰু ৪৮৩.৪০ কোটি টকা মুকলি কৰি দিয়া যায় ৩ কেন্দ্ৰীয় শাসিত অঞ্চললৈ। এয়া হৈছেঃ দিল্লী, জম্মু-কাশ্মীৰ ও পুডুচেৰী। এইসমূহ জিএছটি পৰিষদৰ অন্তৰ্ভুক্ত হৈ আছে। বাকী থকা ৫ খন ৰাজ্য যথাঃ অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমত জিএছটি ৰূপায়ণৰ বাবে ৰাজহ ঘাটি নোহোৱাকৈ আছে।

অধিক বিৱৰণৰ বাবেঃ

 

নৱেম্বৰলৈকে এমএছএমইলৈ ২১০০০ কোটি টকাৰো অধিক প্ৰদান আৰু অধিক ক্ৰয়ৰ দৃঢ় প্ৰচেষ্টাৰ শলাগ ললে বিত্তমন্ত্ৰীয়ে

কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এমএছএমইক প্ৰদানৰ পৰিস্থিতি পৰ্যালোচনা কৰে আৰু ইয়াত তেওঁ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এমএছএমই মন্ত্ৰালয়ে কৰা উত্তম কৰ্মৰ শলাগ লয়। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টি অনুসৰি বিত্তমন্ত্ৰীগৰাকীয়ে ২০২০ৰ মে’ত আত্মনিৰ্ভৰ ভাৰত পেকেজ ঘোষণা কৰিছিল। ইয়াত এই কথাও ঘোষণা কৰা হৈছিল যে এমএছএমই ৰ পাওনা ৪৫ দিনৰ ভিতৰত পৰিশোধ কৰিব লাগিব। ২০২০ ৰ মে’ মাহৰপৰাই, এই পাওনা পৰিশোধৰ ক্ষেত্ৰত এমএছএমই মন্ত্ৰালয়কে প্ৰমুখ্য কৰি ভাৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ ওপৰত বিশেষ দৃষ্টি আৰোপ কৰা যায়।

অধিক বিৱৰণৰ বাবেঃ     

 

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত বেটাৰ ডেন কেছ এলায়েন্সৰ যুটীয়া কাৰ্যসূচী সম্পন্ন
বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে কালি “দায়বদ্ধ ডিজিটিল পেমেন্টৰ ত্বৰান্বিতকৰণঃ অন্তিম স্থানলৈ সেৱা প্ৰদানৰ অৰ্থে ফিনটেকৰ ভূমিকাৰ আনলকিং” শীৰ্ষক লাৰ্ণিং ছেচন অনুষ্ঠিত কৰে। ইয়াত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নেতৃত্বই সহযোগিতা কৰে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত বেটাৰ ডেন কেছ এলায়েন্সৰ সৈতে লগ লাগি এই কাৰ্যসূচী অনুষ্ঠিত কৰে। ইয়াত ভিন্ন মন্ত্ৰালয় আৰু সংস্থাসমূহে প্ৰেজেনটেশ্যন আগবঢ়ায়। প্ৰেজেনটেশ্যন আগবঢ়োৱা বিষয়সমূহ আছিলঃ অ’পেন এপিআই, স্মাৰ্ট চিটি কাৰ্ড, ব্লকচেইন ইউজ কেচেছ, একাউন্ট অগ্ৰিগেটৰ ইক’ চিষ্টেম ইত্যাদি।

অধিক বিৱৰণৰ বাবেঃ

 

আগন্তুক প্ৰতিযোগিতামূলক আৰু বৰ্ড পৰীক্ষাসমূহৰ সন্দৰ্ভত শিক্ষক, পিতৃ-মাতৃ আৰু ছাত্ৰ-ছাত্ৰীৰে ভাৰ্চুৱেলী মত-বিনিময় কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ

আগন্তুক প্ৰতিযোগিতামূলক আৰু বৰ্ড পৰীক্ষাসমূহৰ সন্দৰ্ভত সমগ্ৰ দেশৰ শিক্ষক, পিতৃ-মাতৃ আৰু ছাত্ৰ-ছাত্ৰীৰে ভাৰ্চুৱেলী মত-বিনিময় কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকই। এই এঘন্টীয়া মত-বিনিময়ৰ সময়ছোৱাত, মন্ত্ৰীজনে বিদ্যালয়ৰ পৰীক্ষা, প্ৰৱেশ পৰীক্ষা আৰু আন-আন সম্পৰ্কত ছাত্ৰ-ছাত্ৰীসকলৰ ভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে। এই অনুষ্ঠানত শ্ৰী পোখৰিয়ালে কয় যে ছাত্ৰ-ছাত্ৰীসকল হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ ব্ৰেণ্ড এম্বেছাদৰ। এই নীতিৰ সফলতাৰ অৰ্থে সংহত প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াৰ সফল ৰূপায়ণৰ অৰ্থে শিক্ষক সমাজ আৰু ছাত্ৰ-ছাত্ৰীৰ সহযোগিতা কামনা কৰে। ছাত্ৰ-ছাত্ৰীসকলে শীঘ্ৰেই গতানুগতিক স্কুলীয়া জীৱন লাভ কৰাৰ আশা প্ৰকাশ কৰি বৰ্তমান সতৰ্ক থাকিয়েই শিক্ষাজীৱন আগবঢ়াই নি থাকিবলৈ আহ্বান জনায়।

