তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ আৰু জিঅ’- ইনফৰমেটিক্স ক্ষেত্ৰত ভাস্কৰাচাৰ্য নেশ্যনেল ইনষ্টিটিউটৰ সৈতে প্ৰসাৰ ভাৰতীৰ বুজাবুজি চুক্তি স্বাক্ষৰ
प्रविष्टि तिथि:
04 NOV 2020 3:14PM by PIB Guwahati
এক ঐতিহাসিক পদক্ষেপৰ নিদৰ্শন হিচাপে ভাৰতৰ গণসম্প্ৰচাৰ সংস্থা প্ৰসাৰ ভাৰতীয়ে কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স তথা তথ্যপ্ৰযুক্তি মন্ত্ৰালয়ৰ ভাস্কৰাচাৰ্য নেশ্যনেল ইনষ্টিটিউটৰ সৈতে মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ আৰু জিঅ’ – ইনফৰমেটিক্স বা ভূ-তথ্যৰ আদান – প্ৰদানৰ ক্ষেত্ৰত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। স্বাক্ষৰিত বুজাবুজি চুক্তি অনুযায়ী ৫১ টা শিক্ষামূলক ডিটিএইচ টিভি চেনেল, ডিডি ফ্ৰী ডিস্কত গ্ৰাহকসকলে দূৰদৰ্শনৰ সহযোগী চেনেলবোৰৰ মাধ্যমেৰে চাবলৈ পাব।
এই পদক্ষেপৰ ফলত প্ৰতিটো পৰিয়ালবিশেষ গুণমান বিশিষ্ট শিক্ষামূলক অনুষ্ঠান দৰ্শক তথা শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ হ’ব। চহৰ তথা গ্ৰামাঞ্চলৰ সকলো ডিডি ফ্ৰী ডিস্ক সেৱাৰ গ্ৰাহকসকলে দিনে নিশাই বিনামূলীয়াকৈ এই ৫১ টা ডিটিএইচ শিক্ষামূলক চেনেল চাবলৈ পাব। সকলোৰে ওচৰলৈ শিক্ষা প্ৰেৰণ কৰাৰ লক্ষ্যৰে চৰকাৰৰ উদ্দেশ্য পূৰণত এই উদ্যোগে সুদূৰ প্ৰসাৰী ভূমিকা গ্ৰহণ কৰিব।
****
Saurabh Singh/RD
(रिलीज़ आईडी: 1670298)
आगंतुक पटल : 196