PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 27 NOV 2020 5:47PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

ভাৰতৰ ৭০% ঘটনা মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, কৰ্ণাটক, পশ্চিমবংগ আৰু চট্টিশগড়ত

ভাৰতৰ সক্ৰিয় ঘটনা আজি ৪,৫৫,৫৫৫। ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ এই সময়ত ৪.৮৯% সক্ৰিয়। মুঠ সক্ৰিয় ঘটনাত প্ৰায় ৭০% (৬৯.৫৯%) যোগদান আঠখন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশ অৰ্থাৎ মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, কৰ্ণাটক, পশ্চিমবংগ আৰু চট্টিশগড়ৰ পৰা। আজিৰ তাৰিখত কোভিডৰ মুঠ ৮৭,০১৪টা সক্ৰিয় ঘটনাৰে মহাৰাষ্ট্ৰ শীৰ্ষত আছে। কেৰালাত ৬৪,৬১৫টা সক্ৰিয় ঘটনা থকাৰ বিপৰীতে দিল্লীত ৩৮,৭৩৪টা মুঠ সক্ৰিয় ঘটনা আছে। যোৱা ২৪ ঘণ্টাত ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহত সক্ৰিয় ঘটনাৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তন তলত দিয়া পৰিসংখ্যাত আছে। মহাৰাষ্ট্ৰত অতিৰিক্ত ১,৫২৬টা ঘটনাৰে অধিকতম পজিটিভ পৰিৱৰ্তন নথিভুক্ত কৰাৰ বিপৰীতে চত্তিশগড়ত ৭১৯টা সক্ৰিয় ঘটনা হ্ৰাস পোৱাৰ লগতে অধিকতম নিগেটিভ পৰিৱৰ্তন নথিভুক্ত কৰা হৈছে। দেশত যোৱা ২৪ ঘণ্টাত কোভিডৰ ৪৩,০৮২টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে। ইয়াৰে, ৭৬.৯৩% ঘটনা ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ পৰা সন্মুখলৈ আহিছে। মহাৰাষ্ট্ৰত কোভিডৰ সকলোতকৈ বেছি ৬,৪০৬টা নতুন ঘটনা সন্মুখলৈ আহিছে। দিল্লীয়ে ৫,৪৭৫টা নতুন ঘটনা নথিভুক্ত কৰাৰ বিপৰীতে কেৰালাত যোৱা ২৪ ঘণ্টাত ৫,৩৭৮টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে। ভাৰতত আৰোগ্য হোৱা মুঠ ৰোগীৰ সংখ্যা ৮৭ লাখ (৮৭,১৮,৫১৭) পাৰ হৈছে। আজি ৰাষ্ট্ৰীয় ৰিক'ভাৰীৰ হাৰ ৯৩.৬৫%। দেশত যোৱা ২৪ ঘণ্টাত ৩৯,৩৭৯টা ৰিক'ভাৰী নথিভুক্ত কৰা হৈছে। ৰিক'ভাৰীৰ নতুন ঘটনাৰ মাজত ৭৮.১৫% ঘটনা ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত কেন্দ্ৰীভূত। আৰোগ্য হোৱা ৫,৯৭০টা নতুন ঘটনাৰে কেৰালাত এদিনত সৰ্বাধিক ৰিক'ভাৰী হৈছে। দিল্লীত ৪,৯৩৭জন লোক ৰিক'ভাৰ হৈছে আৰু তাৰ পিছত মহাৰাষ্ট্ৰত ৪,৮১৫জন লোক ৰিক'ভাৰ হৈছে। মুঠ মৃত্যুৰ ৮৩.৮০% ঘটনা ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, দিল্লী, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, পঞ্জাৱ, গুজৰাট আৰু মধ্যপ্ৰদেশত কেন্দ্ৰীভূত। বৰ্তমানলৈকে মুঠ ৪৬,৮১৩টা মৃত্যুৰে মহাৰাষ্ট্ৰত সৰ্বাধিক (৩৪.৪৯%) যোগদান। যোৱা ২৪ ঘণ্টাত ৪৯২জন লোকৰ মৃত্যু হৈছে যাৰ ৭৫.২০% ঘটনা ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত কেন্দ্ৰীভূত। দিল্লীত সৰ্বাধিক ৯১জন লোকৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰত ৬৫ আৰু পশ্চিমবংগত ৫২জন লোকৰ মৃত্যু হৈছে।

