প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে জেএনইউ কেম্পাছত উন্মোচন কৰিলে স্বামী বিবেকানন্দৰ মূৰ্তি

জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আদৰ্শক অগ্ৰাধিকাৰ দিয়া উচিত নহয় : প্ৰধানমন্ত্ৰী

ভাৱনাৰ আদান-প্ৰদান আৰু নতুন ভাৱনাৰ গতিক সকলো সময়তে বিনা বাধাৰে চলিব দিব লাগিব

Posted On: 12 NOV 2020 8:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নতুন দিল্লীত জেএনইউ কেম্পাছত স্বামী বিবেকানন্দৰ মূৰ্তিৰ আৱৰণ উন্মোচন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে জেএনইউৰ ছাত্ৰ-ছাত্ৰী আৰু দেশৰ যুৱ সমাজক তেওঁৰ ভাষণত জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আদৰ্শক অগ্ৰাধিকাৰ দিলে কি ক্ষতি হ’ব পাৰে সেই বিষয়ে তেওঁৰ মতামত জনায়। তেওঁ লগতে কয়, আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাই ইয়াৰ ফলত যথেষ্ট ক্ষতিৰ সম্মূখীন হৈছে। "কাৰণ, আমাৰ আদৰ্শ এক ভাৱনাৰে চলিব, তাৰ বাহিৰে জাতীয় স্বাৰ্থত অন্য ভাৱনাৰে, আমি একেই গণ্ডীৰ মাজত থাকি চিন্তা কৰিব লাগিব, আমি একেই সামগ্ৰীক লৈ কাম কৰিম, এই ধাৰণাটোৱেই ভুল।” শ্ৰী মোদীয়ে কয়, কোনো লোকে তেওঁৰ আদৰ্শক লৈ গৰ্বিত হ’বই পাৰে, কিন্তু তাৰ লগে লগে জাতীয় স্বাৰ্থৰ ক্ষেত্ৰত আমি চাব লাগিব যে আমাৰ আদৰ্শ যেন স্বাৰ্থৰ পৰিপন্থী নহয়। এই বিষয়টোৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব দিছে।

প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক কয়, দেশৰ ইতিহাসত যেতিয়াই সংকটৰ সময় আহিছে, তেতিয়াই দেশৰ স্বাৰ্থত প্ৰতিটো আদৰ্শৰ লোকেই একগোট হৈছে। স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত সকলো আদৰ্শৰ লোকেই একত্ৰিত হৈছিল। তেওঁলোকে একত্ৰিত হৈ সংগ্ৰাম কৰিছিল। দেশে এই একেই সংহতি দেখিছিল দেশৰ সংকটৰ অৱস্থাত। প্ৰাক্তন কংগ্ৰেছী নেতৃবৃন্দ আৰু কৰ্মীসকলেও জৰুৰী অৱস্থাৰ বিৰুদ্ধে আন্দোলনত চামিল হৈছিল। তেতিয়া আৰএছএছ-ৰ স্বেচ্ছাসেৱক আৰু জনসংঘৰ লোকসকলো আছিল। সমাজবাদী আৰু কমিউনিষ্ট ভাৱধাৰাৰ লোকসকলো একগোট হৈছিল।

এই সংহতিৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দি কয়, কোনোৱেই তেওঁৰ আদৰ্শৰ পৰা বিচলিত নহ’ব। গতিকে সকলোৰে এক উদ্দেশ্য থাকিব লাগিব, সেয়া হৈছে - জাতীয় স্বাৰ্থ। আৰু তেওঁলোকে যেতিয়াই দেশৰ ঐক্য, অখণ্ডতা আৰু জাতীয় স্বাৰ্থৰ প্ৰশ্ন আনিব, তেতিয়াই সিদ্ধান্ত লোৱাৰ সময়ত কোনোৱে আদৰ্শৰ কথা ভাবিলে সি দেশৰ বাবে ক্ষতিকাৰক হ’ব।

প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ জনায়, ভাৱনা ভাগ কৰি লোৱা আৰু নতুন ভাৱনাৰ গতিত কোনো বাধাৰ সৃষ্টি কৰা উচিত নহয়। আমাৰ দেশৰ মাটি হ’ল সেই মাটি য’ত বিভিন্ন ভাৱধাৰাৰ বীজ বিকশিত হৈছে। এই ঐতিহ্যক আৰু অধিক শক্তিশালী কৰাৰ দায়িত্ব আমাৰ যুৱ সমাজৰ। এই ঐতিহ্যৰ বাবে ভাৰত বিশ্বৰ আটাইতকৈ প্ৰাণৱন্ত গণতন্ত্ৰৰ দেশ হিচাপে বিবেচিত হৈছে বুলি উল্লেখ কৰে শ্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰৰ সংস্কাৰৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক বিস্তাৰিতভাৱে জনাইছে। তেওঁ কয়, আত্মনিৰ্ভৰ ভাৰতৰ ধাৰণা ১৩০ কোটিতকৈও অধিক লোকৰ একত্ৰিত চেতনাৰ মাধ্যমেৰে গঢ়ি উঠিছে। আৰু ইয়েই আমাৰ উচ্চাকাঙ্ক্ষাৰ মূল কাৰণ। দেশৰ সংস্কাৰ অব্যাহত ৰখাৰ প্ৰসঙ্গ উল্লেখ কৰি শ্ৰী মোদীয়ে জেএনইউৰ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাইছে যে কিদৰে ভালকৈ সংস্কাৰৰ মাধ্যমেৰে বিপন্ন ৰাজনীতিক পৰিৱৰ্তন ঘটাই ভাল ৰাজনীতিলৈ পৰিৱৰ্তিত কৰিব পৰা যায় তাক লৈ চিন্তা চৰ্চা কৰিব লাগে। তেওঁ লগতে কয়, আজিৰ সংস্কাৰৰ নেপথ্যত আছে ভাৰতৰ প্ৰতিটো ক্ষেত্ৰক আৰু উন্নত কৰি তোলাৰ চাহিদা। যি উদ্দেশ্য আৰু লক্ষ্যৰ মাধ্যমেৰে আজি সংস্কাৰ হাতত লোৱা হৈছে সেয়া অত্যন্ত আন্তৰিক। তেওঁ লগতে কয়, এই সংস্কাৰ আৰম্ভ হোৱাৰ লগে লগে এক সুৰক্ষা বলয় তৈৰি কৰা হৈছে আৰু সেই সুৰক্ষাৰ ভিত্তি হ’ল বিশ্বাস।