অধিক বিৱৰণৰ বাবেঃ   

 

হজ ২০২১ ৰ অৰ্থে আৱেদন দাখিলৰ অন্তিম তাৰিখ ২০২১ ৰ ১০ জানুৱাৰীলৈ সম্প্ৰসাৰণ

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখটাৰ অব্বাছ নকভীয়ে কয় যে হজ ২০২১ ৰ অৰ্থে আৱেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২০২১ ৰ ১০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। প্ৰতিজন হজ যাত্ৰীৰ বাবে ব্যয় হ্ৰাস কৰা হৈছে বুলি তেওঁ কয়। আজি মন্ত্ৰীজনে মুম্বাইৰ হজ ভৱনত ভাৰতৰ হজ কমিটিৰ এখন বৈঠকত পৌৰহিত্য কৰি পৰৱৰ্তী সময়ত এখন সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰে। শ্ৰী নকভীয়ে কয় যে আজি হজ ২০২১ ৰ অৰ্থে আৱেদন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ আছিল। কিন্তু আজিৰ সলনি ২০২১ ৰ ১০ জানুৱাৰীলৈ এই সময়সীমা সম্প্ৰসাৰিত কৰা হৈছে। উল্লেখযোগ্য যে হজ ২০২০ ৰ অৰ্থে অদ্যপি ৪০,০০০ ৰোধিক আৱেদন লাভ কৰা হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

মহাৰাষ্ট্ৰৰ লাটুৰৰ ৮৭৯৭ দিব্যাংগলৈ সাহাৰ্য্য আৰু সহায়কাৰী সঁজুলি প্ৰদানৰ কাৰ্যসূচী উদ্বোধন শ্ৰী থাৱাৰচান্দ গেহলটৰ

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী শ্ৰী থাৱাৰচান্দ গেহলটে ‘অদীপ’ কেম্প ই-উদ্বোধন কৰে। ইয়াত ভাৰত চৰকাৰৰ ‘অদীপ’ আঁচনিৰ অধীনত লাটুৰ জিলাৰ চিনাক্ত কৰা দিব্যাংগসকলক সাহাৰ্য্য় আৰু সহায়কাৰী সঁজুলি প্ৰদান কৰা হ’ব। ইয়াত ভাষণ আগবঢ়াই, শ্ৰী গেহলটে কয় যে ক’ভিড-১৯ মহামাৰী পৰিস্থিতিত দেশখনৰ দিব্যাংগসকলৰ কল্যাণ নিশ্চিত কৰি তুলিবলৈ ভাৰত চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক বিৱৰণৰ বাবেঃ

 

টেক সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰ সন্দৰ্ভত ভাৰত ও পৰ্টুগালৰ চৰকাৰ, শৈক্ষিক মহল ও উদ্যোগৰ প্ৰতিনিধিসকলৰ মাজত আলোচনা

 

