প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ২৫ নৱেম্বৰত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব

प्रविष्टि तिथि: 23 NOV 2020 1:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২৫ নৱেম্বৰ বুধবাৰে, বিয়লি ৫-৩০ মিনিটত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ১৯২০ চনত এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল। এইবছৰ এই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ শতবাৰ্ষিকী উদযাপন কৰা হৈছে।

 

লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে শতবৰ্ষ স্মাৰক হিচাপে এটি মুদ্ৰাও প্ৰকাশ কৰিব। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় ডাক বিভাগৰ এক বিশেষ স্মাৰক ডাক টিকট আৰু এই ডাকটিকটৰ বিশেষ কভাৰো প্ৰকাশ কৰিব। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীৰ উপৰিও উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে যোগ দিব।

 

******

SS/SH/RD


(रिलीज़ आईडी: 1675241) आगंतुक पटल : 212
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam