প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১৩ নৱেম্বৰত জামনগৰ আৰু জয়পুৰত দুটা অত্যাধুনিক আয়ুৰ্বেদিক প্ৰতিষ্ঠান উদ্বোধন কৰিব

Posted On: 11 NOV 2020 3:08PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে পঞ্চম আয়ুৰ্বেদ দিৱসত জামনগৰত ইনষ্টিটিউট অব্ টিচিং এণ্ড ৰিচাৰ্ছ (আইটিআৰএ) তথা জয়পুৰত নেচনেল ইনষ্টিটিউট অব্ আয়ুর্বেদ (এনআইএ)-ৰ ১৩ নৱেম্বৰ তাৰিখে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে উদ্বোধন কৰিব। এই দুটি প্রতিষ্ঠান একবিংশ শতাব্দীত আয়ুৰ্বেদৰ উন্নয়নত

আন্তৰ্জাতিক স্তৰত নেতৃত্ব প্ৰদান কৰিব।

 

প্রেক্ষাপট :

ধন্বন্তৰি জয়ন্তীত ২০১৬ চনৰ পৰা প্রতি বছৰে আয়ুর্বেদ দিৱস উদযাপিত হৈ আহিছে। এই বছৰ ১৩ নৱেম্বৰ তাৰিখে এই দিনটো পালন কৰা হ’ব। আয়ুর্বেদ দিবসৰ জৰিয়তে এই পেছাৰ সৈতে জড়িত ব্যক্তিসকলৰ প্রতি শ্রদ্ধা

প্রদর্শন তথা সমাজক ইয়াৰ গুৰুত্বৰ কথাই কেৱল বুজোৱা নহয়, বৰঞ্চ উসৱ উদযাপনৰ জৰিয়তে এই দিনটো পালনৰ প্রয়োজনীয়তাও বুজোৱা হয়।

আয়ুর্বেদৰ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত গুৰুত্বপূৰ্ণ ভূমিকাক এই বছৰৰ আয়ুর্বেদ দিৱসত মূল বিষয় হিচাপে ৰখা হৈছে।

 

***

DS/AK/MANN



(Release ID: 1672137) Visitor Counter : 183