কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

পেকেজিঙৰ ক্ষেত্ৰত মৰাপাটৰ উপকৰণৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ বাবে নিয়ম সম্প্রসাৰণত অনুমোদন কেবিনেটৰ

Posted On: 29 OCT 2020 3:46PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ সভাপতিত্বত অর্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অনুমোদন জনাইছে যে ১০০ শতাংশ খাদ্যশস্য আৰু ২০ শতাংশ চেনী বিভিন্ন প্ৰকাৰৰ মৰাপাটৰ মোনাত বাধ্যতামূলকভাৱে পেক কৰা হব ।

 

বিভিন্ন প্ৰকাৰৰ মৰাপাটৰ বেগত চেনী পেক কৰাৰ সিদ্ধান্তৰ ফলত মৰাপাট উদ্যোগে গতি লাভ কৰিব। ইয়াৰ উপৰি এয়াও বাধ্যতামূলক কৰা হৈছে যে খাদ্যশস্য পেকিং কৰাৰ বাবে প্রাথমিকভাৱে ১০ শতাংশ মৰাপাটৰ বেগ জেম পর্টেলত ৰিভাৰ্ছ নিলামৰ জৰিয়তে ক্ৰয় কৰা হব। ১৯৮৭ চনৰ জুট পেকেজিং মেটেৰিয়েল (জেপিএম) আইনৰ অধীনত চৰকাৰে বাধ্যতামূলকভাৱে পেকেজিং নীতিৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে।

 

মৰাপাট পেকেজিং উপকৰণৰ যোগানৰ ক্ষেত্ৰত কোনোধৰণৰ ঘাটি নাইবা বাধা আহিলে নাইবা অন্য কোনো প্ৰতিকূল পৰিস্থিতিৰ উদ্ভৱ হলে বস্ত্র মন্ত্রালয়ে সংশ্লিষ্ট মন্ত্রালয়ৰ মন্ত্রীসকলৰ সৈতে আলোচনা কৰি এই নিয়ম অধিক শিথিল কৰিব পাৰে।

 

 

মৰাপাট খণ্ডত প্রায় ৩.৭ লাখ শ্রমিক আৰু কেইবা লাখ কৃষকৰ পৰিয়ালৰ জীৱন-জীৱিকা নির্ভৰ কৰে। সেয়ে মৰাপাট খণ্ডৰ সৈতে জড়িত উদ্যোগৰ উন্নয়নৰ বাবে চৰকাৰে সন্নিবিষ্ট প্ৰচেষ্টা হাতত লৈ আহিছে। কেঁচা মৰাপাটৰ গুণমান আৰু উৎপাদনশীলতা বৃদ্ধি কৰা, মৰাপাট উদ্যোগ খণ্ডৰ বৈচিত্র্যকৰণ আৰু মৰাপাটজাতীয় সামগ্ৰীৰ চাহিদা আৰু বহনক্ষম উন্নয়নৰ উদ্দেশ্যে এই প্রচেষ্টা হাতত লোৱা হৈছে।

 

লাভঃ

 

চৰকাৰৰ এই অনুমোদনৰ ফলত দেশৰ পূব আৰু উত্তৰ-পূর্বাঞ্চলৰ কৃষক আৰু শ্রমিকসকল বিশেষভাৱে পশ্চিমবংগ, বিহাৰ, ওড়িষা, অসম, অন্ধ্রপ্রদেশ, মেঘালয় আৰু ত্রিপুৰাৰ কৃষকসকলে বিশেষ সুবিধা লাভ কৰিব।

 

 

১৯৮৭ চনত মৰাপাট পেকেজিং সামগ্রী (পেকেজিং সামগ্ৰীৰ বাধ্যতামূলক ব্যৱহাৰ) আইনৰ অধীনত চৰকাৰে কিছু পণ্য সৰবৰাহ আৰু বিতৰণত মৰাপাট পেকেজিং সামগ্রীৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে। কেঁচা মৰাপাট উপাদন, মৰাপাট পেকেজিং সামগ্রী আৰু মৰাপাট উদ্যোগৰ সৈতে জড়িত ব্যক্তিসকলৰ সুবিধার্থে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰৰ বর্তমান প্রস্তাৱিত সংৰক্ষিত নীতি অনুসৰি ভাৰতত কেঁচা মৰাপাট আৰু মৰাপাট পেকেজিং সামগ্রীৰ অভ্যন্তৰীণ উৎপাদন আৰু বৃদ্ধি হব। ইয়াৰ ফলত ভাৰত স্বনির্ভৰশীলতাৰ লগতে আত্মনির্ভৰ ভাৰতহৈ উঠিব।

 

 

