কেবিনেট

তথ্য আৰু যোগাযোগ প্ৰযুক্তি ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত-জাপান চুক্তি সম্পাদন সম্পৰ্কীয় প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

Posted On: 29 OCT 2020 3:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবনেটৰ সভাই তথ্য আৰু যোগাযোগ প্ৰযুক্তি’ (আইচিটি) ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে ‘ভাৰত-জাপান সহযোগিতা চুক্তি’(এমঅ’চি) সম্পাদন সম্পৰ্কীয় এক প্ৰস্তাৱলৈ অনুমোদন জনাইছে।

এই ‘এমঅ’চি’-য়ে দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে যোগযোগ ক্ষেত্ৰত থকা পাৰস্পৰিক বুজাবুজিক অদিক প্ৰগাঢ় কৰাত অৰিহণা আগবঢ়াব। এই চুক্তিয়ে জাপানক ভাৰতৰ ‘বিশেষ ৰণ-কৌশলগত আৰু গোলকীয় সহযোগী’ হিচাপে চিহ্নিত কৰাৰ ক্ষেত্ৰত কৌশলগত পদক্ষেপ হিচাপে ভূমিকা পালন কৰিব।

এই ‘এমঅ’চি’-য়ে বিভিন্ন ক্ষেত্ৰ যেনে: ৫জি নেটৱৰ্ক, দূৰ-সংযোগ সুৰক্ষা, সামুদ্ৰিক কেবল, যোগাযোগ-প্ৰযুক্তি উপকৰণৰ মানক নিৰূপণ তথা প্ৰত্যিয়িতকৰণ, শেহতীয়া অনাতাঁৰ প্ৰযুক্তি আৰু আইচিটিৰ সদ্ব্যৱহাৰ, আইচিটিৰ সামৰ্থ্য বৰ্দ্ধন, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স(এআই)-ব্লক চেইন, স্পেক্ট্ৰাম চেইন, স্পেক্ট্ৰাম প্ৰবন্ধন, বহুপক্ষীয় মঞ্চত সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ সহযোগিতাক অধিক সহায় আগবঢ়াব।

ই, গোলকীয় মানক প্ৰক্ৰিয়াত প্ৰৱেশৰ ক্ষেত্ৰত ভাৰতৰ সম্ভাৱনীয়তাক অধিক প্ৰসাৰিত কৰিব। ইফালে, ‘আইচিটি’ৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিয়ে দেশত ‘আইচিটি’ আন্তঃগাঁথনি স্থাপনৰ ক্ষেত্ৰকো অধিক শক্তি প্ৰদান কৰিব। ভৱিষ্যতৰ সামুদ্ৰিক কেবল নেটৱৰ্ক ব্যৱস্থাৰ উন্নয়ণে দূৰ-সুদূৰৰ অঞ্চলসমূহক দেশৰ মূল ভূ-খণ্ডৰে সংযোজিত কৰাৰ ক্ষেত্ৰত অধিক সহায় আগবঢ়াব। ‘আইচিটি’-ক্ষেত্ৰত মানৱ সম্পদৰ সামৰ্থ্য বৰ্দ্ধনৰ দিশতো এই ‘এমঅ’চি’-য়ে সহায় কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ স্বপ্ন সাকাৰ কৰাৰ ক্ষেত্ৰতো অৰিহণা আগবঢ়াব।

******

VRRK/KB



(Release ID: 1668518) Visitor Counter : 188