প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৩ নৱেম্বৰত সাংসদসকলৰ বাবে বহুমহলীয়া ফ্লেট উদ্বোধন কৰিব প্রধানমন্ত্রীয়ে

Posted On: 21 NOV 2020 4:22PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী ৰেন্দ্র মোদীয়ে ২৩ ৱেম্বৰৰ পুৱা ১১বজাত ভিডি কনফাৰেন্স জৰিয়তে সাংসদসকলৰ বাবে নিৰ্মিত বহুমহলীয়া ফ্লেট উদ্বোধন কৰিব। লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা এই অনুষ্ঠানত উপস্থিত থাকিব।

 

নতুন দিল্লীৰ ডঃ বি ডি মাৰ্গত এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। ৮০ বছৰ পুৰণি ৮টা বঙলাক পুনঃনিৰ্মাণ কৰি ৭৬টা ফ্লেট নিৰ্মাণ কৰা হৈছে। এই নিৰ্মাণ কাৰ্যৰ বাবে নিৰ্ধাৰিত মুঠ ধনৰ ১৪শতাংশ কম খৰচ হৈছে আৰু কভিড-১৯ মহামাৰীৰ প্ৰভাৱ সত্ত্বেও বহু কম সময়তে এই কাৰ্য সম্পূৰ্ণ হৈছে।

 

এই আৱাসসমূহ নিৰ্মাণৰ সময়ত বিভিন্নধৰণৰ পৰিৱেশ অনুকুল উদ্যোগ গ্ৰহণ কৰা হৈছে। ফ্লাই ছাইৰ পৰা তৈয়াৰী ইটাৰে এই ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। পুৰণি ভৱন ভাঙি তাৰ বৰ্জ্য পদাৰ্থসমূহ পুনৰ ব্যৱহাৰ কৰা হৈছে। থাৰ্মেল ইনচুলেশ্যনৰ বাবে ডাবল লেজযুক্ত খিৰিকী লগোৱা হৈছে। ফ্লেটসমূহত বিদ্যুত্ ৰাহিৰ বাবে এলইডি লাইট, লাইট নিয়ন্ত্ৰণৰ বাবে ছেন্সৰ ব্যৱস্থা, কম বিদ্যুতৰ সহায়ত ভিআৰভি ব্যৱস্থাৰে চলা বাতানুকুল যন্ত্ৰ, পানী সংৰক্ষণৰ বাবে যাতে কম পানী পৰে তাৰ ব্যৱস্থা, বৰষুণৰ পানী ধৰি ৰখা আৰু চাদত ছোলাৰ প্লেণ্টৰ ব্যৱস্থা কৰা হৈছে।  

 

 

*********

DS/AJ/AK/KG



(Release ID: 1674843) Visitor Counter : 138