প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সংহত বুনিয়াদী পাঠ্যক্ৰম ‘আৰম্ভ’-ৰ দ্বিতীয় তাঙৰণত ভাৰতীয় অসামৰিক সেৱাৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

যুৱ বিষয়া-বৰ্গক ৰাষ্ট্ৰৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণৰ বাবে উদ্বুদ্ধ কৰাৰ প্ৰয়াস

‘সংহত বুনিয়াদী পাঠ্যক্ৰম’ ‘আৰম্ভ’ কেৱল আৰম্ভণীয়েই নহয়, বৰঞ্চ এক নতুন পৰম্পৰাৰো প্ৰতীক : প্ৰধানমন্ত্ৰী

আত্মনিৰ্ভৰ হোৱাৰ বাবে দেশে প্ৰয়াস কৰাৰ সময়ত অসামৰিক সেৱাৰ বিষয়াসকলক ‘ভোকেল ফৰ লোকেল’ৰ মন্ত্ৰ আওৰোৱাৰ আহ্বান

Posted On: 31 OCT 2020 1:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ কেৱাড়িয়াৰ পৰা ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে মুচৌৰীৰ এলবিএছএনএএ-ৰ ভাৰতীয় অসামৰিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়া-বৰ্গ(অটি)ৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত মিলিত হয়। ২০১৯ চনত প্ৰথমবাৰ বাবে আৰম্ভ কৰা সংহত বুনিয়াদী পাঠ্যক্ৰম’ ‘আৰম্ভ-ৰ এক অংশ হিচাপেই এই কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়।

প্ৰশিক্ষণৰত বিষয়া-বৰ্গই কৰা প্ৰদৰ্শন চোৱাৰ পিচত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিকসকলৰ সেৱাত উত্সৰ্গিত হোৱাটোৱেই অসামৰিক সেৱাৰ সেৱকসকলৰ সকলোতকৈ ডাঙৰ কৰ্তব্য হোৱা উচিত বুলি চৰ্দাৰ বল্লভ ভাই পেটেলে প্ৰদান কৰা দৰ্শন সাৰোগত কৰিবলৈ প্ৰশিক্ষাৰ্থীসকলক আহ্বান জনায়।

শ্ৰী মোডীয়ে যুৱ বিষয়া-বৰ্গক ৰাষ্ট্ৰৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণৰ লগতে দেশৰ একতা আৰু অখণ্ডতা ৰক্ষাৰ বাবে উদ্বুদ্ধ কৰাৰ প্ৰয়াস কৰে। যি বিভাগতে নাথাকক অথবা যিখন ৰাজ্যতে কৰ্মৰত নহওক কিয় দেশৰ সৰ্ব সাধাৰণ জনতাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই অসামৰিক সেৱাৰ বিষয়া-বৰ্গই সদায় সিদ্ধান্ত গ্ৰহণ কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে।

কেৱল দৈনন্দিন কৰণীয়খিনি সমাপণ কৰাতে ক্ষান্ত নাথাকি ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে কৰ্মৰত হোৱাত গুৰুত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে সংকটৰ বেলিকা সঠিক সিদ্ধান্ত গ্ৰহণত পাৰ্গতালি দেখুওৱাটোহে সকলোতকৈ গুৰুত্বপূৰ্ণ কথা বুলি মন্তব্য কৰে।

দেশৰ উন্নয়ণৰ বাবে নতুন পথৰ সন্ধান কৰাৰ ক্ষেত্ৰত, নতুন লক্ষ্যত সফলতাৰে উপনীত হোৱাৰ পথত প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা আৰু ভূমিকা থকাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁ কয় যে আগৰ তুলনাত সাম্প্ৰতিক সময়ত মানৱ সম্পদৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত আধুনিক দৃষ্টিভংগী গ্ৰহণত অধিক গুৰুত্ব দিয়া হৈছে। শেহতীয়া ২-৩টা বছৰত দেশৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ প্ৰশিক্ষণৰ ধাৰাৰ বিশেষ ৰূপান্তৰ সাধন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ কয়, সংহত বুনিয়াদী পাঠ্যক্ৰম’ ‘আৰম্ভ কেৱল আৰম্ভণীয়েই নহয়, বৰঞ্চ এক নতুন পৰম্পৰাৰো প্ৰতীক

অসামৰিক সেৱাৰ শেহতীয়া সংস্কাৰ কথা কবলৈ গৈ তেওঁ মিছন কৰ্মযোগী আঁচনিখনৰ কথা উল্লেখ কৰাৰ লগতে ইয়াৰ জৰিয়তে অসামৰিক সেৱাৰ বিষয়াসকলক অধিক সৃষ্টিশীল আৰু অধিক আত্মবিশ্বাসী হিচাপে গঢ়ি তোলাৰ বাবে সামৰ্থ্য বৰ্দ্ধনৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে।

ওপৰৰ পৰা তললৈ প্ৰেৰণৰ নীতিৰে চৰকাৰ চলাব নোৱাৰি বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। যিসকল জনতাৰ বাবে নীতি নিৰ্দ্ধাৰণ কৰা হয় তেওঁলোকক জড়িত কৰাটোহে গুৰুত্বপূৰ্ণ। দেশৰ ৰাইজহে এইখন চৰকাৰৰ নেপথ্যৰ শক্তি বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

বৰ্তমানৰ কৰ্মধাৰত সকলো আমোলাই দেশত ন্যুনতম চৰকাৰ আৰু সৰ্বাধিক শাসন সুনিশ্চিত কৰাৰ বাবে ভূমিকা পালন কৰা উচিত। তেওঁ সকলো বিষয়াকে সাধাৰণ জনতাৰ জীৱনত হস্তক্ষেপৰ পৰিমাণ হ্ৰাস কৰাৰ বিপৰীতে তেওঁলোকৰ সবলীকৰণ সুনিশ্চিত কৰাত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। 

 

প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ হোৱাৰ বাবে দেশে প্ৰয়াস কৰাৰ সময়ত অসামৰিক সেৱাৰ বিষয়াসকলক ভোকেল ফৰ লোকেলৰ মন্ত্ৰ আওৰোৱাৰো আহ্বান জনায়।

***

VRRK/AK/KB



(Release ID: 1669212) Visitor Counter : 179