প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাৰ সাংসদ অভয় ভৰদ্বাজৰ বিয়োগত শোক প্ৰকাশ কৰে

Posted On: 01 DEC 2020 5:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ পৰা ৰাজ্যসভাৰ সাংসদ অভয় ভৰদ্বাজৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কৈছে, ''গুজৰাটৰ পৰা ৰাজ্যসভাৰ সাংসদ শ্ৰী অভয় ভৰদ্বাজ ডাঙৰীয়া এজন প্ৰতিষ্ঠিত অধিবক্তা আছিল আৰু তেওঁ সমাজৰ সেৱাত সদায় সকলোতকৈ আগত আছিল। এইটো অত্যন্ত দুখৰ কথা যে আমি এক উজ্জ্বল আৰু আনন্দময় ব্যক্তিত্বক হেৰুৱালো, যি ৰাষ্ট্ৰীয় বিকাশৰ বাবে সদায় তৎপৰ আছিল। তেওঁৰ পৰিয়ালৰ লোক আৰু শুভাকাংক্ষীৰ প্ৰতি মোৰ সমবেদনা। ঔম শান্তি।''

 

****

DS/SH



(Release ID: 1677473) Visitor Counter : 103