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰপতিয়ে কয় যে  ক’ভিড-১৯ৰ অনিবাৰ্যতাই বাস্তৱিকতে ন্যায় পোৱাৰ আৰু ইয়াক সংবৰ্ধিত কৰাৰ বাবে অধিক সৃজনীমূলক পদ্ধতি সন্ধান কৰাত সহায় কৰে

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে ভাৰ্চুৱেলী ভাৰতৰ উচ্চতম ন্যায়ালয়ে অনুষ্ঠিত কৰা ৭১তম সংবিধান দিৱস মুকলি কৰি ক’ভিড মহামাৰীৰ সময়ত প্ৰযুক্তিগতভাৱে ন্যায়িক ব্যৱস্থা প্ৰতিপালন কৰাৰ বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰীয়ে কাইলৈ তিনিখন চহৰত প্ৰতিষেধকৰ ব্যৱস্থাপনা পৰিদৰ্শন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আহমেদাবাদ, হায়দৰাবাদ আৰু পুণে চহৰ পৰিভ্ৰমণ কৰি প্ৰতিষেধকৰ ব্যৱস্থাপনা পৰিদৰ্শন কৰিব৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে ৰি-ইনভেষ্ট ২০২০ৰ উদ্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত তৃতীয় আন্তৰ্জাতিক পুনৰ নবীকৰণযোগ্য বিনিয়োগ বৈঠক আৰু প্ৰদৰ্শনী (ৰি-ইনভেষ্ট ২০২০)ৰ উদ্বোধন কৰে। নতুন আৰু পুনৰ নবীকৰণ যোগ্য শক্তি মন্ত্ৰালয়ে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনৰ প্ৰধান বিষয়বস্তু হৈছে 'স্থিতিশীল শক্তিৰ পৰিৱৰ্তনৰ বাবে উদ্ভাৱন'। প্ৰধানমন্ত্ৰীয়ে পুনৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত কম সময়ৰ ভিতৰত উৎপাদন ক্ষমতা মেগাৱাটৰ পৰা গিগাৱাটলৈ বৃদ্ধি পোৱাত সন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰ ফলত 'এক সূৰ্য, এক বিশ্ব, এক গ্ৰিড' নীতি বাস্তৱায়িত হৈছে। এই সকলো বিষয় ৰি-ইনভেষ্টৰ পূৰ্বৱৰ্তী সন্মিলনত আলোচিত হৈছে। শ্ৰী মোদীয়ে কয় যে যোৱা ৬ বছৰত ভাৰত এক অপ্ৰতিৰোধ্য গতিত আগবাঢ়ি গৈছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ উৎপাদন ক্ষমতা আৰু পৰিকাথামো বৃদ্ধি পাইছে। ইয়াৰ ফলত দেশৰ প্ৰতিজন নাগৰিকে বিদ্যুতৰ ব্যৱহাৰৰ জৰিয়তে তেওঁলোকৰ সকলো সম্ভাৱনাক কামত লগাব পাৰিছে। তেওঁ কয় যে পুনৰ নবীকৰণযোগ্য শক্তিৰ ক্ষমতাৰ নিৰিখত বিশ্বত ভাৰতৰ স্থান চতুৰ্থ আৰু সমস্ত ডাঙৰ ডাঙৰ দেশসমূহৰ মাজত এই বিকাশ দ্ৰুত হাৰত বৃদ্ধি পাইছে। বৰ্তমান ভাৰতত পুনৰ নবীকৰণযোগ্য শক্তিৰ ক্ষমতা ১৩৬ গিগাৱাট, যি আচলতে আমাৰ মুঠ ক্ষমতাৰ ৩৬%। ভাৰতৰ বাৰ্ষিক পুনৰ নবীকৰণযোগ্য শক্তিৰ উৎপাদন ক্ষমতা কয়লাভিত্তিক তাপ বিদ্যুততকৈও ২০১৭ চনৰ পিছৰ পৰা অধিক হোৱাত প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা ৬ বছৰত ভাৰতৰ পুনৰ নবীকৰণ যোগ্য শক্তিৰ ক্ষেত্ৰত যেতিয়া ই মূল্য বহনক্ষম নাছিল তেতিয়াও বিনিয়োগ কৰা হৈছে। ইয়াৰ ফলত উৎপাদনৰ ব্যয় হ্ৰাস পাইছে। শ্ৰী মোদীয়ে কয় যে আমি সমগ্ৰ বিশ্বক দেখুৱাইছো স্বাস্থ্যকৰ পৰিৱেশ অনুকূল নীতিয়ে স্বাস্থ্যকৰ অৰ্থনীতি গঢ়ি তোলাত সহায় কৰে। শক্তিৰ ক্ষেত্ৰত দক্ষতা কেৱল এটা মন্ত্ৰালয় বা দপ্তৰৰ ভিতৰত সীমাবদ্ধ ৰাখিলে নহ'ব। চৰকাৰ এই বিষয়ত সাৰ্বিকভাৱে উদ্যোগী হ'ব লাগিব। আমাৰ সকলো নীতিয়ে যাতে শক্তিৰ ক্ষেত্ৰত দক্ষতা অৰ্জন কৰে সেয়া নিশ্চিত কৰিব লাগিব।

