PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 03 NOV 2020 6:04PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

ভাৰতৰ সক্ৰিয় ৰোগীৰ সংখ্যা আজি ৫.৫ লাখৰ তললৈ হ্ৰাস হৈছে; ১০৫ দিনৰ পিছত ৩৮,৩১০ জনৰ নতুন দৈনিক ৰোগীৰ সংখ্যা প্ৰতিবেদিত হৈছে; মুঠ আৰোগ্য ৰোগীৰ সংখ্যা সক্ৰিয় ৰোগীতকৈ ৭০ লাখ বৃদ্ধি হৈছে

ভাৰতত বিগত ২৪ ঘণ্টাত নতুনকৈ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪০,০০০ৰ তললৈ অহা পৰিলক্ষিত হৈছে৷ ১৫ সপ্তাহৰ পিছত দৈনিক নতুন ৰোগীৰ সংখ্যাই ৩৮,৩১০ৰ সীমা স্পৰ্শ কৰিছে৷ ২২ জুলাই ২০২০ত নতুন ৰোগীৰ সংখ্যা আছিল ৩৭,৭২৪ জন৷ প্ৰতিদিনে সৰ্বাধিক সংখ্যক ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ পৰিপ্ৰেক্ষিতত মৃত্যুৰ হাৰো কম হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা ৫.৫ লাখৰ তললৈ আহিছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫,৪১,৪০৫ জন আৰু ই মুঠ ৰোগীৰ ৬.৫৫%হে৷ মুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হৈছে ৭৬ লাখ (৭৬,০৩,১২১ জন)৷ সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা ৰোগীৰ মাজৰ ব্যৱধান আজি  ৭০ লাখ অতিক্ৰম কৰি ৭০,৬১,৭১৬ জন হৈছে৷ বিগত ২৪ ঘণ্টাত ৫৮,৩২৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক মুকলি কৰি দিয়া হৈছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯১.৯৬%লৈ বৃদ্ধি হৈছে৷ ১০খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৮০% নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ পৰিঘটনা পৰিলক্ষিত হৈছে৷ মহাৰাষ্ট্ৰত এদিনতে ১০,০০০ লোকে আৰোগ্য লাভ কৰি শীৰ্ষস্থানত উপনীত হোৱাৰ লগতে কৰ্ণাটকত এদিনত ৮,০০০ জন লোকে আৰোগ্য লাভ কৰি ৰাজ্যখনে দ্বিতীয় স্থান লাভ কৰিছে৷ ১০খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৭৪% নতুন ৰোগী পৰিলক্ষিত হৈছে৷ কেৰালা, দিল্লী আৰু মহাৰাষ্ট্ৰত ৪,০০০ত কৈও অধিক লোক আৰু পশ্চিমবংগত ৩,০০০ নতুনকৈ লোক ৰোগত আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ৪৯০ জন লোকৰ মৃত্যু হৈছে৷ ভাৰতত মৃত্যুৰ হাৰ বৰ্তমানে ১.৪৯%৷

অধিক বিৱৰণৰ বাবে

৫ নৱেম্বৰ ২০২০ তাৰিখে ‘‘মানসিক কল্যাণৰ বাবে যোগাভ্যাস আৰু আয়ুৰ্বেদিক ঔষধ’’ শীৰ্ষক এক আন্তৰ্জাতিক ৱেবিনাৰৰ আয়োজন কৰা হ’ব

অল ইণ্ডিয়া ইনষ্টিটিউট অব্ আয়ুৰ্বেদে (এআইআইএ) ৱেষ্টাৰ্ণ ছিডনী ইউনিভাৰ্ছিটীৰ সহযোগত ৫ নৱেম্বৰ ২০২০ তাৰিখে ‘‘মানসিক কল্যাণৰ বাবে যোগাভ্যাস আৰু আয়ুৰ্বেদিক ঔষধ’’ শীৰ্ষক এক ৱেবিনাৰৰ আয়োজন কৰিছে৷  এই ৱেবিনাৰৰ জৰিয়তে আয়ুৰ্বেদ আৰু যোগাভ্যাস ব্যৱহাৰ কৰি মানসিক কল্যাণৰ সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

