PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 06 NOV 2020 6:22PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

বিগত পাঁচ সপ্তাহৰ পৰা আৰোগ্যৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, সক্ৰিয় ৰোগীৰ সংখ্যা স্থিৰ হ’বলৈ ধৰিছে; আজি পৰ্যন্ত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫.২ লাখ

বিগত ২৪ ঘণ্টাত ৫০,০০০ত কৈও কম সংখ্যক সক্ৰিয় ৰোগীৰ সংখ্যা প্ৰতিবেদিত হৈছে৷ আনহাতে নতুনকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা ৫৪,০০০ৰ সীমা অতিক্ৰম কৰিছে৷ বিগত ২৪ ঘণ্টাত ৫৪,১৫৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আজি পৰ্যন্ত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫,২০,৭৭৩ জন৷ এই পৰ্যন্ত মুঠ ৭,৭৬৫,৯৬৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্য হোৱা ৰোগী আৰু সক্ৰিয় ৰোগীৰ মাজত সংখ্যাৰ ব্যৱধান হ’ল ৭২,৪৫,১৯৩ জন৷

অধিক বিৱৰণৰ বাবে

 

 

 

ভাৰ্চুৱেল গ্ল'বেল ইনভেষ্টৰ ৰাউণ্ডটেবুলত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্চুৱেল গ্ল'বেল ইনভেষ্টৰ ৰাউণ্ডটেবুলৰ অধ্যক্ষতা কৰে। এই ৰাউণ্ডটেবুলত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে চলিত বছৰত ভাৰতে বিশ্বজোৰা মহামাৰীৰ সৈতে সাহসিকতাৰে যুঁজি থকা বাবে, বিশ্বই ভাৰতৰ ৰাষ্ট্ৰীয় চৰিত্ৰ আৰু ইয়াৰ প্ৰকৃত শক্তি দেখা পালে। তেওঁ কয় যে এই মহামাৰীয়ে সফলতাৰে দায়বদ্ধতাৰ এটা ধাৰণা, ইয়াৰ সহানুভূতিৰ উদ্যম, ৰাষ্ট্ৰীয় একতা আৰু নৱোন্মেষণৰ উজ্জ্বলতাৰ দৰে কাৰ্যবিলাক উলিয়াই আনিলে, যাৰ বাবে ভাৰতীয় লোক পৰিচিত। প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে যে ভাৰতে এই মহামাৰীৰ সময়ত অৰ্থনৈতিক স্থিৰতা বৰ্তাই ৰখাৰ সমান্তৰালকৈ ভাইৰাছৰ বিৰুদ্ধে যুঁজি উল্লেখযোগ্য তৎপৰতা প্ৰদৰ্শন কৰিলে। তেওঁ এই সাৰ্থক প্ৰতিৰোধৰ বাবে ভাৰতৰ প্ৰণালীসমূহৰ শক্তি, জনসাধাৰণৰ সমৰ্থন আৰু চৰকাৰী নীতিৰ স্থিৰতাৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পুৰণি অনুশীলনৰ পৰা মুক্ত নতুন ভাৰত নিৰ্মাণ কৰি থকা হৈছে, অধিক উন্নতিৰ বাবে আজি ভাৰতৰ পৰিৱৰ্তন হৈ আছে। তেওঁ লগতে কয় যে আত্মনিৰ্ভৰ হ'বলৈ ভাৰতে চলোৱা প্ৰচেষ্টা কেৱল এটা দৃষ্টিভংগী নহয়, বৰং এটা সু পৰিকল্পিত অৰ্থনৈতিক ৰণনীতি। তেওঁ জোৰ দি কয় যে ই হৈছে ভাৰতক এক গোলকীয় নিৰ্মাণ শক্তি ৰূপে গঢ়ি তুলিবলৈ এটা ৰণনীতি যাৰ লক্ষ্য ভাৰতৰ বাণিজ্যৰ সক্ষমতা আৰু ইয়াৰ কৰ্ম শক্তিৰ দক্ষতাৰ ব্যৱহাৰ কৰা। শ্ৰী মোদীয়ে কয় যে প্ৰযুক্তিৰ ক্ষেত্ৰখনত নৱোন্মেষণৰ বাবে এটা গোলকীয় কেন্দ্ৰৰ ৰূপত ভাৰতক গঢ়ি তুলিবলৈ দেশৰ শক্তিৰ ব্যৱহাৰ কৰা আৰু ইয়াৰ বিশাল মানৱ সম্পদ তথা প্ৰতিভাৰ ব্যৱহাৰ কৰি বিশ্বৰ উন্নয়নৰ দিশত অৰিহণা যোগোৱাটো ইয়াৰ লক্ষ্য। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি বিনিয়োগকাৰীসকল কোম্পানীৰ প্ৰতি আকৰ্ষিত হৈছে, যাৰ এক উচ্চ পৰিৱেশগত, সামাজিক আৰু প্ৰশাসনীয় (ইএছজি) স্ক'ৰ আছে। তেওঁ ভাৰতক এনেকুৱা উন্নত কাৰ্য প্ৰনালীযুক্ত দেশ হিচাপে তুলি ধৰে আৰু কোম্পানীসমূহে ইএছজি স্ক'ৰত উচ্চ স্তৰত স্থান দিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ইএছজিৰ ওপৰত সমানে আলোকপাত কৰি ভাৰতে বিকাশৰ পথত অগ্ৰসৰ হোৱাত বিশ্বাস কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিনিয়োগকাৰীসকলক গণতন্ত্ৰ, জনগাঁথনি, চাহিদাৰ লগতে বৈচিত্ৰ্য প্ৰদান কৰে। তেওঁ কয়, ''আমাৰ এনে বৈচিত্ৰ্যৰ বাবেই আপুনি এখন বজাৰৰ ভিতৰতে কেইবাখনো বজাৰ গঢ়ি তুলিব পাৰে। ই একাধিক অগ্ৰাধিকাৰসহ একাধিক ক্ষুদ্ৰাকাৰত আছে। ই বিভিন্ন বতৰ আৰু উন্নয়নৰ বিভিন্ন স্তৰত আছে।'' প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে যে বিনিয়োগকাৰীক ধন বিনিয়োগৰ বাবে বিশ্বাসযোগ্য বাতাবৰণ সৃষ্টি কৰিবলৈ, সৰ্বোত্তম আৰু সুৰক্ষিত দীৰ্ঘকালীন ওৱাপোচ লাভ কৰিবলৈ চৰকাৰে কিদৰে দীৰ্ঘস্থায়ী সমাধানৰ বাবে কাম কৰি আছে। প্ৰস্তুতকৰণৰ সম্ভাৱনাৰ উন্নতি কৰাৰ লগতে ব্যৱসায় কৰিবলৈ উন্নত পৰিৱেশ সৃষ্টিৰ বাবে তেওঁ চৰকাৰৰ বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ কয়, ''আমাৰ প্ৰস্তুতকৰণ সম্ভাৱনা উন্নত কৰিবলৈ আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো, আমি জিএছটিৰ ৰূপত এক দেশ এক টেক্স ছিষ্টেমৰ পথত অগ্ৰসৰ হৈছো, যিটো সবাতোকৈ কম কৰ্পৰেট টেক্স ৰে'টযুক্ত আৰু নতুন মেনুফেকচাৰিঙৰ বাবে বিভিন্ন উদগণি আছে, আই টি এছেছমেণ্ট আৰু এপীলৰ বাবে ফেইচলেছ ৰিজাইম, কৰ্মীৰ কল্যাণৰ সৈতে ভাৰসাম্য ৰাখি এক নতুন শ্ৰম আইন আৰু কৰ্মচাৰীৰ বাবে ব্যৱসায় কৰাৰ উদগণি সৃষ্টি কৰা হৈছে। নিৰ্দিষ্ট খণ্ডত উৎপাদনৰ সৈতে সংযুক্ত উদগণিমূলক আঁচনি আৰু হাতত থকা বিনিয়োগকাৰীসকলৰ বাবে শক্তিশালী প্ৰতিষ্ঠানিক ব্যৱস্থাপনা।''

