কেবিনেট সচিবালয়

ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিৰ সভাৰ অধ্যক্ষতা কৰিলে কেবিনেট সচিবে

দক্ষিণ উপকূলীয় ৰাজ্য আৰু মন্ত্ৰালয়ৰ প্ৰস্তুতিক লৈ আলোচনা কৰা হৈছে

অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু পণ্ডিচেৰীৰ মুখ্য সচিবে তেওঁলোকৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে

Posted On: 23 NOV 2020 3:12PM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাৰ সভাপতিত্বত আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু পণ্ডিচেৰীৰ মুখ্য সচিবসকলৰ সৈতে আসন্ন ঘূৰ্ণীবতাহৰ স্থিতি পৰ্যালোচনা কৰাৰ বাবে ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতি (এন চি এম চি)ৰ এক বৈঠক সম্পন্ন হয়।

 

অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু ণ্ডিচেৰীৰ মুখ্য সচিবসকলে এন চি এম চিক তেওঁলোকৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে আৰু উল্লেখ কৰে যে যিকোনো পৰিণাম পূৰণ কৰিবলৈ কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে সাজু  তেওঁলোকে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ এন ডি আৰ এফ আৰু অন্যান্য সংস্থাৰ সৈতে সমন্বয়ৰ বিষয়েও অৱগত কৰে

 

ভাৰত বতৰ বিভাগৰ মহাপ্ৰৱন্ধকে বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত উপস্থাপন কৰে আৰু উল্লেখ কৰে যে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ সৈতে পৰিস্থিতি ভাগ-বতৰা কৰা হৈছে। তেওঁ উল্লেখ কৰিছিল যে আসন্ন ূৰ্ণীটোৱে ২৪ পৰা ২৬ নৱেম্বৰ, ২০২০- ভিতৰত অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু পণ্ডিচেৰীৰ উপকূলীয় অঞ্চলসমূহ প্ৰভাৱিত কৰিব।

 

কেবিনেট সচিবে উল্লেখ কৰ যে আমাৰ লক্ষ্য হৈছে জনসাধাৰণৰ জীৱন ৰক্ষা কৰা আৰু প্ৰভাৱিত অঞ্চলবোৰত তত্পৰতাৰে স্বাভাৱিক অৱস্থা ঘূৰাই অনা। তেওঁ উল্লেখ কৰে যে মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ দিয়া পৰামৰ্শ কঠোৰভাৱে ৰূপায়ণ কৰিব লাগে। 'েঁচা' ঘৰত বাস কৰা লোকসকলক পৰিস্থিতি অনুসৰি উপযুক্তভাৱে পৰামৰ্শ দিয়া ' পাৰে, তেওঁ লগতে কয়।

 

গৃহ, বিদ্যুৎ, টেলিযোগাযোগ, অসামৰিক বিমান, স্বাস্থ্য মন্ত্ৰালয়, ৰে'লৱে বোৰ্ডৰ অধ্যক্ষ, এন ডি এম এৰ সদস্য সচিব, ডি.ডি.আৰ.এফ. মহাপ্ৰৱন্ধক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে সংশ্লিষ্ট ৰাজ্যসমূহত গ্ৰহণ কৰা ব্যৱস্থা আৰু সহায়ৰ বিষয়ে এন চি এম চি অৱগত কৰে।

   

 *******

DS/SKS/KG



(Release ID: 1675235) Visitor Counter : 129