স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত সক্ৰিয় ৰোগীৰ শতকৰা হাৰ মুঠ আক্ৰান্তৰ ৪.৩৫%লৈ অৱনমিত হৈছে

শেহতীয়া ৭টা দিনত নতুন ৰোগীৰ সংখ্যা অতিক্ৰম কৰিছে দৈনন্দিন আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই

সামগ্ৰিক ভাবে ০.৯ কোটিৰো অধিক লোকে আৰোগ্য লাভ কৰাৰ তথ্য পঞ্জীয়ণ

Posted On: 04 DEC 2020 10:34AM by PIB Guwahati

ভাৰতত সক্ৰিয় ৰোগীৰ শতকৰা হাৰ কালিৰ ৪.৪৪শতাংশৰ পৰা অৱনমিত হৈ আজি  ৪.৩৫শতাংশ হৈছেহি।

শেহতীয়া ৭টা দিনত দৈনন্দিন আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যাই নতুন ৰোগীৰ সংখ্যা অতিক্ৰম কৰিছে। নতুন ৰোগীৰ তুলনাত আৰোগ্য হোৱা ব্যক্তিৰ সংখ্যা অধিক হোৱাৰ ফলত দেশৰ সক্ৰিয় ৰোগীৰ সংখ্যা আজি ৪,১৬,০৮২লৈ অৱনমিত হৈছে।

যিমুহূৰ্তত ৩৬,৫৯৫গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পঞ্জীয়ণভুক্ত হৈছে সেই সময়তে কিন্তু ৪২,৯১৬ গৰাকী লোকে আৰোগ্য লাভ কৰি হাস্পটাল এৰাৰ অনুমতি লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়া ২৪ ঘণ্টাত আৰোগ্য লাভ কৰা ব্যক্তি আৰু নতুনকৈ আক্ৰান্তৰ মাজৰ ব্যৱধান ৬,৩২১ হোৱাৰ ফলত নতুন ৰোগীৰ সংখ্যা ৬,৮৬১ ৰে  হ্ৰাস পোৱাৰ তথ্য প্ৰকট কৰিছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image001Z3UU.jpg

প্ৰতি নিযুত মানুহৰ বিপৰীতে আক্ৰান্ত হোৱাৰ ব্যক্তিৰ হিচাপত পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম(৬,৯৩৬) সংখ্যক লোক আক্ৰান্ত হোৱা দেশৰ অন্যতম বুলি ভাৰতে ইতিমধ্যে গঢ়া পৰম্পৰা এতিয়াও ৰাখিবলৈ সক্ষম হৈছে ভাৰতে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image002WPCW.jpg

আৰোগ্য লাভৰ শতাংশ হাৰ ৯৪.২% হৈছেগৈআজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা ৯০,১৬,২৮৯ গৰাকী হৈছেগৈ। ইফালে, আৰোগ্য লাভ কৰা আৰু নতুনকৈ আক্ৰান্তৰ মাজৰ ব্যৱধান সম্প্ৰতি ৮৬,০০,২০৭ হৈছেহি।

নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৮০.১৯%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, মহাৰাষ্ট্ৰই সৰ্বাধিক ৮,০৬৬গৰাকী আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে। ইয়াৰ পিচতে ৫,৫৯০ আৰু ৪,৮৩৪ গৰাকীৰে স্থান লাভ কৰিছে ক্ৰমে কেৰালা আৰু দিল্লীয়ে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image003PPU4.jpg

যোৱা ২৪ ঘণ্টাত ৪১,৮১০গৰাকী ব্যক্তিৰ দেহত কভিড-১৯ৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে।

নতুনকৈ আক্ৰান্তৰ ৭৫.৭৬%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এইক্ষেত্ৰ কেৰালাই সৰ্বাধিক ৫,৩৭৬গৰাকী আক্ৰান্তৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৫,১৮২ আৰু ৩,৭৩৪ আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু দিল্লী

http://static.pib.gov.in/WriteReadData/userfiles/image/image004PTV0.jpg

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ৫৪০ গৰাকী লোকে মৃত্যু সাৱটি লৈছে।

এইক্ষেত্ৰতো ৭৭,৭৮%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, মৃতকৰ ২১.২৯শতাংশই, অৰ্থাত মহাৰাষ্ট্ৰত সৰ্বাধিক ১১৫গৰাকী লোকে মৃত্যু সাৱটি লৈছে। ইয়াৰ বিপৰীতে দিল্লীত ৮২গৰাকী আৰু পশ্চিম বংগত ৪৯গৰাকী লোকে মৃত্যু বৰণ কৰিছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image005ABIP.jpg

সামগ্ৰিক ভাবে পৃথিৱীৰে তুলনা কৰিলে দেখা যাব যে, মৃতকৰ সংখ্যাৰ হিচাপত প্ৰতি নিযুত লোকৰ বিপৰীতে ভাৰতে এতিয়াও মৃত্কৰ সংখ্যা (১০১) ন্যূনতম বুলি চিহ্ণিত হোৱা দেশৰ অন্যতম হোৱাৰ সামৰ্থ্য বহণ কৰি আহিছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image006WNIS.jpg

****

MV/KB



(Release ID: 1678456) Visitor Counter : 171