প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ইণ্ডিয়ান মোবাইল কংগ্ৰেছ’ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 08 DEC 2020 11:42AM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ শ্ৰী ৰবি শংকৰ প্ৰসাদ, টেলিকম উদ্যোগ তথা অন্যান্য খণ্ডৰ নেতৃবৃন্দ তথা বিশিষ্ট অতিথিসকল,

ইণ্ডিয়ান মোবাইল কংগ্ৰেছ ২০২০ত সম্বোধন কৰিবলৈ পাই মই অতিকে আনন্দিত হৈছো। আজিৰ এই সমাৰোহত দূৰসংযোগ ক্ষেত্ৰৰ আটাইতকৈ উজ্জ্বতম মেধাৱীসকল সমবেত হৈছেহি। শেহতীয়া সময়ছোৱাত এই খণ্ডক পৰিচালনা কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰা সকলো বিষয়ববীয়াই এই মণ্ডলীত উপস্থিত আছে আৰু ভাৰতক আৰু অধিক সমৃদ্ধ ভৱিষ্যতৰ দিশে আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে নেতৃত্ব প্ৰদান কৰি যাব বুলি আশা কৰিলো।

বন্ধুসকল,

দ্ৰুত গতি আৰু ইয়াৰ পৰিণতিত সংযোগ ব্যৱস্থাৰ নিৰন্তৰ উত্তৰণৰ অভিজ্ঞতা আমি প্ৰত্যক্ষ কৰিছো যদিও এটা কথা আমি নিশ্চয় উপলব্ধি কৰিব লাগিব যে, এই যাত্ৰাই কেৱল গতি লবলৈ আৰম্ভহে কৰিছে। প্ৰথমবাৰৰ বাবে টেলিফোনৰে বাৰ্তালাপ কৰিব পৰা হোৱাৰে পৰা এতিয়ালৈ আমি বহুদূৰ বাট অতিক্ৰম কৰি আহিলো। পিচে, আমাৰ দেশ, সমাজ তথা পৃথিৱীত মোবাইল বিপ্লৱৰ প্ৰভাৱ দৰাচলতে কেনে হব সেই কথা আনকি ১০বছৰ পূৰ্বেও কল্পনা কৰাটো কঠিন আছিল। আৰু সন্মুখত আহিবলগীয়া ভৱিষ্যতে যে বৰ্তমানৰ পদ্ধতিসমূহক আওপুৰণি বুলি চিহ্নিত কৰিব সেয়া খাটাং। এনে প্ৰেক্ষাপটতে আমি অনাগত সময়ত আহিবলগীয়া প্ৰযুক্তি বিপ্লৱৰ সৈতে ৰজিতা খুৱাই আমাৰ জীৱনক উন্নত স্বাস্থ্যসুৰক্ষা, উন্নত শিক্ষা, উন্নত তথ্য আৰু আমাৰ কৃষক ৰাইজৰ বাবে সুযোগ-সুবিধা, ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে উন্নত বজাৰ ব্যৱস্থা আদিৰ লক্ষ্যত উপনীত হব পৰাকৈ আমি সকলোৱে একত্ৰে কামত ব্ৰতী হোৱাৰ পৰিকল্পনা কৰিব লাগিব।

বন্ধুসকল,

আপোনালোকৰ উদ্ভাৱন আৰু নিৰবিচ্চিন্ন প্ৰয়াসৰ সুবাদতে মহামাৰীৰ সংকটৰ মাজতো পৃথিৱীয়ে কাম-কাজ অব্যাহত ৰাখিব পাৰিছে। আপোনালোকৰ প্ৰয়াসৰ সুবাদতে দূৰৈৰ মহানগৰত বাস কৰা লৰাই মাক-দেউতাকৰ সৈতে যোগাযোগ ৰাখিব পাৰিছে, শ্ৰেণীকোঠালৈ নোযোৱাকৈয়ে শিক্ষাৰ্থীসকলে ঘৰৰ পৰাই তেওঁলোকৰ শিক্ষকৰ পৰা পাঠ গ্ৰহণ কৰিব পাৰিছে, ভিন্ ভিন্ ভৌগলিক ক্ষেত্ৰৰ পৰা ব্যৱসায়ীসকলে তেওঁলোকৰ গ্ৰহাকৰ সৈতে সংযুক্ত হব পাৰিছে।

