গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

এনএফএছএ- খাদ্য ও ৰাজহুৱা বিতৰণ বিভাগৰ অধীনত হিতাধিকাৰীসকলৰ সঠিক লক্ষ্যৰ অৰ্থে ২০১৩ৰপৰা ৪.৩৯ কোটি ভুৱা ৰেচন কাৰ্ড বাতিল

বাতিল কৰা ৰেচন কাৰ্ডৰ বিপৰীতে প্ৰকৃত ও সঠিক যোগ্য হিতাধিকাৰী/গৃহস্থীলৈ নিয়মীয়াভাৱে নতুন কাৰ্ড জাৰি

Posted On: 06 NOV 2020 11:06AM by PIB Guwahati

টাৰ্গেটেড পাব্লিক ডিষ্ট্ৰিবিউশ্যন চিষ্টেম (TPDS) ৰ আধুনিকীকৰণ আৰু ৰেচন কাৰ্ড/হিতাধিকাৰীসকলৰ ডাটাবেছৰ ডিজিটাইজেশ্যন, আধাৰ চিডিং, অযোগ্য/ভুৱা ৰেচন কাৰ্ডৰ চিনাক্তকৰণ, ডিজিটাইজড ডাটাৰ ডি-ডুপ্লিকেশ্যন, হিতাধিকাৰীসকলৰ মাইগ্ৰেশ্যন/মৃত্যু সন্দৰ্ভত ইয়াৰ পৰিচালনাত স্বচ্ছতা আৰু সক্ষমতাৰ উন্নয়ন সাধন কৰিবলৈ সমগ্ৰ দেশখনতে প্ৰযুক্তি-চালিত পিডিএছ সংস্কাৰৰ অংশ হিচাপে আৰু এনএফএছএৰ ৰূপায়ণৰ সময়ছোৱাত, ২০১৩ ৰপৰা ২০২০ পৰ্যন্ত এতিয়ালৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰদ্বাৰা দেশখনত মুঠ ৪.৩৯ কোটি অযোগ্য/ভুৱা ৰেচন কাৰ্ড বাতিল কৰা হৈছে।

তদুপৰি, এনএফএছএ ক’ভাৰেজৰ সংশ্লিষ্ট কোটা সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰদ্বাৰা এনএফএছএৰ হিতাধিকাৰীসকলৰ ‘সঠিক লক্ষ্য’ৰ অৰ্থে নিয়মীয়াভাৱে ব্যৱহাৰ কৰা হৈছে অৰ্থা নতুন ৰেচন কাৰ্ড জাৰিকৰণৰদ্বাৰা আন প্ৰকৃত ও সঠিক যোগ্য হিতাধিকাৰী/গৃহস্থীসমূহৰ অন্তৰ্ভুক্তি/সংযোগ।

এনএফএছএয়ে টিপিডিএছৰ জৰিয়তে ৮১.৩৫ কোটি লোকলৈ উচ্চ ৰাজসাহাৰ্য্যযুক্ত খাদ্যশস্য লাভৰ ক’ভাৰেজ আগবঢ়াইছে। যিসমূহ লোকৰ পৰিমাণ ২০১১ৰ পিয়ল অনুসৰি দেশখনৰ জনসংখ্যাৰ ২/৩ য়াংশ। বৰ্তমানে, দেশখনত ৮০ কোটিৰো অধিক লোকে খাদ্যশস্য (চাউল, ঘেঁহু আৰু মোটা শস্য) লাভ কৰি আছে। উচ্চ ৰাজসাহাৰ্য্যযুক্ত কেন্দ্ৰই জাৰি কৰা ইয়াৰ মূল্য হৈছে ক্ৰমে প্ৰতি কিলোত ৩, ২ আৰু ১ টকা। এনএফএছএৰ অধীনত মাহেকীয়া ভিত্তিত এয়া আগবঢ়োৱা হৈছে।

****

APS/MS/SB



(Release ID: 1670869) Visitor Counter : 119