স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

চাৰি ৰাজ্যলৈ উচ্চ পর্যায়ৰ দল প্ৰেৰণ কৰিলে কেন্দ্রই ; অন্যান্য ৰাজ্যলৈও কেন্দ্রীয় দল প্ৰেৰণৰ চিন্তা-চৰ্চা কৰা হৈছে

চিহ্নিত নকৰা আৰু বাদ পৰি যোৱা ৰোগীসকলক বিচাৰি উলিয়াই নমুনা পৰীক্ষাৰ হাৰ আৰু বৃদ্ধি কৰিবলৈ ৰাজ্য / কেন্দ্রীয় শাসিত অঞ্চলসমূহক পৰামর্শ কেন্দ্রৰ

অধিক মাত্ৰাত নমুনা পৰীক্ষাই আক্রান্তৰ হাৰ হ্ৰাস কৰাত সহায় কৰিছে

সুস্পষ্টভাৱে কৰনাত আক্রান্তৰ হাৰ মুঠ আক্রান্তৰ ৫ শতাংশৰ তলত

Posted On: 20 NOV 2020 12:13PM by PIB Guwahati

কেন্দ্রীয় চৰকাৰে হাৰিয়ানা, ৰাজস্থান, গুজৰাট আৰু মণিপুৰলৈ চাৰিটা উচ্চ পর্যায়ৰ কেন্দ্রীয় দল প্ৰেৰণ কৰিছে। এই কেন্দ্রীয় দলসমূহে সংশ্লিষ্ট চাৰিখন ৰাজ্যৰ সেই সকলো জিলালৈ যাব যত কভিডত আক্রান্তৰ সংখ্যা বৰ্তমানেও অধিক। ইয়াৰ উপৰি, কেন্দ্রীয় দলসমূহে কভিড সংক্রমণ প্রতিৰোধ আৰু নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰসমূহৰ প্রচেষ্টাক আৰু অধিক সুদৃঢ় কৰিবলৈ যাৱতীয় সাহায্য আগবঢ়াব। কেন্দ্রীয় চৰকাৰে আৰু ভালেকেইখন ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত মাল্টি-ডিচিপ্লিনাৰী দল প্ৰেৰণৰ বিষয়ত চিন্তা-চৰ্চা কৰিছে। যিসমূহ ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত কভিড-১৯ত আক্রান্তৰ হাৰ তুলনামূলকভাৱে অধিক তালৈ এই দলসমূহ প্ৰেৰণ কৰা হব।

 

ইফালে কেন্দ্রীয় চৰকাৰে চিহ্নিত নকৰা কভিড-১৯ আক্রান্তসকল অথবা বাদ পৰি যোৱা ৰোগীসকলক শীঘ্ৰে বিচাৰি উলিয়াই নমুনা পৰীক্ষা কৰাৰ আগ্রাসী নীতি গ্রহণ কৰিবলৈ ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলসমূহক পৰামর্শ দিছে। কেন্দ্রৰ ফালৰ পৰা এইক্ষেত্ৰত কোৱা হৈছে যে সময়মতে আক্রান্তসকলক বিচাৰি উলিওৱা সম্ভৱ হলে সংক্রমণ কার্যকৰীভাৱে প্রতিৰোধ কৰা সম্ভৱ হব।

 

ভাৰতত আজি পর্যন্ত ১২,৯৫,৯১,৭৮৬টা নমুনা পৰীক্ষা কৰা হৈছে। দেশত যোৱা ২৪ ঘন্টাত ১০,৮৩,৩৯৭টা নমুনা পৰীক্ষা কৰা হৈছে। অধিক সংখ্যাত নমুনা পৰীক্ষাৰ ফলত আক্রান্তৰ হাৰ হ্ৰাস কৰা সম্ভৱ হয় আৰু বাদ পৰি যোৱা ব্যক্তিসকলক চিহ্নিতকৰণত সুবিধা হয়। দেশত ৰাষ্ট্ৰীয় পৰ্যায়ত আজি কৰনাত আক্রান্তৰ হাৰ ৬.৯৫ শতাংশ। সেয়ে, অধিক সংখ্যাত নমুনা পৰীক্ষাৰ ফলত আক্রান্তৰ হাৰ নিয়ন্ত্রণ কৰা সম্ভৱ হব পাৰে।

