স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
কোভিডৰ সক্ৰিয় ঘটনাৰ সংখ্যাত ধাৰাবাহিকভাৱে অৱনতি; ১৩৬ দিনৰ পিছত সংক্ৰমিত লোকৰ সংখ্যা ৪.১০ লাখৰ তলত
ৱা ৮ দিনধৰি দৈনিক সুস্থ হোৱা ৰোগীৰ সংখ্যা নতুন ৰোগীৰ দৈনিক সংখ্যাতকৈ অধিক হৈ আছে
পোষ্ট কৰা হৈছে:
05 DEC 2020 11:13AM by PIB Guwahati
ভাৰতৰ মুঠ সক্ৰিয় কোভিড ঘটনাৰ সংখ্যা আজি ৪.১০ লাখ (৪,০৯,৬৮৯)ৰ তললৈ গৈছে। এয়া ১৩৬ দিনৰ পিছত সবাতোকৈ কম নথিভুক্ত কৰা হৈছে। ২২ জুলাই, ২০২০ত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৪,১১,১৩৩ আছিল।
এই নতুন ৰোগীসকলক শীঘ্ৰে চিকিৎসা পোৱাত আৰু তেওঁলোক সুস্থ হোৱাতহে সম্ভৱ হৈছে, যাৰ ফলত সক্ৰিয় ঘটনাৰ সংখ্যাত ধাৰাবাহিকভাৱে অৱনতি হৈ আছে। ভাৰতৰ বৰ্তমান সক্ৰিয় কেছলোড দেশৰ মুঠ কোভিড ঘটনাৰ কেৱল ৪.২৬%। নতুন ৰোগীয়ে শীঘ্ৰে আৰোগ্য লাভ কৰাত মুঠ সক্ৰিয় ঘটনাত ৬,৩৯৩ৰ অৱনতি হৈছে।

দেশত যোৱা আঠ দিনত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা দৈনিক ঘটনাতকৈ অধিক। যোৱা ২৪ ঘণ্টাত ৩৬,৬৫২ নতুন ৰোগী নথিভুক্ত হৈছে। ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত ৪২,৫৩৩ ৰোগী চিকিৎসাৰ পিছত আৰোগ্য হয় আৰু তেওঁলোকক যাবলৈ দিয়া হৈছে।
দেশত কৰোণাৰ পৰা মুক্ত হোৱা লোকৰ হাৰো একেৰাহে বাঢ়ি আছে। আজি ই ৯৪.২৮% হৈছেগৈ। মুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৯,০৫৮,৮২২। সুস্থ হোৱা লোক আৰু কোভিডৰ সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান প্ৰায় ৮৬.৫০ লাখ আৰু বৰ্তমান ই ৮,৬৪৯,১৩৩।
নতুন সুস্থ হোৱা ঘটনাৰ ৭৮.০৬% ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিতপ্ৰদেশৰ।
মহাৰাষ্ট্ৰত যোৱা এদিনত সৰ্বাধিক ৬,৭৭৬ ৰোগী কোভিডৰ পৰা আৰোগ্য হৈছে। কেৰালাত ৫,৪৯৬ লোক এই ৰোগৰ পৰা আৰোগ্য হৈছে আৰু ইয়াৰ পিছত দিল্লীত ৪,৮৬২ ৰোগী কৰোণাৰ পৰা সুস্থ হৈছে।

কৰোণা ভাইৰাছেৰে নতুন সংক্ৰমিত ঘটনাৰ ৭৬.৯০% ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ। কেৰালাত সৰ্বাধিক ৫,৭১৮ নতুন ঘটনা নথিভুক্ত কৰা হৈছে। ইয়াৰ পিছত মহাৰাষ্ট্ৰৰ পৰা ৫,২২৯ নতুন ৰোগী সন্মুখলৈ আহে। ৰাজধানী দিল্লীত ৪,০৬৭ নতুন সংক্ৰমিত লোক নথিভুক্ত কৰা হৈছে।

যোৱা ২৪ ঘণ্টাত ৫১২ লোকৰ কোভিডত মৃত্যু হৈছে। ইয়াৰে ৭৮.৩২% মৃত্যু দহখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশত হৈছে। মহাৰাষ্ট্ৰত সৰ্বাধিক ১২৭ লোকৰ মৃত্যু হৈছে। দিল্লীত ৭৩ আৰু পশ্চিমবংগত ৫২ লোকৰ কৰোণা মহামাৰীৰ ফলত প্ৰাণ হানি হৈছে।

*****
MV/SJ
(ৰিলিজ আই ডি : 1678687)
অতিথি কক্ষ : 213
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada