বিত্ত মন্ত্ৰালয়
২০২০ বৰ্ষৰ নৱেম্বৰ মাহত মুঠ জিএছটি ৰাজহ সংগ্ৰহৰ পৰিমাণ ১,০৪,৯৬৩ কোটি টকা
प्रविष्टि तिथि:
01 DEC 2020 1:45PM by PIB Guwahati
চলিত বছৰৰ নৱেম্বৰ মাহত জিএছটিৰ বাবদ মঠ ৰাজহ সংগ্রহৰ পৰিমাণ হৈছে ১,০৪,৯৬৩ কোটি টকা। ইয়াৰ ভিতৰত চিজিএছটিৰ বাবদ ১৯,১৮৯ কোটি টকা, এছজিএছটিৰ বাবদ ২৫,৫৪০ কোটি টকা, আইজিএছটিৰ বাবদ ৫১,৯৯২ কোটি টকা (পণ্য সামগ্রীৰ আমদানিৰ পৰা সংগৃহীত ২২,০৭৮ কোটি টকা সহ) আৰু চেছৰ বাবদ ৮,২৪২ কোটি টকা (পণ্য সামগ্রী আমদানিৰ পৰা সংগৃহীত ৮০৯ কোটি টকা সহ) সংগ্রহ হৈছে। এই মাহত ৩০ নৱেম্বৰ পর্যন্ত জিএছটিআৰ– ৩বি ৰিটার্ন দাখিলৰ মুঠ সংখ্যা ৮২ লাখ।
চৰকাৰে চিজিএছটিৰ বাবদ ২২,২৯৩ কোটি টকা আৰু আইজিএছটিৰ পৰা এছজিএছটিৰ বাবদ ১৬,২৮৬ কোটি টকা নিয়মীয়া নিষ্পত্তি হিচাপে নিষ্পত্তি কৰিছে। নৱেম্বৰ মাহত নিয়মীয়া নিষ্পত্তিৰ পাছত কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহৰ সংগৃহীত মুঠ ৰাজহৰ পৰিমাণ চিজিএছটিৰ বাবদ ৪১,৪৮২ কোটি টকা আৰু এছজিএছটিৰ বাবদ ৪১,৮২৬ কোটি টকা।
জিএছটিৰ বাবদ ৰাজহ সংগ্ৰহত সম্প্রতি অগ্রগতিৰ যি প্রবণতা লক্ষ্য কৰা গৈছে, তাৰ সৈতে সংগতি ৰাখি ৰাজহ সংগ্রহৰ পৰিমাণ যোৱা বছৰৰ নৱেম্বৰৰ তুলনাত চলিত বছৰত সংগ্রহৰ পৰিমাণ ১.৪ শতাংশ বৃদ্ধি পাইছে। সদ্য সমাপ্ত নৱেম্বৰ মাহত আমদানিৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ ৪.৯ শতাংশ বৃদ্ধি পাইছে আৰু আভ্যন্তৰীণ লেনদেনৰ পৰা (আমদানি সেৱা সহ) ৰাজহ সংগ্রহৰ পৰিমাণ যোৱা বছৰৰ এই একেই মাহৰ তুলনাত এইবাৰ ০.৫ শতাংশ বৃদ্ধি পাইছে।
তলৰ তালিকাত ২০২০ চনৰ মাহিলী মুঠ জিএছটি ৰাজহৰ প্ৰবৃত্তি দেখুওৱা হৈছে। তালিকাত ২০১৯ৰ তুলনাত নৱেম্বৰ ২০২০ত প্ৰতিখন ৰাজ্যত সংগ্ৰহ কৰা জিএছটিৰ ৰাজ্য অনুযায়ী সংখ্যা দেখুওৱা হৈছে।
*******
RM/KMN/KG
(रिलीज़ आईडी: 1677609)
आगंतुक पटल : 345
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Odia
,
Tamil
,
Telugu
,
Malayalam