অধিক বিৱৰণৰ বাবে

 

তৃতীয় ‘ৰি-ইনভেষ্ট ২০২০’-ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণ

অধিক বিৱৰণৰ বাবে

 

দেশত ডিজিটেল সাক্ষৰতা বৃদ্ধি কৰিবলৈ জন আন্দোলনৰ আহ্বান জনালে উপ ৰাষ্ট্ৰপতিয়ে

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে আজি দেশত ডিজিটেল সাক্ষৰতা বৃদ্ধি কৰিবলৈ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক প্ৰযুক্তিগত শিক্ষা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে অৰ্থনীতিত ব্যয় বৃদ্ধি কৰিবলৈ চিপিএছইৰ কেপেক্স সন্দৰ্ভত ৫খন বৈঠকত পুনৰীক্ষণ কৰে

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুক্ৰবাৰে চলিত বিত্তীয় বৰ্ষৰ পুঁজি ব্যয় আলোচনাৰ পাৰমাণৱিক শক্তি বিভাগৰ সচিব আৰু এই মন্ত্ৰালয়ৰ ১০ গৰাকী চিপিএছইৰ চিএমড চি.এম.ডি.-ৰ সৈতে এখন ভিডিঅ’ সন্মিলন অনুষ্ঠিত কৰে।ক’ভিড মহামাৰীত দেশখন অৰ্থনৈতিক বিকাশৰ যথেষ্ট বাধাৰ সম্মুখীন হৈছে ৷ এই বৰ্ষৰ ২৩ নৱেম্বৰ লৈকে দেশখনে বিভিন্ন দিশৰ পৰা লাভ কৰা অৰ্থ ২৪২২৭ কোটি টকা আৰু ২০২১ বৰ্ষলৈ ৬১৪৮৩ কোটি টকা লৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ আগন্তুক বৰ্ষত দেশখনৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এতিয়াৰ পৰা পৰিকল্পনা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে৷

অধিক বিৱৰণৰ বাবে

কামাথ কমিটী আৰু স্বাস্থ্যসেৱা খণ্ডই চিনাক্ত কৰা ২৬টা খণ্ডৰ বাবে ইচিএজিএছ ২.০ৰ জৰিয়তে ইমাৰ্জেন্সী ক্ৰেডিট লাইন গেৰাণ্টী আঁচনিৰ সম্প্ৰসাৰণ

চৰকাৰে কামাথ কমিটী আৰু স্বাস্থ্যসেৱা খণ্ডই চিনাক্ত কৰা ২৬টা খণ্ডৰ বাবে ইচিএজিএছ ২.০ৰ জৰিয়তে ইমাৰ্জেন্সী ক্ৰেডিট লাইন গেৰাণ্টী আঁচনিৰ সম্প্ৰসাৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

সংবিধান দিৱসত কেৱড়িয়াত বিশেষ মাল্টিমিডিয়া প্ৰদৰ্শনীৰ প্ৰশংসা কৰিলে সাংসদ আৰু বিধায়কসকলে

অধিক বিৱৰণৰ বাবে

 

 

 

