স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ চিকিৎসাধীন ৰোগীৰ ৫%ৰ নিম্ন হৈয়ে ৰৈছে

আৰোগ্য লাভৰ হাৰ ৯৩% ৰ অধিক হৈয়ে আছে

বিগত ১৬ দিন ধৰি দৈনিক নতুন ঘটনা ৫০,০০০ ৰ নিম্ন হৈ আহিছে

Posted On: 23 NOV 2020 11:38AM by PIB Guwahati

ভাৰতৰ বৰ্তমান চিকিসাধীন ৰোগী (৪,৪৩,৪৮৬) হৈছে মুঠ পজিটিভ ঘটনাৰ ৪.৮৫% আৰু ই ৫% সীমাৰ তলতেই আছে।আৰোগ্য লাভৰ হাৰে একেৰাহে ৯৩%ৰ ওপৰত অৱস্থান কৰি আহিছে।

আজিৰ তাৰিখত মুঠ ঘটনাৰ ৯৩.৬৮%ই আৰোগ্য লাভ কৰিছে। বিগত ২৪ ঘন্টাত, দেশখনত নতুন আৰোগ্য লাভৰ সংখ্যা ৪১,০২৪ টা।ইয়াৰ ফলত মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা ৮৫,৬২,৬৪১ হৈ পৰে।

আৰোগ্য লাভৰ ঘটনা আৰু চিকিসাধীন ৰোগীৰ মাজৰ ব্যৱধান দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে আৰু বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ৮১,১৯,১৫৫।

http://static.pib.gov.in/WriteReadData/userfiles/image/image0016G8H.jpg

বিগত ২৪ ঘন্টাত, ৪৪,০৫৯ জন লোকৰ দেহত ক’ভিড সংক্ৰমণ ধৰা পৰে।৮ নৱেম্বৰৰপৰা বিগত ১৬ দিন ধৰি ভাৰতৰ ঘটনা ৫০,০০০ ৰ কম হৈ আহিছে।

শীতৰ আগমণৰ লগে-লগে বহুকেইখন দেশত নতুন ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাত এয়া তাপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। নতুন আৰোগ্য লাভৰ ৭৭.৪৪% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।কেৰালাত ৬,২২৭ জন লোকে ক’ভিডৰপৰা আৰোগ্য লাভ কৰিছে।

দিল্লীত আৰোগ্য লাভৰ পৰিমাণ ৬,১৫৪।বিগত ২৪ ঘন্টাত মহাৰাষ্ট্ৰত আৰু ৪,০৬০ ৰোগীয়ে নতুনকৈ আৰোগ্য লাভ কৰিছে।.

http://static.pib.gov.in/WriteReadData/userfiles/image/image002EQPH.jpg

নতুন ঘটনাৰ ৭৮.৭৪% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।বিগত ২৪ ঘন্টাত দিল্লীত এই ঘটনাৰ পৰিমাণ হৈছে ৬,৭৪৬ টা।মহাৰাষ্ট্ৰত নতুন ঘটনাৰ সংখ্যা হৈছে ৫,৭৫৩ টাকেৰালাত কালি দৈনিক ঘটনাৰ সংখ্যা ৫,২৫৪ টা।

http://static.pib.gov.in/WriteReadData/userfiles/image/image003CH9S.jpg

১৫ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতি নিযুত জনসংখ্যাৰ ঘটনাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম (৬,৬২৩)।

http://static.pib.gov.in/WriteReadData/userfiles/image/image00452D9.jpg

বিগত ২৪ ঘন্টাত ৫১১ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ ৭৪.৯৫% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

দিল্লীত ১২১ টা এনে ঘটনা সংঘটিত হৈছে যাৰ হাৰ নতুন মৃত্যুৰ ঘটনাৰ ২৩.৬৮%মহাৰাষ্ট্ৰত ৫০ আৰু পশ্চিম বংগত ৪৯ জন নতুনকৈ মৃত্যুমুখত পৰিছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image005732N.jpg

প্ৰতি নিযুতত মৃত্যুৰ ঘটনাৰ ৰাষ্ট্ৰীয় গড়তকৈ ২১ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৃত্যুৰ ঘটনা কম (৯৭)।

http://static.pib.gov.in/WriteReadData/userfiles/image/image006QWZN.jpg

 

****

MV/DB



(Release ID: 1675237) Visitor Counter : 172