স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আৰু কমি ৪.৩৫ লাখ হৈছে

দৈনিক সুস্থতাৰ সংখ্যাই আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰিছে

Posted On: 01 DEC 2020 12:12PM by PIB Guwahati

ভাৰতত আজি সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪ লাখ ৩৫ হাজাৰ ৬০৩ গৰাকী। মুঠ আক্ৰান্তৰ সংখ্যা সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা কেৱল ৪.৬০ শতাংশ।

দৈনিক ভিত্তিত সুস্থতাৰ সংখ্যাই আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰিছে। ইয়াৰ ফলত, সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যাও ক্ৰমাৎ কমিছে। দেশত বিগত ২৪ ঘন্টাত সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১১ হাজাৰ ৩৪৯ টাৰ ক্ষেত্ৰতো হ্ৰাস হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image0019EFB.jpg

অৱশ্যে, দেশত বিগত ২৪ ঘন্টাত ৩১ হাজাৰ ১১৮ জন  লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image002U3EF.jpg

কেৰেলা, দিল্লী, কৰ্ণাটক, ছট্টিশগড়সহ কেবাখনো ৰাজ্যত বিগত ২৪ ঘন্টাত সুস্পষ্টভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা কমিলেও উত্তৰাখণ্ড, গুজৰাট, অসম আৰু গোৱাৰ দৰে কেবাখনো ৰাজ্যত এই সংখ্যা পুনৰ বৃদ্ধি পাইছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image003WVXM.jpg

দেশত বিগত ২৪ ঘন্টাত ৪১ হাজাৰ ৯৮৫ জন লোক সুস্থ হৈ উঠিছে।

ইয়াৰ ফলত, মুঠ সুস্থতাৰ সংখ্যা বাঢ়ি ৮৮ লাখ ৮৯ হাজাৰ ৫৮৫ হৈছে। সুস্থতাৰ হাৰো ৯৩.৯৪ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে, সুস্থতা আৰু আক্ৰান্তৰ সংখ্যাৰ মাজত পাৰ্থক্য ক্ৰমাৎ বৃদ্ধি হৈ বৰ্তমান হৈছে ৮৪ লাখ ৫৩ হাজাৰ ৯৮২ গৰাকী।

বিগত ২৪ ঘন্টাত আৰোগ্য লাভ কৰাসকলৰ ৭৬.৮২ শতাংশই ১০ খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ লোক।

কেৰেলাত এদিনতেই সৰ্বাধিক ৬ হাজাৰ ৫৫ জন লোক সুস্থ হৈ উঠিছে। আনফালে, দিল্লীত বিগত ২৪ ঘন্টাত সুস্থ হৈছে ৫ হাজাৰ ৮২৪ জন লোক।

http://static.pib.gov.in/WriteReadData/userfiles/image/image004SH2W.jpg

দেশত বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্তৰ ৭৭.৭৯ শতাংশই হৈছে ১০ খন ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলৰ লোক।

মহাৰাষ্ট্ৰত এদিনতেই সৰ্বাধিক ৩ হাজাৰ ৮৩৭ জন লোক নতুনকৈ আক্ৰান্ত হৈছে। দিল্লীত আক্ৰান্তৰ সংখ্যা ৩ হাজাৰ ৭২৬ গৰাকী। আনফালে, কেৰেলাত সোমবাৰে আক্ৰান্ত হৈছে ৩ হাজাৰ ৩৮২ জন লোক।

http://static.pib.gov.in/WriteReadData/userfiles/image/image0054QI9.jpg

দেশত ক’ৰোনাজনিত কাৰণত বিগত ২৪ ঘন্টাত ৪৮২ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ৮১.১২ শতাংশই মৃত্য হৈছে ১০ খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত।

দিল্লীত সৰ্বাধিক ১০৮ জনৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰত মৃত্যু হৈছে ৮০ জন আৰু পশ্চিমবঙ্গত ৪৮ জন লোকৰ মৃত্যু হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image006Y4BJ.jpg

*****

MV/SJ



(Release ID: 1677607) Visitor Counter : 101