স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতৰ ৭০% ঘটনা মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, কৰ্ণাটক, পশ্চিমবংগ আৰু ছত্তীসগড়ত
प्रविष्टि तिथि:
27 NOV 2020 11:21AM by PIB Guwahati
ভাৰতৰ সক্ৰিয় ঘটনা আজি ৪,৫৫,৫৫৫। ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ এই সময়ত ৪.৮৯% সক্ৰিয়।
মুঠ সক্ৰিয় ঘটনাত প্ৰায় ৭০% (৬৯.৫৯%) যোগদান আঠখন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশ অৰ্থাৎ মহাৰাষ্ট্ৰ, কেৰালা, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, কৰ্ণাটক, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ পৰা।
আজিৰ তাৰিখত কোভিডৰ মুঠ ৮৭,০১৪টা সক্ৰিয় ঘটনাৰে মহাৰাষ্ট্ৰ শীৰ্ষত আছে। কেৰালাত ৬৪,৬১৫টা সক্ৰিয় ঘটনা থকাৰ বিপৰীতে দিল্লীত ৩৮,৭৩৪টা মুঠ সক্ৰিয় ঘটনা আছে।

যোৱা ২৪ ঘণ্টাত ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহত সক্ৰিয় ঘটনাৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তন তলত দিয়া পৰিসংখ্যাত আছে। মহাৰাষ্ট্ৰত অতিৰিক্ত ১,৫২৬টা ঘটনাৰে অধিকতম পজিটিভ পৰিৱৰ্তন নথিভুক্ত কৰাৰ বিপৰীতে ছত্তিশগড়ত ৭১৯টা সক্ৰিয় ঘটনা হ্ৰাস পোৱাৰ লগতে অধিকতম নিগেটিভ পৰিৱৰ্তন নথিভুক্ত কৰা হৈছে।

দেশত যোৱা ২৪ ঘণ্টাত কোভিডৰ ৪৩,০৮২টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে।
ইয়াৰে, ৭৬.৯৩% ঘটনা ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ পৰা সন্মুখলৈ আহিছে।
মহাৰাষ্ট্ৰত কোভিডৰ সকলোতকৈ বেছি ৬,৪০৬টা নতুন ঘটনা সন্মুখলৈ আহিছে। দিল্লীয়ে ৫,৪৭৫টা নতুন ঘটনা নথিভুক্ত কৰাৰ বিপৰীতে কেৰালাত যোৱা ২৪ ঘণ্টাত ৫,৩৭৮টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে।

ভাৰতত আৰোগ্য হোৱা মুঠ ৰোগীৰ সংখ্যা ৮৭ লাখ (৮৭,১৮,৫১৭) পাৰ হৈছে। আজি ৰাষ্ট্ৰীয় ৰিক'ভাৰীৰ হাৰ ৯৩.৬৫%।
দেশত যোৱা ২৪ ঘণ্টাত ৩৯,৩৭৯টা ৰিক'ভাৰী নথিভুক্ত কৰা হৈছে।
ৰিক'ভাৰীৰ নতুন ঘটনাৰ মাজত ৭৮.১৫% ঘটনা ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত কেন্দ্ৰীভূত।
আৰোগ্য হোৱা ৫,৯৭০টা নতুন ঘটনাৰে কেৰালাত এদিনত সৰ্বাধিক ৰিক'ভাৰী হৈছে। দিল্লীত ৪,৯৩৭জন লোক ৰিক'ভাৰ হৈছে আৰু তাৰ পিছত মহাৰাষ্ট্ৰত ৪,৮১৫জন লোক ৰিক'ভাৰ হৈছে।

মুঠ মৃত্যুৰ ৮৩.৮০% ঘটনা ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, দিল্লী, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, পঞ্জাৱ, গুজৰাট আৰু মধ্যপ্ৰদেশত কেন্দ্ৰীভূত।
বৰ্তমানলৈকে মুঠ ৪৬,৮১৩টা মৃত্যুৰে মহাৰাষ্ট্ৰত সৰ্বাধিক (৩৪.৪৯%) যোগদান।

যোৱা ২৪ ঘণ্টাত ৪৯২জন লোকৰ মৃত্যু হৈছে যাৰ ৭৫.২০% ঘটনা ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশত কেন্দ্ৰীভূত।
দিল্লীত সৰ্বাধিক ৯১জন লোকৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰত ৬৫ আৰু পশ্চিমবংগত ৫২জন লোকৰ মৃত্যু হৈছে।

******
MV/SJ
(रिलीज़ आईडी: 1676455)
आगंतुक पटल : 267
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu