ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

বিত্তীয় বৰ্ষ ২০২০-২১ৰ প্ৰথম দুটা ত্ৰিমাসিকত এইচআইএল লিমিটেডৰ ৰপ্তানিত ৬৫%ৰ উত্তৰণ হৈছে

Posted On: 30 OCT 2020 11:27AM by PIB Guwahati

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰসায়ন আৰু পেট্ৰ’কেমিকেলছ বিভাগৰ অধীনৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ এইচআইএল লিমিটেডে ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম দুটা ত্ৰিমাসিকত অভিলেখ সংখ্যক ৰপ্তানি কৰিছে৷ উদ্যোগটোৱে এপ্ৰিল-ছেপ্টেম্বৰ ২০২০ত বিগত বৰ্ষৰ এই একেটা সময়ৰ তুলনাত ৰপ্তানিত ৬৫%ৰ উত্তৰণ কৰিছে৷

উদ্যোগটোৱে দক্ষিণ আফ্ৰিকাৰ দেশসমূহ, লেটিন আমেৰিকা আৰু ইৰাণলৈ ডিডিটি আৰু এগ্ৰ’কেমিকেল সামগ্ৰীৰ যোগান ধৰি যথেষ্ট মুনাফা অৰ্জন কৰিছে৷

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই এইচআইএল লিমিটেডৰ এই কৃতিত্বত সন্তোষ প্ৰকাশ কৰিছে৷

 

******

RCJ/RKM/MANN



(Release ID: 1668983) Visitor Counter : 172