বেংকৰ দ্বাৰা আৰোপিত সেৱা শুল্কত তথ্যাত্মক স্থিতি

ৰাজহুৱা খণ্ডৰ বেংকসমূহে আৰোপ কৰা সেৱা শুল্ক সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমে কেতবোৰ ভ্ৰান্ত বাতৰি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে৷ এই প্ৰসংত নিম্নোক্ত ধৰণে তথ্যসমূহ দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে- জন ধন একাউণ্টত বিএছবিডি- ৬০.০৪ কোটি বিএছবিডি একাউণ্টত কোনো ধৰণৰ সেৱা শুল্ক নালাগে৷

নিয়মীয়া ছেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট, কেশ্ব ক্ৰেডিট একাউণ্ট আৰু অভাৰড্ৰাফ্ট একাউণ্টছৰ বাবে কোনো শুল্ক বৃদ্ধি কৰা হোৱা নাই৷

অধিক বিৱৰণৰ বাবে  

 

ৰাজহুৱা বিতৰণ ব্যৱস্থাযোগে চাউলক পুষ্টিযুক্ত কৰি তুলিবলৈ তথা ইয়াৰ বিতৰণৰ কেন্দ্ৰীয় পৃষ্ঠপোষকিত পাইলট আঁচনিৰ প্ৰণয়নৰ বাবে ১৫খন ৰাজ্যক চিনাক্ত কৰা হৈছে

দেশক পুষ্টিগত নিৰাপত্তাৰ দিশলৈ আগুৱাই নিয়াৰ বাবে খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে ‘‘ৰাজহুৱা বিতৰণ বিভাগৰ দ্বাৰা চাউলৰ পুষ্টিপোষণ আৰু ইয়াৰ বিতৰণৰ কেন্দ্ৰীয় পৃষ্ঠপোষকিত পাইলট আঁচনি’’ প্ৰণয়ন কৰিছে৷ এই পাইলট আঁচনি ২০১৯-২০২০ৰ পৰা আৰম্ভ হৈ তিনি বছৰ সময়ৰ বাবে অনুমোদন জনোৱা হৈছিল যাৰ মুঠ বাজেট আছিল ১৭৪.৬ কোটি টকা৷

অধিক বিৱৰণৰ বাবে

 

 

 

‘দূৰ সংযোগী-আইনীসেৱা ব্যৱস্থা’ই স্পৰ্শ কৰিলে সাফল্যৰ অন্য এক মাইলৰ খুঁটি, ‘চিএছচি’-ৰ জৰিয়তে গ্ৰহণ কৰা পদক্ষেপৰ দ্বাৰা ৪ লাখ হিতাধিকাৰীয়ে লাভ কৰিলে ন্যায়িক পৰামৰ্শ

‘উমৈহতীয়া সেৱা কেন্দ্ৰ’(চিএছচি)সমূহৰ জৰিয়তে ৪ লাখ হিতাধিকাৰীলৈ ন্যায়িক পৰামৰ্শ প্ৰদান কৰি ‘দূৰ সংযোগী-আইনীসেৱা ব্যৱস্থা’ই যোৱা ৩০ অক্টোবৰত সাফল্যৰ এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰে। কাৰ্যক্ৰম আৰম্ভ কৰাৰে পৰা এপ্ৰিল ২০২০ পৰ্যন্ত মুঠ ১.৯৫ লাখ পৰামৰ্শ প্ৰদানৰ বিপৰীতে ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম সাতটো মাহত মুঠ ২.৫ লাখ পৰামৰ্শ প্ৰদান কৰা হয়। ‘ডিজিটেল ইণ্ডিয়া ভিছন’ সাৰোগত কৰি ভাৰত চৰকাৰৰ ন্যায়িক সেৱা বিভাগে ‘প্ৰকট হোৱা’ আৰু ‘থলুৱা’ ডিজিটেল মঞ্চৰ সুবিধা গ্ৰহণ কৰি সকলোৰে বাবে আইন-ৰ সেৱা সম্ভৱ কৰাৰ গতি ত্বৰান্বিত কৰাৰ ব্যৱস্থা কৰে। এই উদ্দেশ্য আগত ৰাখি লক্ষ্যত উপনীত হোৱাৰ বাবে গোচৰসমূহ প্ৰাক মোকৰ্দমা পৰ্যায়তে নিষ্পত্তি কৰিব পৰাকৈ এক ‘দূৰ সংযোগী আইনী সেৱা কাৰ্যক্ৰম’ৰ শুভাৰম্ভ কৰা হৈছিল। এই কাৰ্যক্ৰমৰ অধীনত পঞ্চায়ত পৰ্যায়ত থকা ‘উমৈহতীয়া সেৱা কেন্দ্ৰ’(চিএছচি)সমূহৰ জৰিয়তে ‘ভিডিঅ’ কনফাৰেন্সিং’, ‘টেলিফোন/তাত্ক্ষণিক কলিং’ সেৱা আদিৰ দৰে ‘স্মাৰ্ট টেকন’লজী’ ব্যৱহাৰ কৰি দুখীয়া, দৰিদ্ৰ, বিপৰ্যস্ত, ব্যৱস্থাই ইমানদিনে ঢুকি নোপোৱা সমাজৰ পিচপৰা গোট তথা সম্প্ৰদায়সমূহক সূচীভুক্ত অধিবক্তাৰ পৰা যথা সময়ত মূল্যবান ন্যায়িক পৰামৰ্শ গ্ৰহণ কৰিব পৰাকৈ সংযোজিত কৰাৰ ব্যৱস্থা কৰা হয়।