অধিক বিৱৰণৰ বাবেঃ

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • অসমঃ অসমত কালি ২৮,৮৯৬ টা টেষ্ট সম্পন্ন কৰাৰ বিপৰীতে চিনাক্ত হোৱা ঘটনাৰ সংখ্যা হৈছে ১৪৬ টা। পজিটিভিটি হাৰ ০.৫১%একে সময়তে ১৭৮ জন ৰোগীক ডিচাৰ্জ দিয়া হয়। ৰাজ্যখনত ২১৪১৬৫ মুঠ ঘটনাৰ বিপৰীতে আৰোগ্য লাভৰ হাৰ ৯৭.৮৮% ও সক্ৰিয় ঘটনা ১.৬৫%
  • ছিকিমঃ ২৪ টা নতুন ঘটনাৰে ছিকিমৰ মুঠ ক’ভিড-১৯ পজিটিভ ঘটনাৰ সংখ্যা ৫,২৩৯ লৈ বৃদ্ধি পাইছে। শেহতীয়াভাৱে হাস্পতাল আৰু হ’ম আইচ’লেশ্যনৰপৰা ১৯ জন ৰোগীক ডিচাৰ্জ দিয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা ৪,৬৬১ লৈ বৃদ্ধি পাইছে। ইয়াত বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩৬৮ টা।
  • কেৰালাঃ কেৰালাত কালি ৪,৮৭৫ জন লোকৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছে। ৰাজ্যখনত ইয়াৰ ফলত মৃতকৰ সংখ্যা ২,৫০৭ লৈ বৃদ্ধি পাইছে। ইয়াত সাম্প্ৰতিক পজিটিভিটি হাৰ হৈছে ৯.২৬ শতাংশ।
  • তামিল নাডুঃ তামিল নাডুত সক্ৰিয় ক”ভিড-১৯ ঘটনাৰ সংখ্যা বুধবাৰে ১০,৪৯১ লৈ অৱনমিত হৈছে। একে সময়তে নতুন ঘটনা ১,২৩২ টা আৰু মৃত্যুৰ ঘটনা ১৪ টা। ৰাজ্যখনত মুঠ ঘটনা হৈছেগৈ ৭,৯৪,০২০ টা আৰু মৃত্যুৰ সংখ্যাই ১১,৮৩৬ স্পৰ্শ কৰিছে।
  • কৰ্ণাটকঃ কালি কৰ্ণাটকত নতুন ঘটনা ২৭৯ টা। ডিচাৰ্জ লাভৰ ঘটনা ৩২১৮ টা আৰু মৃত্যুৰ ঘটনা ২০ টা। ৰাজ্যখনত মুঠ ঘটনা হৈছেগৈ ৮,৯৬,৫৬৩ টা। সক্ৰিয় ঘটনা ২৩,০৫৬ টা, মৃত্যুৰ ঘটনা ১১,৯০০ টা আৰু আৰোগ্য লাভ কৰিছে ৮,৬১,৫৮৮ জনে।
  • অন্ধ্ৰ প্ৰদেশঃ চৰকাৰী নীতি-নিৰ্দেশনা অনুসৰণ কৰি, জিলা প্ৰশাসনসমূহে ক’ভিড-১৯ৰ ভেকচিন প্ৰদানৰ অৰ্থে সষ্টম হৈ পৰিছে. খণ্ড আৰু টাউন স্তৰত কমিটিও গঠন কৰা হৈছে।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত তেলেংগানাত চিনাক্ত হোৱা নতুন ঘটনাৰ সংখ্যা হৈছে ৬৪৩ টা। আৰোগ্য লাভৰ ঘটনা ৮০৫ টা ও মৃত্যুৰ ঘটনা ২ টা। ৰাজ্যখনত মুঠ ঘটনা ২,৭৫,৯০৪ টা, সক্ৰিয় ঘটনা ৭,৪৯৭ টা, মৃত্যুৰ ঘটনা ১৪৮২ টা, আৰোগ্য লাভৰ ঘটনা ২,৬৬,৯২৫ টা। ইয়াত আৰোগ্য লাভৰ হাৰ হৈছে ৯৬.৭৪ শতাংশ।
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰৰ স্বাস্থ্য সচিব প্ৰদীপ ব্যাসে অৱগত কৰিছে যে ১৬,০০০ ৰোধিক লোকে ভেকচিন প্ৰদানকাৰী হিচাপে ক’-উইন পৰ্টেলত পঞ্জীয়ন কৰিছে। ঠিক সেইদৰে ভেকচিনৰ হিতাধিকাৰী হিচাপে প্ৰায় এক লাখ লোকে নিজৰ নাম পঞ্জীয়ন কৰিছে।
  • গুজৰাটঃ দিপাৱলীৰ পাছত ক’ভিড-১৯ ঘটনা বৃদ্ধি পোৱাৰ পাছত গুজৰাটত বৰ্তমান এই সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ ধৰিছে। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুন ক’ভিড ঘটনা ১,৪০০ সীমাৰ তলত অৱস্থান কৰে। ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৪,০২৭ টা।
  • ৰাজস্থানঃ বুধবাৰে ৰাজস্থানত ১৭ ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে। ইয়াৰ ফলত ৰাজ্যখনত ক’ভিডৰ বাবে মৃতকৰ সংখ্যা ২,৮৪৫ লৈ বৃদ্ধি পালে। ইয়াত মুট ঘটনা হৈছেগৈ ২,৮৫,৬২৭ টা। নতুন ঘটনাৰ সংখ্যা হৈছে ১,৫১১ টা। সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৯,৭৯২ টা।
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত বুধবাৰে ১,২৭২ টা নতুন ক’ভিড ঘটনা চিনাক্ত কৰা হৈছে। ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ২,১৮,৫৭৪ লৈ বৃদ্ধি পালে। একে সময়তে আঠজন ৰোগীৰ মৃত্যু হোৱাত মৃতকৰ সংখ্যা ৩,৩৬৬ লৈ বৃদ্ধি হয়। ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৩,২২১ টা।

 

ফেক্ট চেক

Image

Image

 

****************



(Release ID: 1679822) Visitor Counter : 243