বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

২ ডিচেম্বৰ, ২০২০ত অনুষ্ঠিত হ’ব বাণিজ্য পৰিষদৰ বৈঠক

বৈঠকত নতুন বৈদেশিক নীতি আৰু কৌশলৰ লগতে ঘৰুৱা নিৰ্মাণ আৰু ৰপ্তানি বৃদ্ধিৰ লক্ষ্যৰে পদক্ষেপত গুৰুত্ব আৰোপ কৰা হ’ব

Posted On: 01 DEC 2020 12:25PM by PIB Guwahati

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ নেতৃত্বত ২ডিচেম্বৰ, ২০২০, বুধবাৰে ভিডিঅ’ কনফাৰেন্সযোগে বাণিজ্য পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হ’ব৷

বৈঠকৰ আলোচনাত নতুন বৈদেশিক নীতি আৰু কৌশলৰ লগতে ঘৰুৱা নিৰ্মাণ আৰু ৰপ্তানি বৃদ্ধিৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰা হৈছে৷ ভাৰতে বাণিজ্যত উদ্গনি যোগোৱাৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে বৈদেশিক বাণিজ্য নীতিৰ সৈতে জড়িত চৰকাৰৰ নীতিসমূহত পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্যে বাণিজ্য পৰিষদৰ মঞ্চই বাণিজ্য আৰু উদ্যোগসমূহৰ সৈতে নিয়মীয়াকৈ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰি আহিছে৷ ই বাণিজ্য নীতিৰ বিষয়ে নীতি প্ৰস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলক মঞ্চ প্ৰদান কৰে৷ ই ভাৰত চৰকাৰকো ভাৰতৰ বাণিজ্যিক ক্ষমতাক প্ৰভাৱিত কৰা আন্তঃৰাষ্ট্ৰীয় পদক্ষেপেৰে ৰাজ্যসমূহত অৱগত কৰাৰ লগতে সেইবোৰৰ পৰিৱৰ্তিত পৰিস্থিতি সমাধান কৰাটো মঞ্চ প্ৰদান কৰে৷

বৈঠকত বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী সোম প্ৰকাশ আৰু হৰদীপ সিং পুৰীয়েও ভাষণ আগবঢ়াব৷ ভাৰত চৰকাৰৰ বিভিন্ন বিভাগৰ সচিবৰ লগতে, নিটী আয়োগৰ চিইঅ’, ভাৰত চৰকাৰৰ বিভিন্ন নিকায়ৰ মুৰব্বী, উদ্যোগ খণ্ডৰ শীৰ্ষ সংস্থাৰ প্ৰতিনিধি আৰু ৰপ্তানি বৃদ্ধি পৰিষদৰ সদস্যবৃন্দইও অংশগ্ৰহণ কৰিব৷

****

YB/AP/DB



(Release ID: 1677546) Visitor Counter : 102