প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বুৰেভি ঘূৰ্ণীবতাহৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

Posted On: 02 DEC 2020 8:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু এড়াপ্পড়ী কে পালানীস্বামীৰ সৈতে বুৰেভি ঘূৰ্ণীবতাহৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত বাৰ্তালাপ কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “তামিনলাডুৰ মুখ্যমন্ত্ৰী থিৰু @EPSTamilNadu জীৰ সৈতে টেলিফোনযোগে কথা পাতো৷ আমি বুৰেভি ঘূৰ্ণীবতাহৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰো৷ কেন্দ্ৰই তামিলনাডুৰ প্ৰতি সম্ভাৱ্য সকলোধৰণৰ সহায় আগবঢ়াব৷ ক্ষতিগ্ৰস্ত এলেকাত বসবাস কৰা লোকসকলৰ সু-স্বাস্থ্য আৰু সুৰক্ষাৰ বাবে মই প্ৰাৰ্থনা জনাইছো৷”

***

DS/SH/DB



(Release ID: 1677828) Visitor Counter : 9