অধিক বিৱৰণৰ বাবে

পচ্ছাদ ক’ভিড-১৯ অৰ্থনীতিত ভাৰতে বিশ্বৰ নেতৃত্ব বহন কৰিবঃ ড০ জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় ৰাজ্যিক ড’নাৰ, পিএমঅ’, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি  নতুন দিল্লীত ‘‘Economic Revival through  Capital Markets post covid-19’’ শীৰ্ষক এক ৱেবিনাৰ মুকলি কৰে৷ এই ৱেবিনাৰখনৰ আয়োজন কৰে নতুন দিল্লীৰ আইচিএছআই-এনআইআৰচিয়ে৷ অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে পচ্ছাদ ক’ভিড-১৯ অৰ্থনীতিত নেতৃত্ব বহন কৰিব৷ দেশৰ অৰ্থনীতিত উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে ড০ জিতেন্দ্ৰ সিঙে কয় যে ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত এই অঞ্চলটো ইউৰোপৰ পৰ্যটকসকলৰ বাবে বৈকল্পিক গন্তব্যস্থান হিচাপে গঢ় লৈ উঠিব কিয়নো অঞ্চলটোত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা কম৷ তেওঁ ইয়াকো কয় যে উত্তৰ পূৰ্বাঞ্চল ব্যৱসায়ৰ বাবে উত্তম স্থান হিচাপে গঢ় লৈ উঠাৰ সম্ভাৱনা আছে কিয়নো অঞ্চলটোত প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা বাঁহে অৰ্থনীতিলৈ প্ৰভূত অৰিহণা আগবঢ়াব পাৰে৷ দেশৰ অৰ্থনীতিত  উত্তৰ পূৰ্বাঞ্চল ‘নতুন ইঞ্জিন’ হিচাপে বিকশিত হৈ উঠাৰ সম্ভাৱনা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷ দেশৰ অৰ্থনীতিত কোম্পানী ছেক্ৰেটেৰীজৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে এই ধৰণৰ ৱেবিনাৰসমূহে আইচিএছআইৰ শিক্ষাৰ্থীসকলক সৱলীকৃত কৰিব৷ আজিৰ ৱেবিনাৰখনত আইচিএছআইৰ অধ্যক্ষ চিএছ আশীষ গাৰ্গ, আইচিএছআইৰ সম্পাদক শ্ৰী সুৰেশ পাণ্ডেয়েও ভাষণ প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

আৰ্চাৰী দলৰ সহায়ক কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ, এটা বিৰতিৰ পিছত পুনৰ আৰম্ভ হ’ব শিবিৰ

পুণেৰ আৰ্মী স্প’ৰ্টছ ইনষ্টিটিউটৰ ৰাষ্ট্ৰীয় আৰ্চাৰী দলৰ এজন সহায়ক সদস্যৰ দেহত ক’ৰোনা ভাইৰাছৰ বীজাণু ধৰা পৰাৰ পিছত তেওঁক এএছআইৰ বাহিৰৰ প্ৰাংগনত ৰখা হৈছে৷ ২ নৱেম্বৰৰ পৰা এই শিবিৰ বিৰতিৰ পিছত পুনৰ আৰম্ভ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