ক’ভিডৰ পিছৰ সময়ছোৱাত অৰ্থব্যৱস্থাৰ পুনৰ্নিমাণত ভাৰতে এক নেতৃত্ববহনকাৰী ভূমিকা পালন কৰিবঃ ডাঃ জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কয় যে ক’ভিডৰ পিছৰ সময়চোৱাত অৰ্থব্যৱস্থাৰ পুনৰ্নিমাণত ভাৰতে এক নেতৃত্ব বহনকাৰী ভূমিকা পালন কৰিব৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিডে সংবদ্ধ স্বাস্থ্যসেৱা প্ৰণালীৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা বুলি জনালে ডাঃ জিতেন্দ্ৰ সিঙে

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অসমঃ অসমত বিগত ২৪ ঘণ্টাত অনুষ্ঠিত ২০৭৭৮ টা পৰীক্ষণৰ পৰা ১৫০ জন ক’ভিড-১৯ ৰোগী চিনাক্ত কৰা হৈছে৷ পজিটিভিটীৰ হাৰ হ’ল ০.৭২%৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত নবী মুম্বাই মিউনিচিপাল ক’ৰ্পৰেচনে চহৰখনৰ কেন্দ্ৰসমূহত সম্পন্ন কৰা ক’ভিড পৰীক্ষণৰ প্ৰতিবেদনসমূহ প্ৰত্যক্ষ কৰিছে৷
  • গুজৰাটঃ গুজৰাটত বিগত ২৪ ঘণ্টাত ১৫৬০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ আৰোগ্যৰ হাৰ হৈছে ৯০.৯৩%৷ এই পৰ্যন্ত গুজৰাটত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৫২৯ জন৷ ইয়াৰে ৯২ জন ৰোগী ভেণ্টিলেটৰত আছে৷
  • ৰাজস্থানঃ ৰাজস্থানত বৃহস্পতিবাৰে ৩১৮০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে বিয়া-সবাহৰ বাবে কোনো অনুমতিৰ প্ৰয়োজন নাই৷ কেৱল আগতীয়াকৈ জনাই থ’ব লাগিব৷
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত ক’ভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল অনুষ্ঠিত হৈছে৷
  • চট্টিশগড়ঃ চট্টিশগড়ৰ স্বাস্থ্য মন্ত্ৰী টি এছ সিংদেউৱে কয় যে ৰাজ্যখনত ক’ভিড-১৯ৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈছে৷ অক্টোবৰৰ পৰা নতুন ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে৷ ক’ভিডৰ পৰিঘটনা ৫০ শতাংশলৈ হ্ৰাস পাইছে৷ আজি পপ্যন্ত ২৩,০০,০০০ টা পৰীক্ষণ অনুষ্ঠিত হৈছে৷
  • গোৱাঃ গোৱাত ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৭,৩৪১লৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ১৪৮ জন লোক পজিটিভত আক্ৰান্ত হৈছে৷ কালি ১৮৯২ টা নমুনা পৰীক্ষণ কৰা হৈছে৷
  • কেৰালাঃ কেৰালা চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাই যে ৰাজ্যখনত ক’ভিড-১৯ সংক্ৰান্তীয় মৃত্যুৰ সংখ্যা তালিকাভুক্ত কৰা হৈছে৷
  • তামিলনাডুঃ বৃহস্পতিবাৰে ক’ভিড-১৯ত ১৪৬৪ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭,৭৬,১৭৪ জন৷  চেন্নাইত ৩৯৬ জন পজিটিভ ৰোগী পোৱাৰ লগতে মুঠ ৰোগীৰ সংখ্যা হৈছে ২,১৩,৮০১ জন৷
  • কৰ্ণাটকঃ ৰাষ্ট্ৰীয় গড় চিএফআৰ ১.৪৬%ৰ বিপৰীতে বৃহস্পতিবাৰে কৰ্ণাটকত এই হাৰ ০.৭৯% হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ বৃহস্পতিবাৰে ১,০৩১ জন ৰোগী চিনাক্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হৈছে ৮,৬৫,৭০৫ জন৷ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা হৈছে ৮,৪৬,১২০ জন৷
  • তেলেংগানাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ নৱেম্বৰত হায়দৰাবাদত ক’ভাক্সিন প্ৰক্ৰিয়াৰ পুনৰীক্ষণ কৰিব৷

 

ফেক্ট চেক

Image

Image

************



(Release ID: 1676672) Visitor Counter : 138