প্ৰতিৰক্ষা মন্ত্ৰালয়

‘মিশ্যন সাগৰ-২’ৰ অধীনত আইএনএছ ঐৰাৱতৰ জৰিয়তে জিবুতিক খাদ্য সাহায্য প্ৰদান

Posted On: 12 NOV 2020 12:38PM by PIB Guwahati

সাগৰমান ২- ৱীয় মিশ্যনৰ অধীনত ভাৰতীয় নৌবাহিনীৰ জাহাজ ঐৰাৱত ১০ নৱেম্বৰত জিবুতি বন্দৰত উপস্থিত হয়ভাৰত চৰকাৰে প্রাকৃতিক দুৰ্যোগ তথা কভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হোৱা সংকটৰ পৰা উদ্ধাৰ হোৱাৰ বাবে মিত্ৰ বিদেশী ৰাষ্ট্ৰসমূহক সহায় আগবঢ়াই আহিছেইয়াৰ অংশ হিচাপে আইএনএছ ঐৰাৱতৰ জৰিয়তে জিবুতিৰ জনসাধাৰণৰ বাবে খাদ্য সাহায্য প্ৰেৰণ কৰা হৈছে

 

জিবুতি বন্দৰত ১১নৱেম্বৰত অনুষ্ঠিত এক অনুষ্ঠানত দেশখনৰ সমাজ কল্যাণ মন্ত্রালয়ৰ সচিব প্ৰধান মহামহিম ইফৰাহ আলি আহমেদে জিবুতিত নিযুক্ত ভাৰতীয় ৰাষ্ট্রদূত মহামহিম শ্রী অশোক কুমাৰৰ পৰা এই সাহায্য গ্রহণ কৰেআইএনএছ ঐৰাৱতৰ কমাণ্ডিং অফিচাৰ প্রশান্ত কুমাৰো এই অনুষ্ঠানত উপস্থিত আছিল

 

দ্বিতীয় পর্যায়ৰ সাগৰ মিশ্যন প্রধানমন্ত্রীৰ SAGAR দৃষ্টিৰ সৈতে সংৰেক্ষিত(অঞ্চলটোৰ সকলোৰে বাবে সুৰক্ষা আৰু বিকাশ) আৰু সমুদ্ৰ অঞ্চলত প্ৰথম সহাঁৰিদাতা হিচাপে ভাৰতীয় নৌসেনাৰ সৈতে ভাৰত মহাসাগৰ অঞ্চলত এক নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ স্থিতি পুনৰাবৃত্তি কৰে সামুদ্রিক প্রতিবেশীসকলৰ সৈতে সম্পর্ক দৃঢ় কৰাৰ বাবে ভাৰত আগ্রহী। ভাৰতীয় নৌসেনাই প্রতিৰক্ষা আৰু বিদেশ মন্ত্রালয় আৰু ভাৰত চৰকাৰৰ অন্যান্য সংস্থাসমূহৰ সৈতে নিকট সমন্বয় বজাই ৰাখি এই অভিযানত অগ্ৰগতি লাভ কৰি আছে

 

   

 ********

ABBB/VM/ MS 90/20/KG



(Release ID: 1672543) Visitor Counter : 163