প্ৰধানমন্ত্ৰীয়ে কয়, দীৰ্ঘসময় ধৰি দৰিদ্ৰসকলক কেৱল মাত্ৰ শ্লোগান দিয়াৰ বাবেই ব্যৱহাৰ কৰা হৈ আহিছে। দেশৰ ব্যৱস্থাৰ সৈতে দৰিদ্ৰ লোকসকলক জড়িত কৰাৰ কোনো ব্যৱস্থা তথা পদক্ষেপেই গ্ৰহণ কৰা হোৱা নাই। তেওঁ কয়, দৰিদ্ৰ লোকসকল আছিল আটাইতকৈ অৱহেলিত, যোগাযোগহীন আৰু অৰ্থনৈতিক কাৰ্যসূচীৰ আওতাৰ বাহিৰত আছিল তেওঁলোক। তেওঁ আৰু কয়, এতিয়া দৰিদ্ৰ ব্যক্তিসকলে নিজৰ পকীঘৰ, শৌচালয়, বিদ্যুৎ, গেছ, পৰিচ্ছন্ন খোৱাপানী, ডিজিটেল বেংকিং, কম খৰচতে মোবাইলৰ যোগাযোগ আৰু ইণ্টাৰনেট সংযোগো পাইছে। দৰিদ্ৰসকলৰ চাৰিওপাশে এই সুৰক্ষা কবচ প্ৰস্তুত কৰা হৈছে যিটোৱে তেওঁলোকৰ উচ্চাকাঙ্ক্ষা পূৰণত অত্যন্ত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব। ঠিক তেনেদৰে, কৃষি বজাৰবোৰৰ আধুনিকীকৰণ, ই-নাম, ভূমি স্বাস্থ্য কাৰ্ড, ন্যূনতম সহায়ক মূল্যত উন্নতমানৰ ইউৰিয়া সাৰ উপলব্ধ কৰোৱা - এইবোৰৰ মাধ্যমেৰে কৃষকৰ বাবে সুৰক্ষাৰ এক বলয় প্ৰস্তুত কৰা হৈছে। চৰকাৰে প্ৰথমে তেওঁলোকৰ চাহিদা পূৰণৰ বাবে কাম কৰিছে আৰু এতিয়া তেওঁলোকৰ উচ্চাকাঙ্ক্ষা পূৰণৰ বাবে কাম কৰিছে।

প্ৰধানমন্ত্ৰীয়ে আশা কৰে, জেএনইউত স্বামীজীৰ এই মূৰ্তি প্ৰত্যেকৰ বাবে অনুপ্ৰেৰণাৰ কাৰণ হ’ব আৰু স্বামী বিবেকানন্দই যি বিচাৰিছিল, ঠিক তেনেদৰে সকলোৰে মাজত সাহস দেখা যাব। তেওঁ আৰু কয়, এই মূৰ্তিয়ে আনৰ প্ৰতি দয়া কৰাৰ বিষয়টোৰ শিক্ষা দিব যি হৈছে স্বামীজীৰ দৰ্শনৰ মূল কথা। তেওঁ আশা কৰে, এই মূৰ্তিয়ে দেশৰ বাবে আমাক একনিষ্ঠভাৱে কাম কৰিবলৈ শিকাব, আমাৰ দেশক ভালপাবলৈ শিকাব, যি আছিল স্বামীজীৰ জীৱনৰ মূলমন্ত্ৰ। তেওঁ আশা কৰে, এই মূৰ্তিৰ মাধ্যমেৰে দেশ একতাৰ দৰ্শনেৰে উদ্বুদ্ধ হ’ব আৰু যুৱ সম্প্ৰদায়ৰ নেতৃত্বত উন্নয়নৰ পথেৰে আগুৱাই নিব, স্বামীজীয়ে যি আশা কৰিছিল। তেওঁ আশা কৰে, এই মূৰ্তিৰ মাধ্যমেৰে এক শক্তিশালী আৰু সমৃদ্ধশালী ভাৰতবৰ্ষ গঢ়াৰ যি স্বপ্ন স্বামীজীয়ে দেখিছিল সিয়েই আমাক অনুপ্ৰাণিত কৰিব।

 

*******

DS/AK/RD



(Release ID: 1672859) Visitor Counter : 182