শ্ৰী সদানন্দ গৌড়াই প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰে

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ এক পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰে৷  পিএমবিজেপিয়ে চলিত বিত্তীয় বৰ্ষৰ ৩১ অক্টোবৰ পৰ্যন্ত ৬৬০০ জন ঔষধি বিপণীৰ জৰিয়তে ৩৫৮ কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত সোমবাৰে ৪০০৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ফলত সক্ৰিয় ৰোগীৰ সংখ্যা ১.১৮ লাখ হৈছে৷ ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপেই কয় যে ৰাজ্যখন ক’ভিডৰ দ্বিতীয়টো প্ৰবাহৰ বাবে সাজু হৈ আছে৷
  • গুজৰাটঃ গুজৰাট চৰকাৰে বিয়াৰ অনুষ্ঠানসমূহত পূৰ্বৰ ১০০ গৰাকী অতিথিৰ পৰিৱৰ্তে ২০০ গৰাকীৰ বাবে অনুমতি প্ৰদান কৰিছে৷
  • ৰাজস্থানঃ কালি ১৭৪৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখলৈ বৃদ্ধি পাইছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫,৮৮৯ জন৷
  • চট্টিশগড়ঃ মঙলবাৰলৈ প্ৰায় ১৫,০০০ স্বাস্থ্য কৰ্মীয়ে তেওঁলোকৰ দাবী পূৰণৰ বাবে কৰ্ম বিৰতি গ্ৰহণ কৰিছে৷ ফলত দৈনিক নমুনা সংগ্ৰহৰ পৰিমাণ ২৪,০০০ৰ পৰা ১৭,০০০লৈ অৱনমিত হৈছে৷
  • কেৰালাঃ কালি ৪১৩৮ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা ১৫৩৩ লৈ বৃদ্ধি পাইছে৷
  • তামিলনাডুঃ কইম্বাটুৰত ক’ভিড ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কিছুমান ক’ভিড শুশ্ৰূষা কেন্দ্ৰ বন্ধ কৰাৰ পৰিকল্পনা কৰিছে৷
  • কৰ্ণাটকঃ কৰ্ণাটক ৰাজ্যিক পথ পৰিবহণ নিগমে হায়দৰাবাদত বাছ সেৱা পুনৰ আৰম্ভ কৰিছে৷ ৬ নৱেম্বৰৰ ভিতৰত ৰাজ্যখনত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ খোলা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্য খনত ৯৮% বিদ্যালয় পুনৰ খোলা হৈছে, উপস্থিতিৰ হাৰ ৪৫%ৰ তলত আছে৷ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ মাজত সাত মাহৰ বিৰতিৰ পিছত আন্তঃৰাজ্যিক বাছ সেৱা পুনৰ আৰম্ভ কৰা হৈছে৷
  • তেলেংগানাঃ বিগত ১৫৩৬ জন নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ১৪২১ জনে আৰোগ্য লাভ কৰিছে আৰু ৩জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৪২,৫০৬জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭,৭৪২ জন৷ ১৩৫১ জনৰ মৃত্যু হৈছে৷ মুকলি কৰি দিয়া হৈছে ২,২৩,৪১৩ জনক৷
  • অৰুণাচল প্ৰদেশঃ কালি এজন লোকৰ মৃত্যু হোৱাৰ জৰিয়তে ক’ভিডত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৩৮ জন৷ বিগত ২৪ ঘণ্টাত ১১৭ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ শেহতীয়াকৈ ১৭২২ জন সক্ৰিয় ৰোগী আছে৷
  • অসমঃ বিগত ২৪ ঘণ্টাত ৩০৩৩৪ টা পৰীক্ষণৰ ভিতৰত ৪৬৫ জন নতুন ৰোগী চিনাক্ত কৰা হৈছে৷ পজিটিভিটীৰ হাৰ হ’ল ১.৫৩%৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০৬৯৮২ জন আৰু আজি পৰ্যন্ত ১৯৭৫৬৬ জনক মুকলি কৰি দিয়া হৈছে৷
  • মেঘালয়ঃ মেঘালয়ত ৭১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু ১১৭ জন লোকে নতুনকৈ আৰোগ্য লাভ কৰিছে৷
  • মিজোৰাম) কালি ৩৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৭৯২ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৪৪ জন৷ ৯ নৱেম্বৰলৈ আইজলত লকডাউন সম্প্ৰসাৰিত কৰা হৈছে৷
  • নাগালেণ্ডঃ মুঠ ১৩৬৩ জন সক্ৰিয় ৰোগীৰ ভিতৰত ১২৯৬ জন বিলক্ষণযুক্ত পোৱা গৈছে৷

FACT CHECK

Image

*********



(Release ID: 1669904) Visitor Counter : 149