প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পঞ্চদশ জি-২০ নেতৃবৃন্দৰ শীৰ্ষ সন্মিলন (২১-২২ নৱেম্বৰ)

Posted On: 19 NOV 2020 8:33PM by PIB Guwahati

ছৌদি আৰব সাম্ৰাজ্যৰ ৰজা চলমান বিন আব্দুল আজিজ, যিয়ে দুটা পৱিত্ৰ মছজিদৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত আছে, তেওঁৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চদশ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ পৌৰহিত্য কৰিব ছৌদি আৰৱে। ২১-২২ নৱেম্বৰত অনুষ্ঠিত এই সন্মিলনৰ মূল বিষয়বস্তু হ’ব ‘একবিংশ শতিকা সকলোৰে বাবে সুযোগ’। এই বৈঠক ভাৰ্চুৱেলি অনুষ্ঠিত হ’ব।

২০২০ চনত জি-২০ গোটৰ অন্তৰ্ভুক্ত দেশবোৰৰ নেতাসকলৰ এয়া হৈছে দ্বিতীয়খন বৈঠক। প্ৰধানমন্ত্ৰী আৰু ছৌদি আৰৱৰ যুৱৰাজৰ মাজত মাৰ্চ মাহত টেলিফোনিক কথাবাৰ্তা সম্পন্ন হোৱাৰ পিছত জি-২০ গোটৰ অন্তৰ্ভুক্ত দেশবোৰৰ নেতাসকলে এক বৈঠকত মিলিত হয়। এই বৈঠকত ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবৰ বাবে সদস্য ৰাষ্ট্ৰবোৰৰ মাজত বুজাবুজি বৃদ্ধি কৰিবলৈ আৰু আন্তৰ্জাতিক স্তৰত একত্ৰিত হৈ কাম কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

জি-২০ৰ আগন্তুক শীৰ্ষ সন্মিলনত ক’ভিড মুক্ত হোৱাৰ পিছত সমন্বিত, প্ৰাণৱন্ত আৰু স্থিতিশীল ব্যৱস্থা গঢ়ি তোলাৰ বাবে আলোচনা সম্পন্ন হ’ব। বৈঠত নেতৃবৃন্দই মহামাৰীৰ মোকাবিলাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ আৰু কৰ্মসংস্থান সৃষ্টিৰ বিষয়ক লৈও আলোচনা কৰিব।

যেতিয়া ইটালিয়ে পহিলা ডিচেম্বৰত এই গোটৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব, তেতিয়া ভাৰতে জি-২০ শীৰ্ষ সন্মিলনত ত্ৰয়ী হিচাপে ছৌদি আৰৱৰ সৈতে যোগদান কৰিব।

***

DS/SH/AK/RD



(Release ID: 1674635) Visitor Counter : 156