 

দেশৰ ৩৪খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত প্রতি ১০ লাখ জনসংখ্যাত কৰা ১৪০টাকৈ নমুনা পৰীক্ষাৰ হাৰ বিশ্ব স্বাস্থ্য সংস্থা(হু)ই নিৰ্ধাৰণ কৰি দিয়া হাৰৰ তুলনাত বহু বেছি। ২০খন ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত আক্রান্তৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰ ৬.৯৫ শতাংশৰ তুলনাত কম।

 

দেশত যোৱা ২৪ ঘন্টাত আকৌ ৪৫,৮৮২ জন লোক নতুনকৈ কৰনাত আক্রান্ত হৈছে। দেশত বর্তমান সুস্পষ্টভাৱে কৰনাত আক্রান্তৰ সংখ্যা ৪,৪৩,৭৯৪ যি মুঠ আক্রান্তৰ কেৱল ৪.৯৩ শতাংশ।

 

১০খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত মুঠ আক্রান্তৰ ৭৮.২ শতাংশই আছে। তালিকাত সকলোতকৈ ওপৰত আছে মহাৰাষ্ট্র, যত মুঠ আক্রান্তৰ ১৮.১৯ শতাংশই আছে। দেশত আজি ২৮খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত সুস্পষ্টভাৱে কৰনাত আক্রান্তৰ সংখ্যা ২০ হাজাৰতকৈ কম।

 

ভাৰতত যোৱা ২৪ ঘন্টাত আৰু ৪৪,৮০৭ জন লোকে আৰোগ্য লাভ কৰিছে। ইয়াৰ ফলত, সুস্থতাৰ সংখ্যা বৃদ্ধি হৈছে ৮৪,২৮,৪০৯ জনলৈ। একেদৰে, আজি সুস্থতাৰ হাৰ বৃদ্ধি পাই হৈছে ৯৩.৬০ শতাংশ। সুস্থতাৰ সংখ্যা আৰু সুস্পষ্টভাৱে কৰনাত আক্রান্তৰ সংখ্যাৰ মাজত পাৰ্থক্য বৃদ্ধি হৈ বর্তমান হৈছেগৈ ৭৯,৮৪,৬১৫। ১০খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত আৰোগ্য লাভৰ হাৰ ৭৮.০২ শতাংশ। কেৰালাৰ পৰা যোৱা ২৪ ঘন্টাত সর্বাধিক ৬,৮৬০ জনে আৰোগ্য লাভ কৰিছে। দিল্লীত একেদিনাই সুস্থতাৰ সংখ্যা ৬,৬৮৫। মহাৰাষ্ট্রৰ পৰা আৰোগ্য লাভ কৰিছে ৫,৮৬০জনে।

 

সদ্য কৰনাত আক্রান্তসকলৰ ৭৭.২০ শতাংশই ১০টি ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ। দিল্লীৰ পৰা যোৱা ২৪ ঘন্টাত সর্বাধিক ৭,৫৪৬ জন কৰোনাত আক্রান্ত হৈছে। কেৰালাত আক্রান্তৰ সংখ্যা ৫,৭২২ আৰু মহাৰাষ্ট্রত কালি আক্রান্তৰ সংখ্যা হৈছে ৫,৫৩৫।

 

দেশত যোৱা ২৪ ঘন্টাত কৰনাজনিত কাৰণত ৫৮৪ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ৮১.৮৫ শতাংশৰ মৃত্যু হৈছে ১০খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা। সর্বাধিক ১৫৪ জনৰ মৃত্যু হৈছে মহাৰাষ্ট্রৰ। দিল্লীৰ পৰা মৃত্যু হৈছে ৯৩ জনৰ আৰু পশ্চিম বংগত মৃত্যু হৈছে ৫৩ জনৰ।

 

   

 ********

MV /KG



(Release ID: 1674638) Visitor Counter : 197