স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
টেষ্টিঙত ভাৰতে ক্ৰমবৰ্ধমান উত্থান দেখিবলৈ পাইছে
যোৱা ৯দিনত ১কোটি টেষ্ট সম্পন্ন
বিগত ৬ সপ্তাহত দৈনিক প্ৰায় ১১লাখ টেষ্ট সম্পন্ন হৈছে
টেষ্টিং বৃদ্ধি হোৱাৰ বিপৰীতে পজিটিভ পৰিঘটনা ক্ৰমাগতভাৱে হ্ৰাস পাইছে
प्रविष्टि तिथि:
29 OCT 2020 1:38PM by PIB Guwahati
ভাৰতে জানুৱাৰী,২০২০ৰ পৰা কোভিড-১৯ টেষ্টিং আন্তঃগাথনি ক্ৰমাগতভাৱে বৃদ্ধি কৰি আহিছে। ইয়াৰ ফলত টেষ্টিঙৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি হোৱা দেখা গৈছে। দেশৰ টেষ্টিং সক্ষমতা কেইবাগুণো বৃদ্ধি পাইছে। এতিয়া দৈনিক প্ৰায় ১৫লাখ টেষ্ট সম্পন্ন কৰিব পৰা হৈছে।
যোৱা ২৪ ঘণ্টাত ১০,৭৫,৭৬০ টেষ্ট সম্পন্ন হৈছে আৰু মুঠ টেষ্টৰ সংখ্যা ১০.৬৫ কোটি অতিক্ৰম কৰিছে।
বিগত ৬ সপ্তাহত দৈনিক প্ৰায় ১১ লাখ টেষ্ট সম্পন্ন হৈছে।
ধাৰাবাহিক টেষ্টিঙৰ ফলত পজিটিভিটী ৰেট হ্ৰাস পোৱা দেখা গৈছে। মুঠ পজিটিভিটী ৰেট নিৰন্তৰভাৱে হ্ৰাস পাইছে আৰু আজি ৭.৫৪ শতাংশ স্পৰ্শ কৰিছে।
যোৱা ৯দিনত এক কোটি টেষ্ট সম্পন্ন হৈছে। দৈনিক পজিটিভিটী ৰেট হ’ল ৪.৬৪শতাংশ।
সক্ৰিয় পৰিঘটনাৰ ক্ষেত্ৰত ভাৰতে ক্ৰম হ্ৰাসমান ট্ৰেণ্ড অব্যাহত ৰাখিছে। আজি সক্ৰিয় পৰিঘটনাৰ পৰিমাণ হ’ল ৬,০৩,৬৮৭। দেশৰ মুঠ পজিটিভ পৰিঘটনাৰ এই মাত্ৰ ৭.৫১ শতাংশ।
সক্ৰিয় পৰিঘটনাৰ হ্ৰাসে সুস্থ হোৱাৰ লোকৰ সংখ্যা বৃদ্ধিতো সহায় কৰিছে। সুস্থ হোৱা মুঠ লোকৰ সংখ্যাই ৭৩ লাখ অতিক্ৰম কৰিছে।
বিগত ২৪ ঘণ্টাত ৫৬,৪৮০গৰাকী লোক সুস্থ হৈছে আৰু নতুন সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৯,৮৮১গৰাকী।
****
MV/SJ/MS
(रिलीज़ आईडी: 1668766)
आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada