বিত্ত আয়োগ
পঞ্চদশ বিত্তীয় আয়োগৰ আলাপ-আলোচনা পর্বৰ সামৰণি
Posted On:
30 OCT 2020 2:20PM by PIB Guwahati
অধ্যক্ষ শ্ৰী এন কে সিঙৰ নেতৃত্বত পঞ্চদশ বিত্তীয় আয়োগ (XVFC)-এ আজি ২০২১-২০২২ চনৰ পৰা ২০২৫-২০২৬ বৰ্ষৰ প্ৰতিবেদনৰ ওপৰত তেওঁলোকৰ আলাপ-আলোচনাৰ সামৰণি মাৰে। প্ৰতিবেদনখনত XVFCৰ অধ্যক্ষ শ্ৰী এন কে সিঙে স্বাক্ষৰ কৰিছিল। ইয়াৰ উপৰি সদস্য হিচাপে স্বাক্ষৰকাৰী সকলৰ মাজত আছিল আয়োগৰ সদস্য শ্ৰী অজয় নাৰায়ণ ঝা, অধ্যাপক অনুপ সিং, ডঃ অশোক লাহিড়ী আৰু ডঃ ৰমেশ চান্দ।
আয়োগে ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিক ইয়াৰ প্ৰতিবেদন দাখিলৰ বাবে সময় বিচাৰিছিল। এতিয়া ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে আয়োগৰ প্ৰতিবেদন ৯ নৱেম্বৰ ২০২০-ত দাখিল হ'ব।
আয়োগে পৰৱৰ্তী মাহৰ পিছত সন্মানীয় প্ৰধান মন্ত্ৰীৰ ওচৰত প্ৰতিবেদনৰ এটা প্ৰতিলিপিও উপস্থাপন কৰিব।
আয়োগৰ প্ৰতিবেদনখন কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ গৃহীত পদক্ষেপ সম্বলিত পূৰ্ণাংগ বিৱৰণৰ সৈতে সংসদত উত্থাপন কৰিব। প্ৰতিবেদনখনত ৫ বিত্তীয় বছৰ ২০২১-২২ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ বিভিন্ন বিষয়ত প্ৰস্তাৱ আছে। ২০১৯ চনৰ ডিচেম্বৰত সন্মানীয় ৰাষ্ট্ৰপতিক উপস্থাপন কৰা পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ XVFCৰ প্ৰতিবেদন খন চৰকাৰে এক পদক্ষেপ গ্ৰহণ প্ৰতিবেদনৰ সৈতে সংসদত উথ্থাপন কৰিছিল।
সংবিধানৰ ২৮০ নং অনুচ্ছেদৰ (১) ধাৰা অনুসৰি ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিয়ে XV-FC গঠন কৰিছিল। আয়োগৰ অধ্যক্ষ হিচাপে শ্ৰী এন. কে. সিঙক নিযুক্ত কৰা হয়। ইয়াৰ উপৰি সদস্য হিচাপে নিয়োগ কৰা হয় শ্ৰী শক্তিকান্ত দাস, ডঃ অনুপ সিং, ডঃ অশোক লাহিড়ী আৰু ৰমেশ চান্দক। আয়োগৰ সচিব হব শ্ৰী অৰবিন্দ মেহতা। শ্ৰী শক্তিকান্ত দাসে অব্যাহতি লোৱাত শ্ৰী অজয় নাৰায়ণ ঝাক সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল।
আয়োগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ, বিভিন্ন পৰ্য্যায়ত স্থানীয় চৰকাৰ, পূৰ্বৰ বিত্ত আয়োগৰ অধ্যক্ষ আৰু সদস্য, আয়োগৰ উপদেষ্টা সভা আৰু অন্যান্য ডমেইন বিশেষজ্ঞ আৰু বহু-শৈক্ষিক প্ৰতিষ্ঠানৰ সৈতে বিস্তৃত আলোচনাৰ পিছত তেওঁলোকৰ প্ৰতিবেদন চূড়ান্ত কৰিছে।
******
MC/KG
(Release ID: 1668981)
Visitor Counter : 655
Read this release in:
Marathi
,
Tamil
,
Kannada
,
Hindi
,
Punjabi
,
Manipuri
,
English
,
Urdu
,
Bengali
,
Telugu
,
Malayalam