স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা ৪০হাজাৰতৈ কম হৈছে

চিকিৎসাধীন আৰু দৈনিক মৃত্যুৰ হাৰো ক্ৰমান্বয়ে নিম্নগামী হৈছে

Posted On: 10 NOV 2020 11:19AM by PIB Guwahati

৬ দিনৰ পাছত ভাৰতত দৈনিক নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা ৪০,০০০তকৈ কম হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৩৮,০৭৩জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ একেৰাহে তৃতীয় দিনৰ বাবে দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা ৫০,০০০তকৈ কম হৈছে৷ একাংশ দেশত যোৱা ৩-৪দিনত প্ৰতিদিনে ১লাখতকৈ অধিক লোক আক্ৰান্তৰ বিপৰীতে ভাৰতৰ এই নিম্নগামীতাই তাৎপৰ্য বহন কৰিছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image001UPJT.jpg

বিগত কেইটামান সপ্তাহত দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যাও ক্ৰমান্বয়ে হ্ৰাস পাইছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image002TFL8.jpg

বিগত ৩৮দিন দেশত নতুন আক্ৰান্ততকৈ আৰোগ্যৰ সংখ্যা অধিক হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৪২,০৩৩জন ৰোগী আৰোগ্য হৈছে৷ দেশত চিকিসাধীন ৰোগীৰ সংখ্যা বৰ্তমান ৫,০৫,২৬৫জন হৈছে৷ দেশৰ মুঠ আক্ৰান্ত ৰোগীৰ বিপৰীতে বৰ্তমান চিকিসাধীন ৰোগীৰ হাৰ ৫.৮৮%লৈ হ্ৰাস পাইছে৷

ইয়াৰ বিপৰীতে দেশত আৰোগ্যৰ হাৰ ৯২.৬৪%লৈ উন্নীত হৈছে৷ আজিৰ দিনটোত মুঠ আৰোগ্যৰ সংখ্যা ৭৯,৫৯,৪০৬জন হৈছে৷ আৰোগ্য আৰু চিকিসাধীন ৰোগীৰ মাজৰ ব্যৱধান আজি ৭৪,৫৪,১৪১জনলৈ বৃদ্ধি পাইছে৷

নতুনকৈ আৰোগ্য হোৱা লোকৰ ৭৮%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে দিল্লীত সৰ্বাধিক ৭,০১৪, কেৰালাত ৫,৯৮৩ আৰু পশ্চিমবংগত ৪,৩৯৬জন আৰোগ্য হৈছে৷ ইফালে নতুন আক্ৰান্তৰ ৭২%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image003FAJJ.jpg

দিল্লীত সৰ্বাধিক ৫,৯৮৩জন আক্ৰান্ত হোৱাৰ বিপৰীতে পশ্চিমবংগ আৰু কেৰালাত ক্ৰমে ৩,৯০৭ আৰু ৩,৫৯৩জন আক্ৰান্ত হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image004PCKU.jpg

বিগত ২৪ ঘণ্টাত দেশত ৪৪৮জন ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ৭৮%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৫, দিল্লী আৰু পশ্চিমবংগত ক্ৰমে ৭১ আৰু ৫৬জন ৰোগীৰ মৃত্যু হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image005J89Z.jpg

****

MV/DB

 



(Release ID: 1671844) Visitor Counter : 142