অধিক বিৱৰণৰ বাবে

 

ভাৰ্চুৱেল গ্ল’ৱেল ইনভেষ্টৰ ৰাউণ্ডটেবুলত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ দৰে স্বাস্থ্য প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসা সামগ্ৰী সঁজুলি উদ্যোগসমূহৰ সমৰ্থনৰ বাবে ইইপিচি ইণ্ডিয়া আৰু এনআইডিৰ সহযোগিতা স্থাপন

ইইপিচি ইণ্ডিয়া আৰু নেচনেল ইনষ্টিটিউট অব্ ডিজাইনে চিকিৎসা সামগ্ৰী সঁজুলি উদ্যোগসমূহক অধিক সক্ৰিয় কৰি তোলাৰ বাবে সহযোগিতা স্থাপন কৰিছে৷ ইয়াৰ বাবে এমএছএমই মন্ত্ৰালয়ে বিশেষ চৰকাৰী আঁচনিৰ অধীনত সাতটা ইনকিউবেচন চিন্তাধাৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ এমএছএমইৰ অতিৰিক্ত সচিব আৰু বিকাশ আয়ুক্ত শ্ৰী ডি কে সিঙে আজি  ৱেবিনাৰ একনত এই তথ্য প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

 

বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহ লকডাউনৰ পিছত পুনৰ মুকলিৰ বাবে ইউজিচিয়ে নিৰ্দেশনাৱলী মুকলি কৰিছে

লকডাউনৰ পিছত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ মুকলিৰ বাবে ইউজিচিয়ে নতুন নিৰ্দেশনাৱলী মুকলি কৰিছে৷ এই নিৰ্দেশনাৱলী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে পৰীক্ষণ কৰিছে আৰু গৃহ মন্ত্ৰালয় তথা শিক্ষা মন্ত্ৰালয়ে অনুমোদন প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পুনেৰ ৰাষ্ট্ৰীয় আৰ্চাৰী শিবিৰত অনুষ্ঠিত হৈছে আৰটি-পিচিআৰ পৰীক্ষণ, আৰ্চাৰ হিমানী মালিকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে ধাৰ্য কৰা এছঅ’পি অনুসৰি পুণেৰ ৰাষ্ট্ৰীয় আৰ্চাৰী শিবিৰত এক আৰটি-পিচিআৰ পৰীক্ষণ অনুষ্ঠিত হয়৷ ২৩ নৱেম্বৰৰ পৰীক্ষণত হিমানী মালিকৰ দেহত ক’ভিড পজিটিভ পোৱা যায়৷

