তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ডিজিটেল মাধ্যমত প্ৰত্যক্ষ বিদেশী বিনিয়োগ সন্দৰ্ভত পালন কৰিবলগীয়া বিধিসন্মত প্ৰক্ৰিয়া এমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনালে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে

Posted On: 16 NOV 2020 2:23PM by PIB Guwahati

যোগ্যতাসম্পন্ন সংস্থাসমূহক ডিজিটেল মাধ্যমৰ জৰিয়তে বাতৰি তথা সাময়িকী আদিৰ আপলোডিং আৰু ষ্ট্ৰীমিঙৰ সুযোগ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি এক ৰাজহুৱা জাননী প্ৰকাশ কৰিছে। জাননীখনত চৰকাৰ-অনুমোদিত পথেৰে ২৬% বিদেশী বিনিয়োগৰ অনুমোদন জনাই ২০১৯ চনৰ ১৮ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সাৰোগত কৰি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ আহ্বান জনোৱা হয়।

ৱেবছাইটত ইতিমধ্যে উপলব্ধ কৰা ৰাজহুৱা জাননীখনত এই সিদ্ধান্ত সাৰোগত কৰা যোগ্যতাসম্পন্ন সংস্থাসমূহে সম্পন্ন কৰিবলগীয়া প্ৰক্ৰিয়াৰ সবিশেষ উল্লেখ কৰা হৈছে। সেই অনুসৰি-

 

  1. ২৬%তকৈ কম প্ৰত্যক্ষ বিদেশী বিনিয়োগ থকা নিকায়সমূহে তলত উল্লেখ কৰা তথ্য-পাতিসহ এমাহৰ ভিতৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক এক জাননী পত্ৰ দাখিল কৰিব লাগিব। দাখিল কৰিবলগীয়া তথ্য-পাতিসমূহ হ:

 (a) প্ৰতিষ্ঠান-নিকায়ৰ সবিশেষ আৰু ইয়াৰ সঞ্চালক-অংশীদাৰসকলৰ নাম, ঠিকনাৰ লগতে ইয়াৰ অংশীদাৰিত্বৰ স্বৰূপ  তথ্য,

 (b) প্ৰমোটাৰ তথা উল্লেখনীয় লাভ আদায়কাৰী স্বত্বাধিকাৰীৰ নাম আৰু ঠিকনা,

 (c) প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতি, ২০১৯ৰ বিদেশী বিনিময় প্ৰবন্ধন(অনা ঋণ উপকৰণ) বিধি আৰু বিদেশী বিনিময় প্ৰবন্ধন(অনা ঋণ উপকৰণৰ দেনা আৰু প্ৰতিবেদনৰ প্ৰণালী)ৰ অধীনত মূল্য নিৰূপণ, প্ৰলেখন আৰু প্ৰতিবেদন যুগুতোৱাৰ বাবে আৱশ্যকীয়সমূহৰ ক্ষেত্ৰত পালনীয় নীতিৰ এক নিশ্চয়তা প্ৰদান কৰাৰ লগতে পূৰ্বৰ লগতে সদ্যহতে থকা বিনিয়োগৰ সবিশেষ তথ্যপাতি, আৰু

 (d) শেহতীয়া লাভ-লোকচান সংক্ৰান্তীয় ডিটেড আৰু আন-অডিটেড বিবৃতিৰ লগতে ডিটৰ ৰিপৰ্টসহ জমা-খৰছৰ তুলনা-পত্ৰৰ প্ৰতিলিপি।

 

(ii) ২৬শতাংশতকৈ অধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ থকা প্ৰতিষ্ঠানসমূহে (i) উল্লিখিত ধৰণেই আজিৰ পৰা এমাহৰ ভিতৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ত তথ্য-পাতি দাখিল কৰাৰ লগতে ১৫ অক্টোবৰ,২০২১ৰ ভিতৰত বিদেশী বিনিয়োগৰ পৰিমাণ ২৬%লৈ অৱনমিত কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ উপৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পৰা অনুমোদন বিচাৰিব লাগিব।

(iii) নতুনকৈ বিদেশী বিনিয়োগ আহৰণ কৰিব খোজা প্ৰতিষ্ঠানসমূহে ডিপিআইআইটি-ৰ ৰেইন ইনভেষ্টমেণ্ট ফেচিলিটেশ্যন পৰ্টেল-ৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা আগতীয়া অনুমোদন গ্ৰহণ কৰিব লাগিব।

(iv) প্ৰতিটো প্ৰতিষ্ঠানে সঞ্চালক মণ্ডলীৰ নাগৰিকত্ব সম্পৰ্কীয় সকলো বিধি-নিয়ম মানি চলিব লাগিব। ৬০দিনৰ অধিক সময়কালৰ বাবে নিয়োজিত হব লগা সকলো বিদেশী বিষয়া-কৰ্মচাৰীৰ নিৰাপত্তা সংক্ৰান্তীয় অনুমোদনকে ধৰি আনুষংগিক প্ৰক্ৰিয়াসমূহৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ সৈতে যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

তলত উল্লেখ কৰা ইউআৰএল-ৰ মাধ্যমেৰে ৰাজহুৱা জাননী প্ৰত্যক্ষ কৰিব পাৰিব:

https://mib.gov.in/sites/default/files/Public%20Notice%20%20regarding%20FDI%20Policy%20.pdf

 

**********
 

Saurabh Singh/KB



(Release ID: 1673328) Visitor Counter : 208