আপোনালোকৰ প্ৰয়াসৰ বাবেই চৰকাৰ হিচাপে আমিও তথ্য প্ৰযুক্তি আৰু টেলিকম খণ্ডৰ সম্পূৰ্ণ সম্ভাৱনীয়তাসমূহ উদ্ঘাটন কৰাৰ বাবে কৰ্মৰত হৈছো। নতুনকৈ যুগুতোৱা অন্যন্য সেৱা যোগনীয়াৰ বিধি-নিৰ্দেশনাই ভাৰতীয় তথ্য প্ৰযুক্তি সেৱা উদ্যোগখণ্ডক নতুন শিখৰলৈ উত্তৰণৰ যাত্ৰা কৰাৰ ক্ষেত্ৰত নিশ্চয় সহযোগিতা প্ৰদান কৰিব। ই খণ্ডটোৰ প্ৰগতিকো উত্সাহিত কৰিব, আনকি মহামাৰীৰ পৰৱৰ্তি পৰিস্থিতিত অতিক্ৰম কৰিবলগীয়া দীঘলীয়া যাত্ৰাকালতো ই সহায়ক হএই পদক্ষেপে তথ্য প্ৰযুক্তি সেৱা উদ্যোগ খণ্ডক গণতান্ত্ৰিক হোৱাত সহায় কৰাৰ লগতে দেশৰ অন্তিমটো চুক পৰ্যন্ত ইয়াৰ সম্প্ৰসাৰণ সম্ভৱ কৰি তুলিব

বন্ধুসকল,

আজি আমি এনে এক যুগত উপস্থিত হৈছোহি যত মাত্ৰ কেইটামান বছৰৰ পুৰণা মোবাইল এপ্ সমূহে দশক জুৰি থকা প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক প্ৰমূল্যকো পিচ পেলাবলৈ সক্ষম হৈছে। আৱশ্যে এয়া ভাৰত আৰু আমাৰ যুৱ উদ্ভাৱকসকলৰ বাবে নিশ্চয় এক শুভ-সংকেতো। গোলকীয় পৰিমণ্ডললৈ যাব পৰাৰ পূৰ্ণ সম্ভাৱনা বহণ কৰা বহু উত্পাদনী প্ৰক্ৰিয়াৰ সৈতে আমাৰ যুৱ-প্ৰজন্ম জড়িত হৈ আহিছে।

একাংশ যুৱ প্ৰযুক্তিবিদে মোক কৈছে বোলে, বিধিয়েহে উত্পাদিত সামগ্ৰীসমূহক বিশেষত্ব প্ৰদান কৰে। আন কিছু উদ্যোগীয়ে আকৌ মোক কৈছে, ধাৰণাইহে অধিক মহত্ব বহণ কৰে। বিনিয়োগকাৰীসকলৰ মতে আকৌ কোনো এবিধ সামগ্ৰীৰ মাত্ৰা বৰ্দ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মূলধনেহে। পিচে, সততেই দেখা যায় যে আটাইতকৈ মহত্বপূৰ্ণ কথাটো হৈছে আস্থা-আন্তৰিকতাহে, যি আন্তৰিকতা যুৱ-প্ৰজন্মই তেওঁলোকৰ উত্পাদিত সামগ্ৰীসমূহৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰে। কেতিয়াবাতো এই আস্থায়েই এক ক্ষুদ্ৰ প্ৰতিষ্ঠানকো সমৃদ্ধ ৰূপ দান কৰিব পাৰে।

বন্ধুসকল,

আজিৰ তাৰিখত আমি এখন এশকোটিৰো অধিক সংখ্যক ফোন ব্যৱহাৰ-কৰোতাৰ দেশ। আজিৰ তাৰিখত অনন্য ডিজিটেল পৰিচিতি থকা আমাৰ এশকোটিৰো অধিক সংখ্যক মানুহ আছে। এই মুহূৰ্তত আমাৰ ৭৫০ নিযুত ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে। নিম্নোল্লিখিত তথ্যকেইটা লক্ষ্য কৰিলেই সম্ভৱতঃ আপোনালকে ভাৰতৰ ইণ্টাৰনেটত প্ৰৱেশৰ মাত্ৰা আৰু গতিবেগৰ উমান পাব পাৰিব : ভাৰতৰ মুঠ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ অৰ্দ্ধেক সংখ্যক সংযুক্ত হৈছে যোৱা চাৰিটা বছৰৰ ভিতৰত। মুঠ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ অৰ্দ্ধেক সংখ্যকেই আক আমাৰ গ্ৰাম্যাঞ্চলৰ। আমাৰ দেশৰ ডিজিটেল সম্প্ৰসাৰণৰ আকাংক্ষা আৰু আকাৰ আক্ষৰিক অৰ্থতে অভুতপূৰ্ব। পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম মাচুল সংগ্ৰহকাৰী দেশ আমি। পৃথিৱীৰ ভিতৰতে দ্ৰত গতিত সম্প্ৰসাৰিত হোৱা মোবাইল এপ্-ৰ অন্যতম বজাৰ আমি। আমাৰ দেশৰ ডিজিটেল সম্ভাৱনীয়তাৰ সমকক্ষ এই মুহূৰ্তত আন কোনো নাই, সম্ভৱতঃ মানৱ ইতিহাসতে!

