স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ দৈনিক নতুন ঘটনাৰ ৬১% হৈছে কেৰালা, মহাৰাষ্ট্ৰ, দিল্লী, পশ্চিম বংগ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ

Posted On: 26 NOV 2020 12:03PM by PIB Guwahati

দেশখনত যোৱা ২৪ ঘন্টাত নতুন নিশ্চিত কভিড ঘটনাৰ সংখ্যা হৈছে ৪৪,৪৮৯ টা। ইয়াৰ ভিতৰত, ৬০.৭২% হৈছে ছয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যথাঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লী, পশ্চিম বংগ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ।

কেৰালাত নতুন ক’ভিড ঘটনা সৰ্বাধিক ৬,৪৯১ টা। মহাৰাষ্ট্ৰত নতুন ঘটনাৰ সংখ্যা হৈছে ৬,১৫৯ টা। যোৱা ২৪ ঘন্টাত দিল্লীত নতুন ঘটনাৰ সংখ্যা হৈছে ৫,২৪৬ টা।

যোৱা ২৪ ঘন্টাত সংঘটিত ৫২৪ টা মৃত্যুৰ ঘটনাৰ ৬০.৫০% হৈছে ছয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। সেয়া হৈছেঃ দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশ।

অধিক নতুন ঘটনা তথা দৈনিক মৃত্যুৰ ক্ষেত্ৰত শীৰ্ষ ছয় ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ দুয়োখন তালিকাতে আছে।

৯৯ জন আক্ৰান্তৰ মৃত্যুৰে দিল্লীত নতুন মৃত্যুৰ ঘটনা সৰ্বাধিক। মহাৰাষ্ট্ৰত মৃত্যুৰ ঘটনাৰ সংখ্যা হৈছে ৬৫ টা। ইয়াৰ পাছতেই থকা পশ্চিম বংগত এই পৰিমাণ ৫১ টা।

ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড (৪,৫২,৩৪৪) হৈছে মুঠ পজিটিভ ঘটনাৰ ৪.৮৮% আৰু ৫% সীমাৰ তলতে অৱস্থান কৰি আহিছে।

সক্ৰিয় ঘটনাৰ ৬৫% হৈছে ৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ইয়াত দৈনিক নতুন ঘটনা আৰু দৈনিক মৃত্যুৰ ঘটনা সৰ্বাধিক হৈ আছে।

মুঠ মৃত্যুৰ ঘটনাৰ ৬১% হৈছে ৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ৰাষ্ট্ৰীয় গড় (৬,৭১৫)ৰ তুলনাত এই ৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতি নিযুতত ঘটনাৰ সৱিশেষ তলত উল্লেখ কৰা হৈছেঃ

এই ৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ঘটনাৰ মৃত্যুৰ হাৰ (CFR) ৰাষ্ট্ৰীয় গড়ৰ তুলনাত ১.৪৬%।

ভাৰতত মুঠ আৰোগ্য লাভৰ ঘটনা প্ৰায় ৮৭ লাখ (৮৬,৭৯,১৩৮)। আজি ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৯৩.৬৬%। দেশখনত যোৱা ২৪ ঘন্টাত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৩৬,৩৬৭ টা।

১৫ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্য লাভৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক।

২০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্য লাভৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম।

****

MV/SJ/SB



(Release ID: 1676233) Visitor Counter : 136