মৰাপাট উদ্যোগ মূলতঃ চৰকাৰী খণ্ডৰ ওপৰত নির্ভৰশীল। চৰকাৰে প্রতি বছৰে খাদ্যশস্য পেকেজিঙৰ বাবে ৭,৫০০ কোটি টকা মূল্যৰ মৰাপাটৰ বেগ ক্ৰয় কৰে। মৰাপাট উদ্যোগ খণ্ডৰ মূল চাহিদা বজায় ৰাখিবলৈ আৰু এই খণ্ডৰ ওপৰত নির্ভৰশীল শ্রমিক আৰু কৃষকসকলৰ জীৱিকা নির্বাহৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

মৰাপাট খণ্ডক প্ৰদান কৰা অন্যান্য সহায়ঃ

 

মৰাপাট আইচিএআৰই (আইকেয়াৰ) নামৰ নিৰাপদ ব্যৱস্থাপনাৰ সহায়ত কেঁচা মৰাপাটৰ মানদণ্ড আৰু উপাদন বৃদ্ধিৰ লক্ষ্যেৰে চৰকাৰে সকলোধৰণৰ সহায় কৰি আহিছে। ইয়াৰ অধীনত বিভিন্ন প্ৰকাৰৰ কৃষি পদ্ধতি উপলব্ধ কৰি ২লাখ মৰাপাট কৃষকক ছীড ড্ৰীল ব্যৱহাৰ কৰি ৰোপণ কৰা, হুইল-হোৱিং আৰু নেইল উইডাৰছ ব্যৱহাৰ কৰি অপচয় ব্যৱস্থাপনা, মানদণ্ডৰ প্ৰমাণিত বীজ বিতৰণ আদি সহায় কৰা হৈছে। কেঁচা মৰাপাটৰ গুণগত মান আৰু উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্যেৰে এই প্ৰচেষ্টা হাতত লোৱা হৈছে। ইয়াৰ ফলত প্রতি হেক্টৰ ভূমিত কৃষকসকলৰ প্রায় ১০ হাজাৰ টকা আয় বৃদ্ধি হৈছে।

 

সম্প্রতি জুট কর্পোৰেশ্যন অৱ ইণ্ডিয়াই বাণিজ্যিক ভিত্তিত ১০ হাজাৰ কুইন্টল বীজ বিতৰণৰ বাবে ৰাষ্ট্ৰীয় বীজ কর্পোৰেশ্যনৰ সৈতে এক বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰিছে। ইয়াৰ উপৰি আধুনিক প্রযুক্তিৰ ব্যৱহাৰ আৰু প্ৰমাণিত বীজ বিতৰণৰ ফলত মৰাপাটৰ উৎপাদনশীলতা আৰু গুণগত মান বৃদ্ধি হৈছে আৰু কৃষকসকলৰ আয় বৃদ্ধি পাইছে।

 

মৰাপাট খণ্ডৰ বৈচিত্র্যকৰণৰ লক্ষ্যেৰে ৰাষ্ট্ৰীয় মৰাপাট বৰ্ডে নেশ্যনেল ইন্সটিটিউট অৱ ডিজাইনৰ সহযোগিতাত গান্ধীনগৰত এটা মৰাপাট চানেকি কেন্দ্র আৰম্ভ কৰিছে। ইয়াৰ উপৰি বিভিন্ন ৰাজ্য চৰকাৰ বিশেষভাৱে উত্তৰ-পূর্বাঞ্চলত জুট জিঅ টেক্সটাইল আৰু কৃষি ভিত্তিক বস্ত্র শিল্পৰ প্রচাৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে। এইক্ষেত্ৰত পথ পৰিবহন আৰু জলসম্পদ মন্ত্রালয়ৰ দৰে বিভিন্ন বিভাগৰ পৰা সহযোগিতা লাভ কৰা গৈছে।

 

মৰাপাট খণ্ডত চাহিদা বৃদ্ধিৰ লক্ষ্যেৰে ভাৰত চৰকাৰে বাংলাদেশ আৰু নেপালৰ পৰা মৰাপাটজাতীয় সামগ্ৰীৰ আমদানিৰ ওপৰত ২০১৭ চনৰ ৫জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত এণ্টি ডাম্পিং শুল্ক আৰোপ কৰিছে।

 

মৰাপাট খণ্ডত স্বচ্ছতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ২০১৬ চনৰ ডিচেম্বৰতপাট স্মার্টনামৰ এক ই-চৰকাৰী প্ৰচেষ্টা হাতত লোৱা হৈছিল। ইয়াৰ উপৰি জুট কর্পোৰেশ্যন অৱ ইণ্ডিয়াই ন্যূনতম সহায়ক মূল্য আৰু বাণিজ্যিক অভিযানৰ অধীনত মৰাপাটৰ অনলাইন ক্রয়ৰ বাবে মৰাপাট কৃষকক ১০০ শতাংশ পুঁজি হস্তান্তৰ কৰিছে।

       

 ******************************************************

VRRK/KG



(Release ID: 1668741) Visitor Counter : 386