প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-ইটালী ‘ভৰ্চুৱেল’ শীৰ্ষ সন্মিলন (৬ নৱেম্বৰ, ২০২০)

Posted On: 06 NOV 2020 7:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোডী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী অধ্যাপক গিউছেপ কোণ্টেৰ মাজত আজি (৬ নৱেম্বৰ, ২০২০) ভাৰ্চুৱেল মাধ্যমেৰে এক দ্বিপাক্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়।

প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৮ চনত অধ্যাপক গিউছেপ কোণ্টেই কৰা ভাৰত ভ্ৰমণৰ স্মৃতি সোঁৱৰণ কৰাৰ লগতে শেহতীয়া বছৰ দিয়েকত ভাৰত-ইটালীৰ সম্পৰ্ক অধিক প্ৰগাঢ় হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। ইফালে, প্ৰধানমন্ত্ৰী অধ্যাপক কোণ্টেই পৰিস্থিতি উন্নত হলেই ইটালী ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ জনায়।

দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ বিস্তৃত পৰ্যালোচনা কৰাৰ বাবে নেতাদ্বয়ক এই শীৰ্ষ সন্মিলনে বিশেষ সুযোগ প্ৰদান কৰিলে। সন্মিলনত ভিড-১৯ মহামাৰীকে ধৰি উমৈহতীয়া ভাবে সন্মুখীন হোৱা গোলকীয় প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত দুয়ো দেশৰ সহযোগিতা অধিক শক্তিশালী কৰাত গুৰুত্ব দোহাৰে দুয়োগৰাকী নেতাই।

মূৰব্বী নেতা দুগৰাকীয়ে ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক তথা প্ৰযুক্তিগত, মহাকাশ আৰু প্ৰতিৰক্ষা সহযোগিতাকে ধৰি বিভিন্ন প্ৰসংগত বিস্তৃত আলোচনা কৰে। আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসংগসমূহৰ ক্ষেত্ৰত বহুপক্ষীয় মঞ্চসমূহত, বিশেষকৈ জি-২০ত দুয়ো দেশে সমন্বিত ভাবে স্থিতি গ্ৰহণ কৰাৰ সিদ্ধান্তত দুয়োগৰাকী নেতাই সহমত ব্যক্ত কৰে। ইটালীয়ে ২০২১ত আৰু ভাৰতে ২০২২ চনত জি-২০ৰ সভাপতিত্ব গ্ৰহণ কৰিব। ভাৰত আৰু ইটালীয়ে ডিচেম্বৰ ২০২০ৰ পৰা একলগেই জি-২০ ট্ৰইকাৰ অংশীদাৰিত্বও গ্ৰহণ কৰিব। ইফালে, স্বাক্ষৰ দান প্ৰক্ৰিয়া সম্পূৰ্ণ হলেই আইইএছ-ত অংশ গ্ৰহণ কৰাৰ বাবে ইটালীয়ে লোৱা সিদ্ধান্তক ভাৰতে আদৰণি জনাইছে।

শীৰ্ষ সন্মিলনৰ সময়তে দুয়োখন দেশৰ মাজত শক্তি, মীন পালন, জাহাজ নিৰ্মাণ, নক্সা নিৰ্মাণ আদি ক্ষেত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় ১৫খন বুজাবুজিৰ চুক্তি/চুক্তি স্বাক্ষৰিত হয়।  

*****

DS/SH/KB



(Release ID: 1670903) Visitor Counter : 157