এই মোবাইল প্ৰযুক্তিৰ সুবাদতে আমি বিলিয়ন ডলাৰ পৰিমাণৰ বিত্তীয় সহযোগিতা কোটি কোটি জনলৈ প্ৰেৰণ কৰিব পাৰিছো। এই মোবাইল প্ৰযুক্তিৰ যহতে আমি দুখীয়া-দৰিদ্ৰজনক মহামাৰীৰ সংকট কালত তড়িত গতিৰে সহায় কৰিবলৈ সক্ষম হৈছো। এই মোবাইল প্ৰযুক্তিৰ বাবেই আজি আমি কোটি কোটি সংখ্য নগদ-বিহীন লেনদেন প্ৰত্যক্ষ কৰিছো, যিয়ে আনুষ্ঠানিকতা আৰু স্বচ্ছতাক উত্সাহিত কৰিছে। এই মোবাইল প্ৰযুক্তিৰ যহতে আমি টোল বুথসমূহত স্পৰ্শবিহীন আদান-প্ৰদান সম্ভৱ কৰিব পাৰিলো। এই মোবাইল প্ৰযুক্তিৰ বলতে আমি পৃথিৱীৰ ভিতৰতে অন্যতম সৰ্ববৃহত্ কভিড-১৯ প্ৰতিষেধকৰ অভিযান সম্পন্ন কৰিবলৈ  প্ৰস্তুতি চলাইছো।

বন্ধুসকল,

ভাৰতত মোবাইল উত্পাদনৰ ক্ষেত্ৰত আমি বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছো। মোবাইল নিৰ্মাণকাৰীসকলৰ বাবে ভাৰত অন্যতম পচন্দৰ দেশ হৈ উঠিছে। ভাৰতত টেলিকম উপকৰণ নিৰ্মাণকাৰীক উত্সাহিত কৰাৰ উদ্দেশ্যে আমি প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰিছো।

ইফালে, আগন্তুক তিনিবছৰৰ ভিতৰত দেশৰ সকলো গাঁৱকে হাই স্পীড ফাইবাৰ অপ্টিক-ৰে সংযুক্ত কৰাৰ ব্যৱস্থা কৰিছো। আমি ইতিমধ্যে আন্দমান নিকোবৰক এই ব্যৱস্থাৰে সংযুক্ত কৰিছো। আমি আকাংক্ষী জিলা, সন্ত্ৰাসজৰ্জৰ জিলা, উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যকেইখন, লাক্ষাদ্বীপৰ দৰে অঞ্চলক বিশেষ গুৰুত্ব প্ৰদান কৰি এই অভিযানত অগ্ৰসৰ হৈছো।

বন্ধুসকল,

প্ৰযুক্তিগত উত্তৰণৰ বাবেই আমি আমৰ হেণ্ডছেট, গেডগেটসমূহ সঘনাই সলাই থাকিবলগীয়া হৈছে। সেয়ে, সৃষ্টি হোৱা ইলেক্ট্ৰনিক আৱৰ্জনাৰ বিশাল ভাণ্ডাৰৰ সদ্ব্যৱহাৰ কৰিব পৰাকৈ উদ্ভাৱনী ব্যৱস্থা কৰাৰ বাবে এক কাৰ্যবাহিনী গঠন কৰিব পাৰিনেকি এই বিষয়ে উদ্যোগসমূহে চিন্তা-চৰ্চা কৰিবনেকি বাৰু।

বন্ধুসকল,

মই কৈছোৱেই, এয়া মাথোঁ যাত্ৰাৰ আৰম্ভণীহে। প্ৰযুক্তিৰ দ্ৰুত উত্তৰণৰ বাবে ভৱিষ্যতে বিপুল সম্ভাৱনাৰ ইংগিত বহণ কৰিছে। সেয়ে ৫-জিৰ দৰে সেৱাসমূহ আৰম্ভ কৰাৰ বাবে আমি একেলগে কাৰ্যৰত হোৱাৰ প্ৰয়োজন আছে। মই ভাবো এই সমাৱেশে এইসমূহ প্ৰসংগত চৰ্চা কৰি ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণ কৰিব।

সকলোলৈকে শুভ কামনা জনালো।

ধন্যবাদ।

******

DS/AK/KB



(Release ID: 1679271) Visitor Counter : 218