অধিক বিৱৰণৰ বাবে

 

ঘৰুৱা বিমান সেৱাৰ ভাড়া শ্ৰেণী ২৪ ফেব্ৰুৱাৰী ২০২১ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হৈছে

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘৰুৱা বিমান সেৱাৰ ভাড়াৰ শ্ৰেণী ২৪ ফেব্ৰুৱাৰী ২০২১ তাৰিখলৈ সম্প্ৰসাৰিত কৰিছে৷ ইয়াক ২১ মে’ ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে৷ ১ নৱেম্বৰ ২০২০ তাৰিখে দৈনিক যাত্ৰীৰ সংখ্যা ২.০৫ লাখৰ সংখ্যা স্পৰ্শ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অৰুণাচল প্ৰদেশঃ কালি ৮৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ বৰ্তমানে ১৬২১ জন সক্ৰিয় ৰোগী ৰাজ্যখনত আছে৷ আৰোগ্যৰ হাৰ ৮৯ শতাংশ৷
  • অসমঃ বিগত ২৪ ঘণ্টাত ২৭৯৫৯ টা পৰীক্ষণত ৩১৩ জন লোকৰ দেহক ক’ভিড-১৯ৰ বীজাণুৰ অৱস্থিতি পোৱা গৈছে৷ পজিটিভিটীৰ হাৰ হ’ল ১.১২%
  • মেঘালয়ঃ মেঘালয়ত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৮৯  আৰু মুঠ আৰোগ্যৰ সংখ্যা হ’ল ৮৮১৩ জন৷ ৯২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • মিজোৰামঃ কালি নতুনকৈ ৩২ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হৈছে ২৯৯০ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫১৫ জন৷
  • নাগালেণ্ডঃ নাগালেণ্ডত বৃহস্পতিবাৰে ৫৭জন নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ১৪৪ জন লোকে আৰোগ্যও লাভ কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত বৃহস্পতিবাৰে ৫২৪৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুম্বাইত ৮৪১ জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷   
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৭৪,৮২৫ জন৷ ২৯৯২ জন লোকৰ মৃত্যু হৈছে৷ আৰোগ্য লাভ কৰিছে ১,৬৪,০৬৭ জনে৷
  • চট্টিশগড়ঃ চট্টিশগড় চৰকাৰে ৰাজ্য চৰকাৰৰ চিকিৎসালয় আৰু ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহৰ স্বাস্থ্য কৰ্মীৰ এক ডাটাবেচ সৃষ্টি কৰিছে৷
  • গোৱাঃ অনলাইন ট্ৰেভেল এজেন্সী ইক্সিগ’ই কয় যে গোৱালৈ বুকিঙৰ সংখ্যা ৭৪ শতাংশলৈ বৃদ্ধি পাইছে৷
  • কেৰালাঃ কালি ৬৮২০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ২৬ জনৰ মৃত্যু হৈছে৷
  • তামিলনাডুঃ মাদ্ৰাছ উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশ আম্ৰেশ্বৰ প্ৰতাপ সাহী ক’ৰোনাত আক্ৰান্ত হৈছে৷
  • কৰ্ণাটকঃ কৰ্ণাটক চৰকাৰে ক’ভিড-১৯ৰ বাবে দিপাৱলীত ফটকা ফুটুৱা নিষিদ্ধ কৰিছে৷  ৰাজ্যখনত এসপ্তাহতকৈও অধিক সময় ধৰি প্ৰতিদিনে ৩০০০ত কৈ অধিক লোক আক্ৰান্ত হৈ আহিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৭০,৭৯০ জন শিক্ষকৰ ক’ভিড-১৯ পৰীক্ষণ কৰাৰ পিছত ৮২৯ জন লোকৰ দেহত পজিটিভ বীজাণু ধৰা পৰিছে আৰু ৯৫,৭৬৩ জন শিক্ষাৰ্থীৰ ক’ভিড-১৯ পৰীক্ষণ কৰাৰ পিছত ৫৭৫ জনৰ দেহত পজিটিভৰ বীজাণু ধৰা পৰিছে৷
  • তেলেংগানাঃ বিগত  ২৪ ঘণ্টাত ১৬০২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ৯৮২ জন লোকে আৰোগ্য লাভ কৰিছে, ৪ জনৰ মৃত্যু হৈছে৷  মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৪৭,২৮৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯,২৭২ জন, মৃত্যু হৈছে ১৩৬৬ জনৰ৷ ২,২৬,৬৪৬ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৯১.৬৫%৷

 

 

FACT CHECK

*******

YB



(Release ID: 1670777) Visitor Counter : 127