স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

একাধিক অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে ভাৰতে

চিকিৎসাধীন ৰোগীৰ সংখ্যা ৫লাখৰ তললৈ হ্ৰাস

মুঠ আৰোগ্যৰ সংখ্যা ৮০লাখ অতিক্ৰম, সামূহিক পৰীক্ষা ১২ কোটি অতিক্ৰম

Posted On: 11 NOV 2020 11:58AM by PIB Guwahati

বিশ্ব মহামাৰীৰ বিৰুদ্ধে সামূহিক যুঁজত ভাৰতে একাধিক অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে৷ ১০৬দিনৰ পাছত প্ৰথমবাৰলৈ দেশত চিকিসাধীন ৰোগীৰ সংখ্যা ৫লাখৰ তললৈ হ্ৰাস পাইছে৷ বৰ্তমান দেশত ৪,৯৪,৬৫৭জন লোক চিকিসাধীন হৈ আছে৷ জুলাই মাহত ৪,৯৬,৯৮৮জন লোক চিকিসাধীন হৈ আছিল৷ ইয়াৰ ফলত মুঠ আক্ৰান্তৰ বিপৰীতে ৫.৭৩% লোক চিকিসাধীন হৈ আছে৷

এই তথ্যই দেশত ক্ৰমান্বয়ে নিম্নগামী হোৱা চিকিসাধীন ৰোগীৰ কথাকে সূচাইছে৷ বিশ্বত শেহতীয়াভাৱে নতুন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতত হ্ৰাস পোৱাটোৱে বিশেষ তাপৰ্য বহন কৰিছে৷

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে কেন্দ্ৰৰ নিৰৱচ্ছিন্ন, পৰ্যায়ভিত্তিক আৰু নিৰ্দিষ্ট কৌশলৰ লগতে চিকিসক তথা সকলো ক’ভিড যোদ্ধাৰ নিস্বাৰ্থ সেৱাৰ বাবেই এই সফলতা সম্ভৱ হৈছে৷

বৰ্তমান দেশৰ ২৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ২০,০০০তকৈ কম লোক চিকিসাধীন হৈ আছে৷

কেৱল ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ২০,০০০তকৈ অধিক আৰু ২খন ৰাজ্য(মহাৰাষ্ট্ৰ/কেৰালা)ত ৫০,০০০তকৈ অধিক লোক চিকিসাধীন হৈ আছে৷

বিগত ২৪ ঘণ্টাত দেশত ৪৪,২৮১গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৫০,৩২৬গৰাকী ৰোগী আৰোগ্য হৈছে৷ একেৰাহে ৩৯দিন আক্ৰান্ত লোকতকৈ আৰোগ্য ৰোগীৰ সংখ্যা অধিক হৈছে৷

আজিৰ দিনটোত দেশত আৰোগ্য ক’ভিড ৰোগীৰ সংখ্যা ৮০,১৩,৭৮৩জনলৈ বৃদ্ধি পাইছে৷ আৰোগ্য আৰু আক্ৰান্ত ৰোগীৰ মাজৰ ব্যৱধান ৭৫,১৯,১২৬জন হৈছে৷ দেশৰ আৰোগ্যৰ হাৰ ৯২.৭৯%লৈ উন্নীত হৈছে৷

ইফালে, ভাৰতে ১২ কোটি মুঠ নমূনা পৰীক্ষাৰে আন এক সফলতা অৰ্জন কৰিছে৷ বিগত ২৪ ঘণ্টাত দেশত ১১,৫৩,২৯৪টা নমূনা পৰীক্ষা কৰা হৈছে৷

পৰীক্ষণ ব্যৱস্থাৰ আন্তঃগাঁথনি বৃদ্ধিৰ বাবেই দৈনিক আক্ৰান্ত লোকৰ সংখ্যা নিম্ন কৰি ৰখাটো সম্ভৱ হৈছে৷

উচ্চ হাৰৰ পৰীক্ষণে ক’ৰোনাৰ সংক্ৰমণ প্ৰতিহত কৰাটো সফল হৈছে৷ বৰ্তমান দৈনিক ৫০,০০০তকৈ কম লোক আক্ৰান্ত হৈছে৷

নতুনকৈ আৰোগ্য হোৱা লোকৰ ৭৭%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ৬,৭১৮ৰ বিপৰীতে কেৰালা আৰু দিল্লীত ক্ৰমে ৬,৬৯৮ আৰু ৬,১৫৭জন লোক নতুনকৈ আৰোগ্য হৈছে৷

ইফালে, নতুন আক্ৰান্তৰ ৭৮%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

দিল্লীত সৰ্বাধিক ৭,৮৩০জনৰ লগতে কেৰালাটো ৬,০১০জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত দেশত ৫১২জন লোক ক’ভিডত মৃত্যু হৈছে৷ ইয়াৰে ৭৯%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মৃত্যুৰ হাৰ ধাৰাবাহিকভাৱে নিম্নগামী হৈ ১.৪৮% হৈছে৷

মহাৰাষ্ট্ৰত সৰ্বাধিক ১১০জনৰ লগতে দিল্লী আৰু পশ্চিমবংগত ক্ৰমে ৮৩ আৰু ৫৩জন লোক নতুনকৈ ক’ভিডত মৃত্যু হৈছে৷

*********

MV/DB

 



(Release ID: 1672133) Visitor Counter : 182