স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

মৃতকৰ ৭১%ই আঠখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল-দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, হাৰিয়াণা, পাঞ্জাৱ, কেৰালা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ

২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ কম

Posted On: 29 NOV 2020 1:31PM by PIB Guwahati

শেহতীয়া ২৪ ঘণ্টাত মৃত্যু হোৱা ৪৯৬গৰাকী মৃতকৰ ৭১%(৭০.৯৭%)ই আঠখন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল-দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, হাৰিয়াণা, পাঞ্জাৱ, কেৰালা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ।

ইয়াৰে ৮৯গৰাকী মৃতকৰে দিল্লীয়ে তালিকাৰ শীৰ্ষ স্থানত অৱস্থান কৰিছে। ৮৮গৰাকীৰে মহাৰাষ্ট্ৰই দ্বিতীয়, আৰু ৫২গৰাকীৰে পশ্চিমবংগ তৃতীয় স্থানত আছে।

WhatsApp Image 2020-11-29 at 11.12.17 AM.jpeg

তলত নৱেম্বৰ মাহত পৰিৱৰ্তিত হোৱা দৈনিক মৃত্যুৰ গড় হাৰ উল্লেখ কৰা হৈছে।

WhatsApp Image 2020-11-29 at 10.38.52 AM.jpeg

২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ কম

WhatsApp Image 2020-11-29 at 10.30.36 AM.jpeg

ভাৰতত এই মুহূৰ্তত ৪,৫৩,৯৫৬গৰাকী লোকৰ দেহত কভিডে সক্ৰিয় ৰূপ ধাৰণ কৰিছে। সেই হিচাপত, মুঠ আক্ৰান্তৰ বিপৰীতে সক্ৰিয় ৰোগীৰ হাৰ ৪.৮৩%

যোৱা ২৪ ঘণ্টাত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সলনি হোৱা সক্ৰিয় ৰোগীৰ সংখ্যা তলত উল্লেখ কৰা হল।

১৯৪০ গৰাকী নতুন ৰোগীৰে মহাৰাষ্ট্ৰত ধনাত্মক পৰিৱৰ্তন হোৱাৰ বিপৰীতে ১৬০৩ গৰাকী ৰোগী কমাৰ সূত্ৰে দিল্লীত ঋণাত্মক পৰিৱৰ্তনৰ ধাৰা প্ৰত্যক্ষ কৰা হৈছে।

WhatsApp Image 2020-11-29 at 10.47.54 AM.jpeg

যোৱা ২৪ ঘণ্টাত ৪১,৮১০গৰাকী ব্যক্তিৰ দেহত কভিড-১৯ৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে।

নতুনকৈ আক্ৰান্তৰ ৭০.৪৩%ই ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কেৰালা, মহাৰাষ্ট্ৰ, দিল্লী, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্ৰদেশ, হাৰিয়াণা আৰু চত্তিশগড়ৰ।

এইক্ষেত্ৰতো কেৰালাই সৰ্বাধিক ৬,২৫০গৰাকী আক্ৰান্তৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৫,৯৬৫ আৰু ৪,৯৯৮ আক্ৰান্তৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে মহাৰাষ্ট্ৰ আৰু দিল্লী

WhatsApp Image 2020-11-29 at 11.12.19 AM.jpeg

ইফালে, আজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা ৮৮,০২,২৬৭ গৰাকী হৈছেগৈ। আৰোগ্য লাভৰ শতাংশ হাৰ ৯৩.৭১% হৈছেগৈ

যোৱা ২৪ ঘণ্টাত দেশত ৪২,২৯৮গৰাকী লোকে আৰোগ্য লাভ কৰিছে। 

নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৬৮.৭৩%ই ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, দিল্লীয়ে সৰ্বাধিক ৬,৫১২গৰাকী আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে। ইয়াৰ পিচতে ৫,২৭৫ আৰু ৩,৯৩৭ গৰাকীৰে স্থান লাভ কৰিছে ক্ৰমে কেৰালা আৰু মহাৰাষ্ট্ৰই।

WhatsApp Image 2020-11-29 at 10.31.06 AM.jpeg

****

MV/SJ/KB



(Release ID: 1677114) Visitor Counter : 122